ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমা সদৰৰ পূব দিশে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত তথা চিয়াং-ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল। পবা বনাঞ্চলৰ সমীপৰ ঐৰামঘাটৰ সমীপত চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল। তাহানিতে ধেমাজি জিলাখনো সেউজবুলীয়া বনভূমি আৰু বন্য জীৱ-জন্তুৰে ভৰপূৰ আছিল। কিন্তু জনসংখ্যা বাঢ়ি মানুহৰ কাৰ্যকলাপ বৃদ্ধি পাই অহাৰ লগে লগে ইয়াৰ সেউজবুলীয়া বনভূমি আৰু বন্য জীৱ-জন্তুবোৰ ক্ৰমে নোহোৱা হৈ আহিছে।
বিৱৰণ
পবা এখন সাধাৰণ অৰণ্য নহয়, ই এখন সমৃদ্ধিশালী বৰ্ষাৰণ্য। বৰ্ষাৰণ্য বা Rainforest হৈছে এনে এক অৰণ্য য’ত বছৰটোৰ বাৰ মাহেই সেমেকা পৰিৱেশ বিৰাজ কৰি থাকে। আৰু এনে অৰণ্যবিশিষ্ট অঞ্চলত অৰ্থাৎ বৰ্ষাৰণ্যত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈ বেছি হোৱা দেখা যায়। বৰ্ষাৰণ্যত ডাঙৰ ডাঙৰ বৃক্ষ, জোপোহা বৃক্ষ, গুল্ম, ঢেঁকীয়াজাতীয় উদ্ভিদৰ লগতে বিভিন্ন বৃক্ষৰ সমাহাৰত এক জটিল তৰপৰ সৃষ্টি হয়। এই তৰপীয়া প্ৰক্ৰিয়াটো ঠাইভেদে বেলেগ হোৱা দেখা যায়। সাধাৰণতে এই অৰণ্যৰ উদ্ভিদৰাজিৰ চাৰিটা স্তৰ পৰিলক্ষিত হয়। এনে অৰণ্যত শীৰ্ষস্তৰতো ওখ ওখ গছ দেখিবলৈ পোৱা যায়। যাক কোৱা হয় Emergent Layer বা শীৰ্ষস্তৰ। শীৰ্ষ গছবোৰ সাধাৰণতে ১১৫ ৰ পৰা ১৫০ ফুট ওখ হয়। সাধাৰণতে এনেধৰণৰ গছৰ পাতবোৰ সৰু আৰু দেখাত মেলি থোৱা ছাতিৰ দৰে, গা-গছডাল ওখ আৰু ক্ষীণ। শীৰ্ষস্তৰৰ ঠিক তলতে সেউজীয়া দলিচাৰ দৰে আন এটা স্তৰ দেখিবলৈ পোৱা যায়। Rainforest-ৰ ভাষাত ইয়াক Canopy Layer বা মধ্যস্তৰ বুলি কোৱা হয়। মধ্যস্তৰতো গছবোৰ সাধাৰণতে ৬৫ ৰ পৰা ১০০ ফুট উচ্ছতাৰ হয়। সাধাৰণতে শীৰ্ষস্তৰ আৰু মধ্যস্তৰৰ গছবোৰে গোটেই অৰণ্যভাগ এটা বৃহৎ ছাতিৰ দৰে ঢাকি ৰাখে। মধ্যস্তৰৰ ঠিক তলতে ১৫ ৰ পৰা ২০ ফুট উচ্ছতাৰ জোপোহা আৰু অপৈণত গছ দেখিবলৈ পোৱা যায়। এইটোৱে হৈছে নিম্নস্তৰ বা Understory Layer। নিম্নস্তৰৰ বেছিভাগ গছৰে মূৰবোৰ দীঘলীয়া। বৰ্ষাৰণ্যৰ ভূমিভাগ সাধাৰণতে বিভিন্ন উদ্ভিদেৰে পৰিপূৰ্ণ। এই ভূমি সংলগ্ন বিভিন্ন উদ্ভিদ যেনে– ঢেঁকীয়াজাতীয়, গুল্মজাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ কচু, বেত, বনৰীয়া কলগছ, ঘাঁহজাতীয় উদ্ভিদ আদি দেখিবলৈ পোৱা যায়। বৰ্ষাৰণ্যত ডাঙৰ বৃক্ষ, জোপোহা গছ, গুল্ম, ঢেঁকীয়া, শেলুৱৈজাতৰ উদ্ভিদৰ লগতে বিভিন্ন গছৰ সমহাৰত এক জটিল তৰপৰ সৃষ্টি হয়। বৰ্ষাৰণ্যৰ শীৰ্ষস্তৰৰ পৰা ভূমিসংলগ্ন স্তৰলৈ বিভিন্ন প্ৰজাতিৰ আপুৰুগীয়া প্ৰাণীৰ উত্তম বাসস্থান হিচাপে পৰিগণিত। বৰ্ষাৰণ্যৰ প্ৰতিটো জীৱই ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিস্থিতি তন্ত্ৰটোৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰতিটো সদস্যৰে গুৰুত্ব অপৰিসীম। বৰ্ষাৰণ্য জীৱ-বৈচিত্ৰ্যৰ ভাণ্ডাৰ। সেয়ে বৰ্ষাৰণ্য পবাৰ সংৰক্ষণৰ গুৰুত্ব অপৰিসীম।
