গড়ভঙা সংৰক্ষিত বনাঞ্চল ( Garbhanga forest reserve; পূৰ্বতে গড়ভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চল) গুৱাহাটী চহৰৰ দক্ষিণ-পশ্চিম দিশৰ এখন সংৰক্ষিত বনাঞ্চল, ভাৰতৰ অসম-মেঘালয় সীমান্তত অৱস্থিত।১ এই বনাঞ্চলখনেই হৈছে গুৱাহাটী চহৰৰ সমীপৱৰ্তী নগৰীয়া বন্যপ্ৰাণীৰ মূল স্থান আৰু জলাশয় এলেকা।২৩
গুৱাহাটীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ (১০ মাইল) দূৰত্বত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চল অসমৰ দক্ষিণ অংশত মেঘালয়ৰ সীমাৰেখাত অৱস্থিত।৪৫ গড়ভঙা সংৰক্ষিত বনাঞ্চল দীপৰ বিলৰ অতি ওচৰত অৱস্থিত, আৰু চহৰ অঞ্চলত অৱস্থিত হোৱাৰ বাবে ইয়াক গুৱাহাটী চহৰৰ এক প্ৰধান সংৰক্ষিত বনাঞ্চল অঞ্চল হিচাপে গণ্য কৰা হয়। ৬৭৮
গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মুঠ মাটিকালি ১৮,৮৬০.৫৮ হেক্টৰ আৰু ই গড়ভঙা আৰু ৰাণী ৰেঞ্জৰ মাজত অৱস্থিত। ইয়াত প্ৰায় ১৪খন গাওঁ আছে, ইয়াৰ বেছি সংখ্যক কাৰ্বি জনগোষ্ঠীৰ লোক বাস কৰে। এই সংৰক্ষিত বনাঞ্চলখনত বাঁহ, চেগুন, শালকে ধৰি বিভিন্ন প্ৰজাতিৰ গছ-গছনি আছে। হাতী, বাঘ, নাহৰফুটুকী, হৰিণ, বনৰীয়া গাহৰি, কেইবাবিধো চৰাইকে ধৰি বিভিন্ন ধৰণৰ জীৱ-জন্তুও এই সংৰক্ষিত বনাঞ্চলখনত বাস কৰে।৯
সীমাৰ চমু বিৱৰণ

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ দক্ষিণে গুৱাহাটী চহৰ আৰু দীপৰ বিল, পূব আৰু উত্তৰে মেঘালয়, আৰু পশ্চিমে ৰাণী ৰেঞ্জেৰে আগুৰি আছে।১০১১১২
উত্তৰ
ভিআইপি ৰোডৰ সমীপৰ বিএছএফৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি উত্তৰ সীমাৰেখাই মাটিয়া, চক্ৰদেও, দীপৰ বিল, মহুৱা পাৰা, পামহী, আৰু মাইনাখুৰুঙৰ মাজেৰে পাৰ হৈ পাছধোৰা নদীলৈকে গৈছে, যিটো গড়ভঙা সংৰক্ষিত বনাঞ্চল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজত উমৈহতীয়া সীমা।১৩ তাৰপৰা ফালবামা, নৱাগাওঁ, নলাপাৰাৰ কাষেৰে লখৰা গাঁৱলৈকে আৰু উত্তৰ-পূৱ কোণত অৱস্থিত শিৱ মন্দিৰলৈকে সীমাৰেখা পাৰ হৈ যায়।
পূব
পূব দিশে সীমাৰেখা বশিষ্ঠ নদীৰ কাষেৰে গৈ চৰকাৰী কলা বিদ্যালয়ৰ সন্মুখলৈকে আৰু তাৰ পিছত ধাৰাটোৰ পিছে পিছে গৈ আছে। স্থায়ী সীমান্ত চকীবোৰ বশিষ্ঠ নদীৰ ওচৰত, তাৰ পিছত পূব সীমাৰেখা উমথানা বন শিবিৰলৈকে গৈছে। বিভিন্ন স্থানত নদীখনৰ নাম সলনি হয়, যেনে উমছিং, উম্পানী, উমৃত আদি। এই সমগ্ৰ অংশটো মেঘালয়ৰ সৈতে আন্তঃৰাজ্যিক সীমা।১৪১৫
দক্ষিণ
উমৃত আৰু উমসোপাৰী নদীৰ সংযোগস্থল ডুমাটি গাঁৱৰ পৰা দক্ষিণ সীমাৰেখা আৰম্ভ হয়। তাৰ পৰা সীমাৰেখা পথাৰ খামালৈকে, তাৰ পিছত মেঘালয়ৰ পৰা ওলাই অহা ৰঙাং নদীলৈকে।
পশ্চিম
পশ্চিম দিশৰ সীমা পথাৰ খামাৰ পৰা আৰম্ভ হয়, তাৰ পিছত উমছাং নদীৰ কাষেৰে জীপেবল ফেয়াৰ ৱেদাৰ ৰোডৰ ওপৰলৈ উঠি যায়। এই বিন্দুৰ পৰা সীমা ভাদিয়াখোৱাৰ নাহৰপাহামেৰে গৈ উমত্ৰু নদীৰ সৈতে মিলি যায় আৰু তাৰ পিছত সীমা ধাৰাটো অনুসৰণ কৰি কপিলী নদীৰ সৈতে মিলিত হয়। ইয়াৰ পিছত সীমা গণপতি, ৰাণী, বহুপাৰা, আন্ধেৰিজুলি, ৰাণী চাহ বাগিচা, সাজনপাৰা, পাটগাঁৱৰ মাজেৰে পাৰ হৈ বি এছ এফৰ মুখ্য কাৰ্যালয়ৰ চুকত থকা আৰম্ভণিৰ বিন্দুটো লগ পায়।
প্ৰাকৃতিক দৃশ্য আৰু জৈৱ বৈচিত্ৰ্য
আগৰ দিনত বিভিন্ন বেচৰকাৰী সংস্থা আৰু গৱেষকসকলে বিৰল জীৱ-জন্তু যেনে চেৰ’(serow), ডাৱৰযুক্ত নাহৰফুটুকী (clouded leopard), বাইছন(bison) আদি আপুৰুগীয়া প্ৰাণী দেখি গড়ভঙাৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিছিল। সেয়েহে কামৰূপ পূৱ সংমণ্ডলৰ কাৰ্য্য পৰিকল্পনা যুগুত কৰাৰ সময়ত গড়ভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ প্ৰাণী আৰু উদ্ভিদৰ বৈচিত্ৰ্যৰ নথিভুক্ত কৰাৰ প্ৰয়াস কৰা হৈছিল।১১
উদ্ভিদ
সংৰক্ষিত বনাঞ্চলখনত বৈচিত্ৰ্যময় উদ্ভিদ আছে। এটা অধ্যয়নত ১৩৯ প্ৰজাতিৰ বৃক্ষ, ১২২টা বনৌষধি আৰু জোপোহা, ৫২ প্ৰজাতিৰ বগাইযোৱা/লতা জাতীয় উদ্ভিদ, ১১ প্ৰজাতিৰ অৰ্কিড আৰু পাঁচ প্ৰজাতিৰ বাঁহ আৰু বেতৰ নথিভুক্ত কৰা হৈছে।১১
প্ৰাণীজগত
গড়ভঙা সংৰক্ষিত বনাঞ্চলখন জীৱ-জন্তুৰে চহকী। বনাঞ্চলখনত মুঠ ৩৬ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ২১৯ প্ৰজাতিৰ চৰাই, ৩৮ প্ৰজাতিৰ সৰীসৃপ, ১৫ প্ৰজাতিৰ উভচৰ প্ৰাণী, ১৬৮ প্ৰজাতিৰ পখিলা আৰু ১৫ প্ৰজাতিৰ মকৰা নথিভুক্ত কৰা হৈছে।১৬১১১৭
বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা
২০২২ চনৰ ৭ এপ্ৰিলত অসম গেজেটত অসমৰ ৰাজ্যপালসকলৰ তালিকায়ে গড়ভঙা সংৰক্ষিত বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি অসমৰ ২৫ সংখ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ় লৈ উঠাৰ প্ৰস্তাৱ আগবঢ়ায়।১৮৭৬২১৯
তথ্যসূত্ৰ
- ↑ Land use/land cover change in rani-garbhanga reserve forest area, Kamrup, Assam · International Journal of Current Research. www.journalcra.com
- ↑ Time, Pratidin. Assam: Garbhanga Reserve Forest to be declared as the Wildlife Sanctuary. Pratidin Time
- ↑ Garbhanga Forest. Whats Hot
- ↑ Gorbhonga Trail. www.adventura.in
- ↑ Staff. (2010-05-20). Assam's Garbhanga Reserve Forest villages march towards development. oneindia.com
- ↑ (2022-04-09). Guwahati: Garbhanga Reserve Forest To Become Wildlife Sanctuary. TIME8
- ↑ (2022-04-09). Garbhanga Forest set to be Assam's 25th wildlife sanctuary. The Meghalayan
- ↑ Adventure · Department of Tourism · Government Of Assam, India. tourism.assam.gov.in
- ↑ About Of Garbhanga Reserve Forest
- ↑ (2022-03-02). Garbhanga Reserve Forest Trek: Best Nature Trail Near Guwahati. travellingslacker.com
- ↑ (2018-09-04). "Awesome Assam" – 20 Days across Assam with our guest from Slovakia. Kaziranga National Park and Tiger Reserve ~ Tour Packages & Safari Bookings Official
- ↑ (2022-04-10). Garbhanga reserve forest likely to be proclaimed as 25th wildlife sanctuary of Assam. India Today NE
- ↑ Bezbaruah, Achinta. (March 2014). Railroad impacts on wetland habitat: GIS and modeling approach. ResearchGate
- ↑ Basistha Temple in Guwahati, Basistha Ashram Temple in Guwahati. www.guwahationline.in
- ↑ Basistha Temple, Guwahati - Info, Timings, Photos, History. TemplePurohit - Your Spiritual Destination · Bhakti, Shraddha Aur Ashirwad
- ↑ (January 2010). Correlations of Rainfall and Forest Type with Papilionid Assemblages in Assam in Northeast India. ResearchGate
- ↑ (2019-12-19). Guwahati: Encroachment threatens Garbhanga reserve forest - News Live
- ↑ NEWS, NE NOW. (2022-04-10). Assam: Garbhanga forest reserve likely to be notified as wildlife sanctuary. NORTHEAST NOW
- ↑ JGT. (2022-04-10). Assam's Garbhanga Reserve Forest to be designated as Wildlife Sanctuary. Just Guwahati Things
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গড়ভঙা সংৰক্ষিত বনাঞ্চল” প্ৰবন্ধৰ সংশোধন ৫৩৮৬৯৩ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।