অসমৰ সংস্কৃতি
১৬৫ প্ৰবন্ধ
-
অসমৰ মেটেকা শিল্প
মেটেকা বা পানী মেটেকাৰ শিল্প (Water hyacinth craft of Assam) অসমৰ এক উদীয়মান কুটিৰ শিল্প। এই শিল্পত মেটেকাৰ পৰা হেণ্ডবেগ, পইচা থোৱা বেগ, টেবুল মেট, ফাইল কভাৰ, কলমদানি আদি সজা হয়।
-
অসমৰ মৰাপাট শিল্প
মৰাপাট হৈছে মূলতঃ এছিয়াৰ উপগ্ৰীষ্মমণ্ডলীয় অঞ্চল বিশেষকৈ ভাৰত, বাংলাদেশ আৰু চীনত খেতি কৰা নল সদৃশ উদ্ভিদৰ বাকলিৰ পৰা আহৰণ কৰা আঁহ। কপাহৰ পিছতেই ই দ্বিতীয় বৃহত্তম উদ্ভিদৰ আঁহ আৰু ই বৃহৎ পৰিমাণে উপলব্ধ।
-
আশাৰীকান্দিৰ মৃৎশিল্প
ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ আশাৰিকান্দি গাঁৱত প্ৰচলিত মাটিৰ ভাস্কৰ্য আৰু মৃৎশিল্পৰ পৰম্পৰাগত ৰূপটোৱেই হৈছে আশৰিকান্দিৰ পোৰামাটিৰ শিল্প। ৰাজ্যৰ ভিতৰতে টেৰাকোটা শিল্পীৰ অন্যতম বৃহৎ থুল হিচাপে ব্যাপকভাৱে স্বীকৃতি লাভ কৰা এই শিল্পই অসমৰ পৰম্পৰাগত হস্তশিল্প ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ উপাদানক প্ৰতিনিধিত্ব…
-
কেৰু
কেৰু (𑜀𑜢𑜐𑜫) হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। কেৰু অতীততে চুতীয়া আৰু আহোম ৰাজ্যত প্ৰচলিত আছিল। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে: সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু,জাংফাই কেৰু, লং কেৰু ইত্যাদি।
-
কৰভাৰ
কৰভাৰ( Karbhar) নামনি অসমৰ কিছুমান সত্ৰত প্ৰচলিত এক পৰম্পৰা৷ এই প্ৰথা আৰম্ভ কৰিছিল মাধবদেৱে৷ গুৰুসকলৰ তিৰোভাৱ তিথিত সত্ৰৰ ভকতসকলে বিভিন্ন বস্তু ভাৰ বৈ গায়ন-বায়নসহ আহি সত্ৰক শোধায়, এয়েই কৰভাৰ৷ গুৰু চৰিত কথাত আছে শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁৰ মাহেকীয়া শ্ৰাদ্ধ পাতিবলৈ অৰ্থৰ অভাৱ হোৱাত মাধবদেৱে…
-
গাভৰু চাং
গাভৰু চাং ( Gabharu Chang) অসমত প্ৰাচীন কালৰেপৰা বসবাস কৰি অহা কিছুমান জনজাতীয় সমাজত প্ৰচলিত এক ব্যৱস্থা। এই ব্যৱস্থাৰ দ্বাৰা একোখন গাঁৱত অবিবাহিতা গাভৰুসকলৰ বাবে একোখন উমৈহতীয়া চাংঘৰ থাকে৷ এই চাংঘৰতে গাভৰুসকলে সাংসাৰিক আৰু সামাজিক সকলো বিষয়ৰ শিক্ষা লাভ কৰে৷ ডেকা চাং যিদৰে ডেকাসকলৰ বাবে সাংসাৰিক…
