অসমৰ সংস্কৃতি
১৬৫ প্ৰবন্ধ
-
অসমৰ লোকনৃত্য
অসমৰ লোকনৃত্য (Folk dances of Assam)ৰ ভিতৰত বিহু আৰু বাগৰুম্বা (বসন্ত কালত অনুষ্ঠিত হোৱা উৎসৱৰ সময়ত দুয়োটা নৃত্য কৰা), ভোৰতাল, ওজাপালি নৃত্য। অসমত হিন্দু-মুছলমান, ভাৰত-আৰ্য্য, ৰাভা, বডো, ডিমাছা, কাৰ্বি, মিছিং, সোণোৱাল কছাৰী, মিশ্মী আৰু তিৱা (লালুং) ইত্যাদি বহুতো লোকৰ বাসস্থান।
-
আউলা পূজা
আউলা পূজা ( Aula Puja) অসমৰ নলবাৰী অঞ্চলৰ কোনো কোনো ঠাইত প্ৰচলিত এক পূজা৷ এই পূজা সম্পূৰ্ণ নাৰীকেন্দ্ৰিক৷ আউলা পূজাত ব্যৱহৃত গীত-পদক “আউলা নাম’’ বোলা হয়৷
-
আখৈ তোলা
আখৈ তোলা অসমীয়া লোক-সংস্কৃতিৰ এক মাংগলিক কৰ্ম। এই কৰ্ম বা কাম বিবাহ অনুষ্ঠানৰ সতে জড়িত। বৈদিক প্ৰথাৰে সম্পাদিত বিবাহ অনুষ্ঠানত আখৈ তোলা কাৰ্য কৰা হয়। বৈদিক লজ্জ্বাহোম বা লাজহোম-ৰ ক্ৰিয়াকে অসমীয়া জনসমাজত আখৈ তোলা বুলি কোৱা হয়।
-
আঙঠি পিন্ধোৱা
আঙঠি পিন্ধোৱা অসমীয়া পৰম্পৰাগত বিবাহ অনুষ্ঠানৰ সতে জড়িত এক মাংগলিক কাৰ্য। বিবাহৰ বাবে উপযুক্ত ল'ৰালৈ উপযুক্ত কন্যা এগৰাকী ঠিক কৰাৰ পিছত দৰা বা ল'ৰাপক্ষৰ মানুহ কন্যাঘৰলৈ গৈ আঙঠি পিন্ধোৱা পৰ্বটো সমাপন কৰাৰ নিয়ম। অসমৰ সকলো ঠাইতেই এই পৰম্পৰা আছে যদিও ঠাইভেদে নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়।
-
আজিলামু নৃত্য
আজিলামু নৃত্য বা আঞ্জিলামা নৃত্য ছেৰডুকপেন সকলৰ এটি জনপ্ৰিয় নৃত্য। এই নৃত্যত দুজন মানুহে দৈত্যৰ বেশ ধৰি মুখা পিন্ধি, কান্ধলৈকে ওলোমা চুলি মেলি ভয়ংকৰ ভংগিমাত নাচে। ৰজা আৰু ৰাণীৰ পোছাক পিন্ধা দুজন ল’ৰাই এই দৈত্যদুজনৰ লগত যুঁজি ৰণৰ ভঙ্গিমাত নাচে। এয়ে আজিলামু নৃত্য।
-
আপী ওজা
আপী ওজা অবিভক্ত কামৰূপ আৰু দৰং জিলাৰ বিভিন্ন ঠাইত প্ৰচলিত এক শ্ৰেণীৰ ওজা বিশেষ। সেই ওজাপালি দলটোত ওজা, দাইনাপালি আৰু পালি-আটায়ে ছোৱালী। ছোৱালীৰ যি ওজাপালি অনুষ্ঠান, সেয়ে কামৰূপত আপী ওজা আৰু দৰঙত লিকিৰী ওজাপালি ৰূপে খ্যাত। বিয়াহ গোৱা ওজাপালিৰ আদৰ্শতে এইবিধ ওজাপালিৰ বিকাশ।
