অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গো-কালিকা পূজা

গো-কালিকা পূজা হ'ল সোণোৱাল কছাৰী সকলৰ ধৰ্মীয় লোকবিশ্বাসৰ লগত জড়িত এক পূজা। গো-পূজাৰ আন এটা নাম হৈছে গো-কালিকা পূজা। গৰু বিহুৰ দিনা অসমৰ কৃষিজীৱী সকলোৱে ঘৰৰ গৰু কেইটাক মাহ-হালধিৰে গা-পা ধুওৱাৰ উপৰিও সন্ধিয়া পিঠা-পনা খুৱাই ন-পঘাৰে আদৰি আনি জাগ দি গো-পূজা কৰাৰ পৰম্পৰা অতীত কালৰ পৰা প্ৰচলিত লোকাচাৰ।

হালনাগাদ: ২৩ জুলাই ২০২৫ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গো-কালিকা পূজা হ'ল সোণোৱাল কছাৰী সকলৰ ধৰ্মীয় লোকবিশ্বাসৰ লগত জড়িত এক পূজা। গো-পূজাৰ আন এটা নাম হৈছে গো-কালিকা পূজা। গৰু বিহুৰ দিনা অসমৰ কৃষিজীৱী সকলোৱে ঘৰৰ গৰু কেইটাক মাহ-হালধিৰে গা-পা ধুওৱাৰ উপৰিও সন্ধিয়া পিঠা-পনা খুৱাই ন-পঘাৰে আদৰি আনি জাগ দি গো-পূজা কৰাৰ পৰম্পৰা অতীত কালৰ পৰা প্ৰচলিত লোকাচাৰ।১ অসমৰ অন্যান্য সমাজেও গৰুৰ বেমাৰ-আজাৰ হ'লে শিৱৰ বাহন বৃষভ আৰু শিৱৰ প্ৰসাদৰূপে প্ৰধানকৈ ভাং এচিলিম খুৱাই নামান্তৰত গো-কালিকা পূজা আয়োজন কৰে। ইয়াতকৈ সোণোৱাল কছাৰীসকলৰ এই পূজাৰ পৰম্পৰা ভালেখিনি পৃথক। তেওঁলোকে অঞ্চলভেদে কুকুৰা বলি দি গো-কালিকা পূজা আয়োজন কৰা দৃষ্টিগোচৰ হয়। এই পূজাৰ দিনা ঘৰৰ সকলো উপবাসে থাকে আৰু গধূলি সময়ত গৰুক পিঠা-পনা খুওৱাৰ পাছত গোহালিত নগছি চাকি-শলিতা জ্বলাই, ন-ভাগ নৈবেদ্যৰ পাতত খাদ্যৰ উপকৰণসমূহ দি তৰোৱালখন লৈ "খ্ৰীং খ্ৰীং খ্ৰীং তাও "বুলি সাতবাৰ তৰোৱালখন শূন্যতে ঘূৰায়। ইয়াৰ পাছত গোহালিৰ বাহিৰত কুকুৰা বলি দি কুকুৰাৰ মাংসৰে তৰকাৰী ৰান্ধি গৰখীয়াৰ সৈতে ভোজ-ভাত খায়। অন্য সময়ত কৰিলে গোহালিৰ কাষতে মাহ-প্ৰসাদ, কল, পিঠা আদিৰে এই গো-কালিকা পূজা আয়োজন কৰা হয়, বলি দিয়া নহয়।২১

পূজাৰ উপকৰণ

গো-কালিকা পূজাৰ উপকৰণবোৰ হ'ল- ন-ভাগ নৈবেদ্যৰ পাত, নগছি চাকি-শলিতা, বিচনি এখন, কাঠৰ তৰোৱাল, গদা এডাল, বাঁহৰ হিলৈ, নটা গুলি (কেঁচা হালধিৰ পৰা বনোৱা), তিনিটা কুকুৰা (এটা ৰঙা কুকুৰা বসুমতীৰ বাবে, এজনী ৰঙা মাইকী কুকুৰা লক্ষ্মীৰ বাবে আৰু আনটো বছৰটো সুকলমে পাৰ কৰাৰ বাবে), এটা কুকুৰা কণী, তামোল-পাণ আদি।২৩

তথ্যসূত্ৰ

  1. ↑ অসমৰ সংস্কৃতি অধ্যয়ন, সম্পাদক-মৃণালী কাগয়ুং, প্ৰকাশক-সৰস্বতী, ২০২০,গোলাঘাট
  2. ↑ অসমৰ লোকসংস্কৃতিৰ আভাস, লেখক - ড° নবীন চন্দ্ৰ শৰ্মা, প্ৰকাশক-বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, ২০২১-গুৱাহাটী
  3. ↑ পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, লেখক- মহেশ্বৰ নেওঁগ, প্ৰকাশক -বাণী মন্দিৰ, ১৯৫৭

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গো-কালিকা পূজা” প্ৰবন্ধৰ সংশোধন ৫২৬৬৩৭ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।