-
গাৰ্জা পূজা
গাৰ্জা পূজা অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক ধৰ্মীয় অনুষ্ঠান। বড়োসকলে ইয়াক 'মওদাই হওনাই' বুলিও কয়। 'মওদাই হওনাই'ৰ অৰ্থ হৈছে অশুভ শক্তি বা অপদেৱতা বিতাড়ন কৰা। ই এক সমূহীয়া ভিত্তিত কৰা পূজা।
-
জিৰকেদাম
কাৰ্বি ডেকা-গাভৰুহঁতৰ কৃষি কৰ্মৰ লগতে জীৱনৰ অত্যাৱশ্যকীয় কৰ্মৰ কেন্দ্ৰ হ'ল জিৰকেদাম। অসমীয়া প্ৰতিশব্দ ডেকা চাং বুলি কোৱা হয় যদিও আগতে ছোৱালীবোৰকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল। এই জিৰকেদামৰ ডেকাসকলৰ প্ৰত্যেককে জিৰপ' আৰু সমূহীয়াভাৱে জিৰছং বুলি কোৱা হয়। ছোৱালীক জিৰপী বা মাৰপী বোলা হৈছিল।
-
জেউৰা দিয়া
জেউৰা দিয়া নামনি অসমৰ সন্তান জন্মৰ লগত জড়িত এক লোক-উৎসৱ। নামনি অসমৰ বিভিন্ন ঠাইত বিবাহিতা মহিলা গৰ্ভৱতী হ’লে সাত মাহত বা ন মাহত 'জেউৰা' পতাৰ নিয়ম আছে। কোনো কোনোৱে ইয়াক 'সাধ ভক্ষণ' বুলিও কয়। 'জেউৰা'ত পঞ্চামৃত খুওৱাৰ দৰেই পঞ্চামৃত, পৰমান্ন, মিঠাই, মাছ আদি বিধি-নিয়মৰ মাজেৰে খুওৱা হয়।
-
ঢুলীয়া ভাওনা
লোকনৃত্য আৰু লোক অভিনয় উভয়ৰে দাবী পূৰণ কৰি অহা ঢুলীয়া ভাওনা পৰম্পৰাগতভাৱে অতি প্ৰাচীন কালৰে পৰা বৰ্তমানলৈ অসমত বিভিন্ন জনগোষ্ঠীৰ মাজত সমাদৃত হৈ আহিছে। ঢুলীয়া দলে সভা-মেলা, বিয়া-বাৰু আদিৰ প্ৰসংগত নৃত্য গীত সহ ঢোল বজোৱাৰ উপৰিও চাৰ্কাছ, কুষ্টি আদি প্ৰদৰ্শন কৰে।
-
নগাঁও নাট্য মন্দিৰ
নগাঁও নাট্য মন্দিৰ নগাঁও চহৰৰ আমোলাপট্টি অঞ্চলত প্ৰতিষ্ঠিত এক সাংস্কৃতিক ভৱন আৰু স্থায়ী মঞ্চসহ নাট পৰিৱেশনৰ এক অনুষ্ঠান৷ ১৮৯৬ চনত “দা নগাঁও আছামীজ ড্ৰামাটিক ক্লাৱ’’ গঠনৰ যোগেদি আৰম্ভণি ঘটা অনুষ্ঠানটিৰ ১৯২৯ চনত স্থায়ী ৰংগমঞ্চ আৰু প্ৰেক্ষাগৃহ মুকলি কৰা হয়৷ ১৯৫৪ চনত নগাঁও নাট্য মন্দিৰে ভাৰত চৰকাৰৰ…
-
ফঁকৰা-যোজনা
ফঁকৰা-যোজনা হ'ল অসমীয়া লোকসাহিত্য আৰু মৌখিক ঐতিহ্যৰ এটি অমূল্য আৰু বিশিষ্ট সম্পদ। দৈনন্দিন জীৱনৰ অভিজ্ঞতা, নীতিশিক্ষা, সমাজ-দৰ্শন, ব্যংগ আৰু আধ্যাত্মিক তত্ত্বক চমুকৈ আৰু ছন্দোবদ্ধভাৱে প্ৰকাশ কৰা বিশেষ খণ্ডবাক্য বা পদসমূহকে সামূহিকভাৱে "ফঁকৰা-যোজনা" বোলা হয়।
