উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ( North Karbi Anglong Wildlife Sanctuaries ) অসমৰ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত আৰু সেয়ে জীৱ-জন্তুৰ পৰিভ্ৰমণৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম।
ইতিহাস
কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰায় ৯৬ বৰ্গ কিলোমিটাৰ (৯৬০০ হেক্টৰ) অঞ্চল আগুৰি আছে। ২০০০ চনৰ ২১ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনা অনুযায়ী এই অৰণ্য অঞ্চলক অভয়াৰণ্যৰূপে ঘোষণা কৰে। সাগৰপৃষ্ঠৰপৰা অভয়াৰণ্যখনৰ উচ্চতা ঠাই ভেদে ৮০ৰপৰা ৫০০ মিটাৰ।
ভৌগিলিক বিৱৰণ
ই যোৰহাট আৰু ডিফুৰ পৰা ক্ৰমান্বয়ে ৮৮ আৰু ২০৫ কিমি দুৰত্বত অৱস্থিত।১
জলবায়ু
অভয়াৰণ্যখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ কম, গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৪° চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন তাপমাত্ৰা ৬ চেণ্টিগ্ৰেড।
উদ্ভিদ:
অভয়াৰণ্যখনত ক্ৰান্তীয় অৰ্ধ চিৰসেউজ আৰু ঠায়ে ঠায়ে ক্ৰান্তীয় সেমেকা পৰ্ণপাতী অৰণ্যই আগুৰি আছে। তদুপৰি অভয়াৰণ্যখনৰ এক বৃহৎ অঞ্চল বাঁহগছেৰে আগুৰি আছে। হলখ, খকন, ভেলেউ, শিলিখা, ঔ-টেঙা, পমা, বাঁহ আদি প্ৰধান উদ্ভিদ।
প্ৰাণী:
ঢেঁকীয়াপতিয়া বাঘ,শৰপহু, হাতী, বনৰীয়া মেকুৰী,লাজুকী বান্দৰ, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।২
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে এই অভয়াৰণ্যখন লাগি থকা বাবে বানপানীৰ সময়ত কাজিৰঙাৰ গড়, ভালুক, বনৰীয়া ম'হ, খটীয়া পহু, শৰপহু আদিয়ে ইয়াত আশ্ৰয় লয়।
বাহ্যিক সংযোগ
১। উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য (North Karbi Anglong Wildlife Sanctuary)।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫০৭১৪৪ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।