অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

উল্টাপানী সংৰক্ষিত বনাঞ্চল

উল্টাপানী সংৰক্ষিত বনাঞ্চল অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল॥ ই মানস জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ হলটুগাওঁ বন বিভাগৰ অধীনত। এই সংৰক্ষিত অঞ্চল চিৰাং সংৰক্ষিত বনাঞ্চলৰ এটা অংশ। বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ লগতে এই বনাঞ্চল 'পখিলা অঞ্চল' হিচাপে বিখ্যাত।

হালনাগাদ: ৯ মে’ ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

উল্টাপানী সংৰক্ষিত বনাঞ্চল অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল॥১ ই মানস জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ হলটুগাওঁ বন বিভাগৰ অধীনত। এই সংৰক্ষিত অঞ্চল চিৰাং সংৰক্ষিত বনাঞ্চলৰ এটা অংশ। বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ লগতে এই বনাঞ্চল 'পখিলা অঞ্চল' হিচাপে বিখ্যাত।২

নামৰ উৎপত্তি

উল্টাপানী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে বৈ যোৱা নদীখন আন নদীৰ বিপৰীতে পশ্চিমৰ পূবলৈ বয়। ইয়াৰ পৰায়ে ইয়াৰ নাম উল্টাপানী হৈছে।

জৈৱ বৈচিত্ৰ্য

উলটাপানি সংৰক্ষিত বনাঞ্চল মনস জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। ইয়াত ঘাইকৈ অৰ্ধ চিৰসেউজীয়া আৰু আৰ্দ্ৰ পৰ্ণপাতী উদ্ভিদ দেখিবলৈ পোৱা যায়। উল্টাপানীক 'পখিলাৰ স্বৰ্গ' বুলি অভিহিত কৰা হয়। বিভিন্ন প্ৰজাতিৰ পখিলাৰ লগতে দুষ্প্ৰাপ্য সোণালী বান্দৰ আৰু ধনেশ পক্ষীৰ বাবে ই বিখ্যাত। সেইদৰে তদুপৰি ইয়াত বিভিন্ন প্ৰকাৰৰ অৰ্কিড পোৱা যায়।৩

বিশেষত্ব

উল্টাপানী বনাঞ্চলৰ মাজেৰে বৈ যোৱা শামুখা নদীৰ দাঁতিত কিছুমান উদ্ভিদে সাগৰীয় মেনগ্ৰোভ বনত দেখা পোৱা বায়বীয় শিপাৰ বিশেষ প্ৰকাৰৰ ৰূপান্তৰিত ৰূপ নিউমাটোফৰ দেখা যায়।<ref name=irj> তদুপৰি ইয়াৰ গৰম পানীৰ নিজৰা এটা আছে। ছালফাৰ, কেলচিয়াম কাৰ্বনেট আৰু কেলচিয়াম চিলাইকেট আদিৰ উপস্থিতিৰ বাবে ইয়াত গৰম পানীৰ নিজৰাৰ উৎপত্তি হৈছে বুলি ধাৰণা কৰা হৈছে।৩

অৱস্থান

উল্টাপানী সংৰক্ষিত বনাঞ্চল কোকৰাঝাৰ চহৰৰ পৰা ৫৫ কিঃমিঃ নিলগত অৱস্থিত। নিকটৱৰ্তী বিমানবন্দৰ হৈছে ৰূপসী বিমানবন্দৰ।

তথ্যসূত্ৰ

  1. ↑ Ultapani Forest Block Village in Kokrajhar (Kokrajhar) Assam · villageinfo.in. villageinfo.in
  2. ↑ Publication (PDF): Diversity and Conservation of Ultapani Reserve Forest of Assam: Problems and Prospects. ResearchGate
  3. ↑ (2012). CONSERVATION OF BIO – DIVERSITY OF ULTAPANI FOREST RANGE UNDER HOLTUGAON DIVISION, MANAS BIOSPHERE RESERVE, ASSAM THROUGH COMMUNITY CONSERVATION PROGRAM�. INTERNATIONAL RESEARCH JOURNAL OF PHARMACY�. পৃ. 167

সম্পৰ্কিত শ্ৰেণী

কোকৰাঝাৰ জিলাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উল্টাপানী সংৰক্ষিত বনাঞ্চল” প্ৰবন্ধৰ সংশোধন ৫০৭১৪২ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।