-
বগেজাৰী গীত
বগেজাৰী গীত হৈছে পাতি ৰাভাসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত। পুৰণি কামৰূপ জিলাৰ (বৰ্তমান দক্ষিণ কামৰূপ) ঔগুৰি, বামুনীগাওঁ, বকো, বনগাওঁ আৰু বগে ৰাজ্যত ৰচিত হৈছিল বগেজাৰী গীত।
-
বটা
বটা বা বটাঁ (Bota) অসমৰ সংস্কৃতিত ব্যৱহাৰ হোৱা এবিধ কাঁহৰ সঁজুলি। শব্দ ডট অৰ্গৰ মতে বটা হৈছে কটা তামোল বা নৈবেদ্য আদি থোৱা এবিধ শৰাইতকৈ চাপৰ ধাতুৰ পাত্ৰ৷ বিভিন্ন মাংগলিক কাম-কাজৰ লগতে অতিথি অভ্যৰ্থনা কৰিবলৈ তামোল-পাণ আগবঢ়াওঁতে বটাৰ ব্যৱহাৰ হয়। কোনো কোনো ক্ষেত্ৰত পিতলেৰে সজা বটাও ব্যৱহাৰ হয়।
-
বাৰদৈ ছিখলা
বাৰদৈ ছিখলা হৈছে এক বড়ো লোক নৃত্য, যি একে নামৰ এক কিংবদন্তি লোককথাৰ কন্যাৰ ওপৰত আধাৰিত। তাইৰ বতাহ আৰু পানী নিয়ন্ত্ৰণ কৰি বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাত সৃষ্টি কৰাৰ ক্ষমতা আছে। বসন্তত আহি তাই চৌপাশক সজীৱ কৰি তোলে। গছ-গছনিবোৰ ফুলি উঠে আৰু সকলো সেউজীয়া কৰি তোলে।
-
মাইহাং
মাইহাং অসমত পৰম্পৰাগতভাৱে আহাৰ গ্ৰহণ কৰিবলৈ ব্যৱহাৰ হোৱা নাল বা ধাৰকযুক্ত কাঁহীবিশেষ। মাইহাং সমূহ কাঁহেৰে নিৰ্মাণ কৰা হয়। একেধৰণৰ আন এখন কাঁহী হৈছে বানকাঁহী। মাইহাঙখন মূলতঃ তিনিটা ঠেং যুক্ত কাঁহী।
-
মাৰে গান
মাৰে গান বা মাৰে গীত বা মাৰেগোৱা ওজাপালি ভাৰতৰ অসমৰ পাতি ৰাভা সম্প্ৰদায়ৰ এক পৰম্পৰাগত আচাৰ-অনুষ্ঠান-গায়ন পৰিৱেশন। ই সৰ্প দেৱী মনসা (বিষহৰী বা মাৰে দেৱী বুলিও জনাজাত)ৰ পূজাৰ সৈতে জড়িত, আৰু ই সম্প্ৰদায়টোৰ যাদুকৰী-ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে উপস্থাপন কৰে।
-
লখিমী সবাহ
লখিমী সবাহ অসমীয়া লোকসকলে পালন কৰা এক উল্লেখযোগ্য কৃষিভিত্তিক লোক-অনুষ্ঠান। কৃষিকাৰ্যৰ আৰম্ভণি আৰু সামৰণিৰ সময়ত অসমীয়া মহিলাসকলে লোকবিশ্বাস আৰু পৰম্পৰাগত ৰীতি-নীতিৰে এই উৎসৱ পালন কৰে। লখিমী সবাহ সাধাৰণতে উজনি অসমৰ কিছুসংখ্যক গাঁৱত পালন কৰা হয়।
-
সভা