-
আহমদ আলি বাঁশকান্দি বঁটা
আহমদ আলি বাঁশকান্দি বঁটা হৈছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা প্ৰদান কৰা এটি মৰ্য্যদাপূৰ্ণ বঁটা। এই বঁটা ভাষা, সাহিত্য, সংস্কৃতি আৰু সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰা হয়।
-
ইয়াংলি উৎসৱ
ইয়াংলি উৎসৱ( Iyangli Festival) অসমৰ তিৱা সমাজৰ একাংশৰ মাজত পালিত এক লোকাচাৰ৷ ই এক কৃষিভিত্তিক অনুষ্ঠান৷ তিৱাসকল মূলতঃ জড়বাদী৷ তেওঁলোকে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ যেনে, নদ-নদী, শিল, বাঁ, কাঠৰ কুণ্ডা, ধান-চাউল, খেৰ আদিৰ পূজা কৰে আৰু পূজাৰ অন্তত দেৱ-দেৱীসদৃশ এই উপসৰ্গসমূহক সন্তুষ্ট কৰিবলৈ লেথাৰি…
-
ক'লীবুঢ়ী নাচ
ক’লীবুঢ়ী নাচ বা ক'লী বুঢ়ীৰ নাচ মাঘ বিহুৰ সৈতে জড়িত আৰু কলিয়াবৰৰ ঠাইবিশেষে অনুষ্ঠিত এক লোকানুষ্ঠান। ই কেৱল মহিলাৰ মাজত প্ৰচলিত। ক্ৰমে লুপ্ত হৈ যাব ধৰা এই নাচৰ অনুষ্ঠানে আদিম কৃষিজীৱি অসমীয়া সমাজৰ সৃষ্টিশীল মনক প্ৰকাশ কৰে।
-
কনাই
হেমকোষৰ মতে কনাই হৈছে ডিমৰু গুটি, আৰৈ চাউল আৰু দুৰ্বাৰ টোপোলা; তাক তোলনি বিয়াত সন্তান স্বৰূপ ছোৱালীৰ কোলাত দিয়া যায় আৰু শান্তি বিয়াৰ অন্তত দৰা- কন্যা দুয়ো দুইৰ কোলাত দিয়া দি কৰে। '
-
কাণ বিন্ধনী
কাণ বিন্ধনী বা “কৰ্ণ বেধ’’ ( Karnabedha) নামনি অসমৰ এক সংস্কাৰমূলক অনুষ্ঠান৷ এই অনুষ্ঠান কেৱল নাৰীকেন্দ্ৰিক৷ এই অনুষ্ঠানত ছোৱালীৰ কাণৰ লতিত অলংকাৰ পৰিধান কৰিবলৈ ফুটা কৰা হয়৷ নামনি অসমৰ ঠাইবিশেষে যদিও ই কেৱল মহিলাকেন্দ্ৰিক অনুষ্ঠান; হিন্দু ধৰ্মৰ “ষোড়শ সংস্কাৰ’’ৰ ভিতৰত “কৰ্ণবেধ’’ পুৰুষৰ কাণ বিন্ধা…
-
কাতি পূজা
কাতি পূজা বা কাতিকা পূজা( Kati puja) অসমৰ ঠাইবিশেষে অনুষ্ঠিত হোৱা এক লৌকিক পূজা৷ এই পূজা কেৱল মহিলাৰ দ্বাৰাই অনুষ্ঠিত হয়৷ ভাৰতৰ আন কিছুমান ঠাইত প্ৰচলিত “কাৰ্তিক পূজা’’ মহিলা আৰু অবিবাহিতা যুৱতীসকলৰ মাজত কাতি মাহৰ সংক্ৰান্তিত পতা হয়৷ “কাৰ্তিক পূজা’’ আৰু “কাতি পূজা’’ কাতি মাহৰ সংক্ৰান্তিত পতা হয়…