জৈৱবৈচিত্ৰ
গছ-গছনি
বৰ্ষাৰণ্য পবাত ডাঙৰ ডাঙৰ বৃক্ষ, জোপোহা বৃক্ষ, গুল্ম, ঢেঁকীয়াজাতীয় উদ্ভিদৰ লগতে বিভিন্ন প্ৰজাতিৰ কচু, বেত, বনৰীয়া কলগছ, ঘাঁহজাতীয় উদ্ভিদ আদি দেখিবলৈ পোৱা যায়। বিশেষকৈ পবা বনাঞ্চলত ভেঁহ, হোলোং, হাতীফলীয়া, অমৰা, আম, আমলখি, আঁহত, বট, পিছলা, শলখ, শিমলু, গমাৰী, শিলিখা, ভোমোৰা, পমা, বনজামু, মজ, ধূনা গছ, বৰগছ, ডিমৰু, মেকাই, মদাৰ, এজাৰ, চাম, চতিয়না, কাঠআলু, প্ৰেমলতা ঔষধি গছ-লতা আৰু বনৰীয়া শাক-পাচলি দেখিবলৈ পোৱা যায়। ইকৰা, নল-খাগৰি, বিৰিণা, কঁহুৱা, তৰা, খেৰ, বেত, দল, এৰালি, পুনি, পাটিদৈ, মেটেকা, ভেঁট, কলমৌ, হেলচী, পানী-শিঙৰি, কচু, ঢেঁকীয়া, বিহলঙনি আদি ঘাঁহজাতীয় উদ্ভিদ জলাশয়বোৰত ভৰি আছে।
পক্ষী
পবাৰ অৰণ্যভাগৰ লগতে আদ্ৰৰ্ভূমি আৰু চিয়াং নদীত বনকুকুৰা, ফেঁচা, হুদু, ধনেশ, ফুটুকা ফেঁচা, বগলী, শামুকভঙা, বনৰীয়া ৰাজহাঁহ, পানী কাউৰী, দৈকলা, বনৰীয়া হাঁহ, মাছৰোকা, কণামুচৰি, পখৰা মাছৰোকা, গো-বক, মাজুবক, বৰ-বক, মণিয়ৰী, ডাউক, কামচৰাই, বাদুলি, ঘৰ-শালিকা, কপৌ, চিলনী, দলপুঙা, গঙাচিলনী, ভেলা, আজান, ঘিলাহাঁহ, পাতিহাঁহ, কুৰুৱা, শেন চৰাই, বালিঘোঁৰা, ধৃতৰাজ, শৰালি হাঁহ, দেওহাঁহ (অসমৰ ৰাজ্যিক চৰাই), ফুটুকীহাঁহ, খণ্টিয়া হাঁহ, চাকৈচকোৱা ইত্যাদি বিভিন্ন থলুৱা আৰু পৰিভ্ৰমী চৰাই-চিৰিকটি দেখিবলৈ পোৱা যায়। বিশেষকৈ শীতকালত দেশ-বিদেশৰ পৰা অহা পৰিভ্ৰমী বিভিন্ন চৰায়ে চিয়াং নদীৰ বুকুত জলকেলি কৰি শীতৰ পৰিৱেশ মুখৰ কৰে।
জীৱ-জন্তু
বিভিন্ন দুষ্প্ৰাপ্য জীৱ-জন্তুৰে সমৃদ্ধ বৰ্ষাৰণ্য পবা বনাঞ্চলত বনৰীয়া হাতী, লাজুকী বান্দৰ, মলুৱা বান্দৰ, অসমীয়া বান্দৰ, বনগাহৰি, হৰিণা, সুগৰী পহু, কেৰ্কেটুৱা, নেউল, হেঁপা, বন-ৰৌ, কেঁটেলা পহু, শৰপহু, শিয়াল, অজগৰ, বিভিন্ন প্ৰজাতিৰ সাপ, বিভিন্ন প্ৰজাতিৰ কাছ-ভেকুলী আদি পোৱা যায়। পবা সৰীসৃপ স্তন্যপায়ী প্ৰাণী আৰু উভচৰ প্ৰাণীৰ আদৰ্শ বাসভূমি। তদুপৰি তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য আৰু অৰুণাচলৰ ডি ইৰিং বন্যপ্ৰাণী উদ্যানৰ পৰা হাতী-বাঘ আৰু বিভিন্ন প্ৰজাতিৰ পশু-পক্ষীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নদীদ্বীপ কবু চাপৰিক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি পবা বনাঞ্চলত বিচৰণ কৰে।
গ্ৰন্থপঞ্জী
- পেগু,ৰয়েল, বৰ্ষাৰণ্য পবা শতিকা-গৰকা দুলুঙৰ জীৱ-বৈচিত্ৰ্য,সদৌ অসম ছাত্ৰ সন্থা, জানুৱাৰী, ২০১৮
- চমুৱা, ড॰ নৱ কুমাৰ, অসমৰ বৰ্ষাৰণ্য, নক্সা, জানুৱাৰী, ২০১৮ প্ৰকাশন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পবা বৰ্ষাৰণ্য” প্ৰবন্ধৰ সংশোধন ৪১৪৬৮১ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।