সভা (Sabha) নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত একপ্ৰকাৰ ঋতুকালীন উৎসৱ৷ ‘সভা’ শব্দৰ আভিধানিক অৰ্থ হ’ল― একেলগে বা মিলিত হৈ শোভা বৃদ্ধি কৰা। হেমকোষ অভিধান মতে সভাৰ অৰ্থ সমাজ। কোনো কাৰ্য কৰাৰ বাবে লগ লগা লোকৰ মেল।
-
সুবচনী পূজা
সুবচনী পূজা ( Subachani Puja) অসম, পশ্চিমবংগ আদি ভালেমান ঠাইত পালন কৰা হয়৷ বিঘিনিনাশক এই পূজা হিন্দু সমাজৰ মহিলাকেন্দ্ৰিক অনুষ্ঠান যদিও অসমৰ কোনো কোনো ঠাইত বুঢ়া মহাদেউৰ বাবেও পূজা-অৰ্চনা কৰা হয়৷ বাঙালী হিন্দু মহিলাসকলে ঘৰত নৱবিবাহিত দম্পতীৰ মঙ্গলকামনাত এই পূজা পাতে৷ বছৰৰ সকলো সময়তে এই পূজা কৰা…
-
সুৱাগুৰি তোলা
সুৱাগুৰি তোলা বা “সুৱাগুড়ি তোলা’’ অসমীয়া সমাজৰ বিয়াৰ বিভিন্ন পৰ্বৰ মাজৰ এটা পৰ্ব৷ ই কেৱল নাৰীকেন্দ্ৰিক৷ এই অনুষ্ঠানত পুৰুষৰ কোনো ভূমিকা নাথাকে৷ নামনি অসমত ইয়াক “সুৱাগ জাৰা’’ বুলি কয়৷ প্ৰজনন ধৰ্মিতা বিজড়িত এই পৰ্বৰ কইনা ঘৰৰ সুৱাগুৰি তোলোতে “ধূলিৰ দৌল’’ আৰু দৰাঘৰৰ সুৱাগুৰি তোলাত “ধুলিৰ খাল’’…
-
হাইদাং
হাইদাং হৈছে একপ্ৰকাৰ নৃত্য-গীত। অসমৰ সোণোৱাল-কছাৰী লোকসকলৰ লোকসাহিত্যৰ ই এক আপুৰুগীয়া সম্পদ। এই নৃত্য-গীতে সোণোৱাল-কছাৰী সকলৰ স্বকীয় সাংস্কৃতিক পৰম্পৰাৰ স্বাক্ষৰ বহন কৰি আহিছে। জনগোষ্ঠীটোৰ এটা প্ৰধান সামাজিক অনুষ্ঠান খ্ৰীং খ্ৰীং বাইথ'(শিৱ) পূজা শেষ হোৱাৰ পাছত এই নৃত্য-গীত পৰিৱেশন কৰা হয়।
-
হাতিমা পুতুল
হাতিমা পুতুল (Hatima Putul) হৈছে ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ ঐতিহ্যবাহী টেৰাকটা (মাটিৰ শিল্প) পুতলা। এই পুতলাবিধ আশাৰীকান্দিৰ মাটিৰ শিল্পৰ প্ৰতীক হিচাপে পৰিচিত আৰু সাধাৰণতে মাতৃ-সন্তানৰ প্ৰতিমূৰ্তি ৰূপে নিৰ্মাণ কৰা হয়।
-
হুদুমদেওৰ পূজা
অনাবৃষ্টিৰ ফলত খেতিপথাৰে যেতিয়া চিৰালফাঁট মেলে, কৃষকে হুমুনিয়াহ কাঢ়ি ঘনে ঘনে আকাশলৈ চায়, তেনে পৰিস্থিতিত গোৱালপাৰা অঞ্চলত হুদুমদেওৰ পূজা আয়োজন কৰি বৃষ্টিৰ আয়োজন কৰা হয়। এই অনুষ্ঠান সম্পূৰ্ণৰূপে সত্ৰ আচাৰ।
-
অসমীয়া লোক-সংস্কৃতিত বাঁহ
অসমত বাঁহ শিল্প প্ৰচলনৰ ইতিহাস বহুদিনীয়া। বাণভট্টৰ হৰ্ষচৰিতত উল্লেখ থকা মতে অতীত অসমৰ বাঁহ শিল্প বৰ উন্নত আছিল। গ্ৰন্থখনৰ মতে, কামৰূপৰ ৰজা ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ বহুৰঙী বাঁহৰ চুঙা আৰু বাঁহৰ সঁজাত চৰাই উপহাৰ হিচাপে পঠাইছিল।