-
কামাখ্যা দেৱালয়ৰ দেৱলীয়াৰ লেখ
কামাখ্যা মন্দিৰৰ নিত্য-নৈমিত্তিক পূজা সেৱা প্ৰভৃতি সুকলমে চাবলৈ বৰফুকনে ভিন্ন স্তৰৰ লোক নিয়োগ কৰাৰ বহল তালিকা নাও বৈচা ফুকনৰ অসম বুৰঞ্জীত পোৱা যায়। তালিকাখন এনেধৰণৰ- বৰ দেউৰী( দেৱালয়ত পূজা কৰা ব্ৰাহ্মণ), সৰু দেউৰী (বৰ দেউৰী অনুপস্থিতিত পূজা কৰা বাপু) পৰিচালক (নৈবেদ্য সজাই দিয়া লোক), আঠপৰীয়া…
-
কামাখ্যাধামৰ চ'ৰাব্ৰত
আঘোনৰ পূৰ্নিমাৰ তিথিৰ ৰাতিবেলা কামৰূপৰ কোনো কোনো ঠাইৰ দৰে কামাখ্যা ধামতো চ'ৰা-ব্ৰত পালন কৰা হয়। চৰা শব্দৰ অৰ্থ হ'ল - সভক্তিৰে দেৱ দেৱীলৈ আগবঢ়োৱা উপাচাৰ। এই ব্ৰত উপলক্ষে বিৱাহিতা আৰু বিৱাহযোগ্য গাভৰুহঁতে ওৰে দিন উপবাসে থাকি ৰাতি দেৱী কাত্যায়ণীক পূজা কৰে।
-
কামৰূপী সংস্কৃতি
কামৰূপী সংস্কৃতি বুলিলে ঔপনিৱেশিক যুগৰ কামৰূপ জিলাৰ লোকসকলে অনুসৰণ কৰা সাংস্কৃতিক মূল্যবোধক বুজোৱা হয়।
-
কাৰ্বি যুৱ মহোৎসৱ
কাৰ্বি যুৱ মহোৎসৱ উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ পূব আৰু পশ্চিম কাৰ্বি আংলং জিলা আৰু অন্যান্য জিলাত বসবাস কৰা কাৰ্বি জনগোষ্ঠী ৰাইজে উদ্যাপন কৰা এক বাৰ্ষিক উৎসৱ। ইয়াত মাজে মাজে উত্তৰ-পূব ভাৰতৰ অন্যান্য জনজাতি আৰু ৰাজ্যৰ লোকৰো অংশগ্ৰহণ হয়। ইয়াক ভাৰতৰ আটাইতকৈ পুৰণি জনগোষ্ঠীয় উৎসৱ বুলি গণ্য কৰা হয়।
-
খাতিৰ ভাৰ
খাতিৰ ভাৰ হৈছে বিয়া খাটং কৰিবলৈ যাওঁতে দৰাৰ বাপেকে লগত নিয়া এখন বিশেষ ভাৰ। অসমীয়া বিয়াৰ আৰম্ভণিৰে পৰা অন্তিম লৈকে ভাৰ একোখন আগ কৰি নিয়াটো এটা দস্তৰ। দৰা -কইনা ৰাশি জোৰা অহাৰ পিছত বিয়া থিক কৰিবলৈ দৰাৰ পিতৃ কইনাৰ ঘৰলৈ যায়। তেওঁ লগত কেইজন মান লৈ যোৱাটো নিয়ম।
-
গ'লিৰ নাম
গ’লিৰ নাম ( Golir Naam) নামনি অসমৰ ঠাইবিশেষে পতা এক লোক-অনুষ্ঠান৷ ই ৰাখাল পূজা, গৰখীয়া সবাহ, গোপাল ভোগ কৰাৰ দৰেই গৰুৰ মংগল কামনা কৰি গৰখীয়াসকলক আপ্যায়ন কৰা হয়৷ নামনি অসমত গৰু ৰখা ঠাইৰ কথিত ৰূপ গ’লি বা গোলি৷ সেয়ে এই অনুষ্ঠানৰ নাম “গ’লিৰ নাম’’৷ সাধাৰণতে জুন-জুলাই মাহত গ’লিৰ নাম পতা হয়৷ এই সময়ত…
-
গীতালু গীত
গীতালু গীত হৈছে একপ্ৰকাৰ নৃত্য-গীত। অসমৰ হাজং সকলৰ মাজত প্ৰচলিত মনসা -বিষহৰী পূজাৰ প্ৰসংগত অনুষ্ঠিত ওজাপালিয়েই হৈছে গীতালু গীত। গীতালে গোৱা গীতেই 'গীতালুগীত'। গীতাল বা গীতালুৰ সহায়কাৰীসকল পালিৰূপে পৰিচিত।
-
গো-কালিকা পূজা
গো-কালিকা পূজা হ'ল সোণোৱাল কছাৰী সকলৰ ধৰ্মীয় লোকবিশ্বাসৰ লগত জড়িত এক পূজা। গো-পূজাৰ আন এটা নাম হৈছে গো-কালিকা পূজা। গৰু বিহুৰ দিনা অসমৰ কৃষিজীৱী সকলোৱে ঘৰৰ গৰু কেইটাক মাহ-হালধিৰে গা-পা ধুওৱাৰ উপৰিও সন্ধিয়া পিঠা-পনা খুৱাই ন-পঘাৰে আদৰি আনি জাগ দি গো-পূজা কৰাৰ পৰম্পৰা অতীত কালৰ পৰা প্ৰচলিত লোকাচাৰ।
-
গোঁসাই উলিওৱা মেলা
গোঁসাই উলিওৱা মেলা মধ্য অসমৰ নগাঁও জিলাৰ পশ্চিমাঞ্চল আৰু মৰিগাঁও জিলাত অনুষ্ঠিত এক লোক-উৎসৱ। এই উৎসৱ ব’হাগ-জেঠ মাহত পালন কৰা হয়।
-
গোছ উঠা উৎসৱ
গোছ উঠা উৎসৱ, কৃষিজীৱী অসমীয়া গঞা ৰাইজৰ মনত এক পৱিত্ৰ উছৱ৷ কৃষিৰ আৰম্ভণিতে যিদৰে ’গোছ লোৱা’ অনুষ্ঠান পতা হয়; তেনেদৰে কৃষিৰ ফচল সামৰিবৰ পৰত ’গোছ উঠা’ উছৱ পালন কৰা হয়৷ ই এক ঋতুকালীন কৃষিভিত্তিক উছৱ৷ অসমৰ নানা জনগোষ্ঠীয়ে বেলেগ বেলেগ নামেৰে এই গোছ লোৱা উছৱ অনুষ্ঠিত কৰে৷ ডিমা হাচাও জিলাৰ পাহাৰীয়া…
-
গোসাঁই-নাম
গোসাঁই-নাম হ'ল অসমীয়া সমাজত প্ৰচলিত এক শ্ৰেণীৰ মৌখিক সাহিত্য। গোসাঁই-নামৰ গীতবিলাক বালক কৃষ্ণৰ কাহিনীৰ ওপৰত আধাৰিত। কংসৰ কাৰাগাৰত জন্ম হোৱা, যশোদাৰ ঘৰত থাকি বৃন্দাবনত গৰু চৰোৱা, নচা, গোৱা, ধেমালি কৰা-এনেবোৰ কাৰ্যৰ আভাস এই গীতবোৰত পোৱা যায়।
-
গৰখীয়া ভাৰ
অতীতত নামনি অসমত দৰাই বিয়া কৰাবলৈ কন্যাঘৰলৈ যাওঁতে দৰাৰ লগে লগে বাৰগোপালৰ উদ্দেশ্যে এখন ভাৰ ল’ব লাগিছিল ৷ এই ভাৰখনৰ নাম গৰখীয়া ভাৰ ৷ গৰখীয়া ভাৰৰ এটা টেকেলিত বোকা চাউল (কোমল চাউল), অথবা চিৰা, আন এটাত ভাল দৈ, তৃতীয়টোত পকা লাডু, এআশী কল আৰু আন এটা টোপোলাত এপোণ তামোল আৰু এটা পাণ ৰখা হয় ৷ লাডুবোৰ…
-
চাং
চাং ‘বস্তু তুলি থ’বৰ কাৰণে বা মানুহ শুবলৈ অলপ ওখকৈ বাঁহ বা কাঠেৰে সজা যতন' বিধৰ নাম চাং।
-
চাথাৰ
চাথাৰ নাচ ( Chathar Dance) বা “সাথাৰ নাচ’’ অসমত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলৰ বায়-খো পূজাত নচা এবিধ নাচ৷ বায়-খো উৎসৱত হয়মাৰু গীত গাই গাই দান দক্ষিণা সংগ্ৰহ কৰাৰ পিছত বায়-খো পূজা পতা হয়৷ পূজাৰ পিছত চাথাৰ নৃত্য গীত আৰম্ভ হয়৷ এই নৃত্য গীতত অবিবাহিত ডেকা-গাভৰুসকলে অংশগ্ৰহণ কৰে৷ সাথাৰ বা চাথাৰ…
-
চামাদি
চামাদি তিৱাসকলৰ সমাজ সংস্কৃতিত এটি অপৰিহাৰ্য অংগ। তিৱা সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত চামাদিৰ গুৰুত্ব অসীম। প্ৰাচীন কালৰে পৰা তিৱা সকলৰ মাজত চামাদিৰ পৰম্পৰা প্ৰচলিত। তিৱা ভাষাৰ 'চামাদি' শব্দটিৰ অৰ্থ 'ডেকাচাং'।
-
চেও-চাপৰি নাম
চেও-চাপৰি নাম হৈছে অসমীয়া লোকসকলৰ মাজত প্ৰচলিত এবিধ দলীয় পৰিৱেশ্য কলা।। এই চেও চাপৰি নাম প্ৰধানকৈ দৰং জিলাৰ মঙ্গলদৈ অঞ্চলত প্ৰচলিত।
-
চৈতেলী গোৱা
চৈতেলী গোৱা নামনি অসমৰ এক লুপ্তপ্ৰায় লোক-অনুষ্ঠান৷ এই উৎসৱৰ লগত নামনি অসমৰে ম’হখেদা ’মহোহো’ উৎসৱৰ সৈতে সামান্য মিল আছে৷ চৈতেলী গোৱা উৎসৱত নামনি অসমৰ বিভিন্ন টোলত শিক্ষা গ্ৰহণ কৰা ব্ৰাহ্মণ ছাত্ৰসকলে অংশগ্ৰহণ কৰে আৰু মহোহো অনুষ্ঠান গাঁৱৰ শিশু আৰু ডেকাসকলে পালন কৰে৷ চ’ত মাহৰ দোমাহীত গৰুদক্ষিণাৰ বাবে…
-
চৰে-বৰাত
চৰে বৰাত, চৰাই ব্ৰত, চ’ৰেই বৰাত বা চৰাই পূজা হৈছে অসমৰ হাজোৰ এক লোক উৎসৱ। এই উৎসৱ এক প্ৰকাৰৰ ব্ৰত পালন অনুষ্ঠান। এই ব্ৰতক কাত্যায়নী ব্ৰত বুলিও কোৱা হয়।