-
অসমীয়া লোকসাহিত্যত হাতী আৰু মাউত
লোকসাহিত্য হ’ল লোকমনৰ পৰা নিগৰা আৱেগ-অনুভূতিৰ কাব্যিক প্ৰকাশ৷ লোকসাহিত্য লোকসংস্কৃতিৰ ভিতৰুৱা৷ শ্ৰমজীৱী মানুহে জীৱন সংগ্ৰামৰ মাজতে মনৰ সুখ-দুখ-হৰ্ষ-বিষাদ প্ৰকাশ কৰাৰ লগতে জীৱনৰ সঞ্চিত অভিজ্ঞতাৰে পৰৱৰ্তী প্ৰজন্মৰ বাবে জীৱন ধাৰণৰ পথ নিৰ্দ্দেশ কৰি গৈছে৷ এইবোৰ মানুহৰ মুখে মুখে যুগ যুগ ধৰি চলি অহা৷…
-
অসমৰ চিত্ৰকলাৰ ইতিহাস
অসমৰ চিত্ৰকলাৰ ইতিহাস অতি প্ৰাচীন। সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলা এবিধ অন্যতম কলা। মধ্যযুগৰ সময়ছোৱাতে অসমৰ চিত্ৰকলাৰ প্ৰথম নিদৰ্শন দেখা পোৱা গৈছিল। সেই সময়ত ৰজাৰ ঘৰ আৰু সত্ৰসমূহত চিত্ৰকলাৰ সাধনা কৰা হৈছিল। সেই সময়তে পুথিৰ আকাৰত চিত্ৰ সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ হৈছিল।
-
অসমৰ পৰম্পৰাগত সাজ-পাৰ
অসমৰ পুৰুষ সমাজে অতীতৰ পৰা ধূতী পিন্ধি আহিছে। পুৰণি চিত্ৰ আৰু মূৰ্তিৰ পৰা জানিব পৰা যায় যে, পুৰুষে ধূতী নাভিৰ তলত পিন্ধিছিল আৰু তলফালে সাধাৰণতে আঁঠুৰ ওপৰত পেলাই পিন্ধিছিল। এনে প্ৰমাণ দশম শতিকাত নিৰ্মাণ হোৱা দেওপানীৰ বিষ্ণুমূৰ্তিত বিশেষত্ব বিদ্যমান।
-
অসমৰ বস্ত্ৰৰ মোটিফ
অসমত যিবোৰ বস্ত্ৰ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হয় তাৰ কিছুমান নিৰ্দিষ্ট মোটিফ বা ফুল বছা শৈলী আছে। এই শৈলীসমূহ গামোছা, চাদৰ, মেখেলা, বুকুচোলা, ৰিহা আদিত তোলা হয়। এনে শৈলীৰ কিছুমান হৈছে সিংখাপ, বুটা, গছা, জাপি আদি। অসমৰ বিভিন্ন জনগোষ্টীৰ লোকৰ নিজস্ব পৰম্পৰাগত সাজ-পোছাকৰো মোটিফ ভিন্ন হোৱা দেখা যায়।
-
অসমৰ বাঁহ-বেতৰ শিল্প
অসমৰ বাঁহ-বেতৰ শিল্প (Bamboo and cane culture of Assam) হৈছে অসমৰ এক কুটীৰ শিল্প। অসম প্ৰাকৃতিক সম্পদেৰে চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ-বেত মজুত আছে। বাঁহ হৈছে এবিধ বহুমুখী কেঁচামাল আৰু ই পৌৰাণিক দিনৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ।