অতীতত নামনি অসমত দৰাই বিয়া কৰাবলৈ কন্যাঘৰলৈ যাওঁতে দৰাৰ লগে লগে বাৰগোপালৰ উদ্দেশ্যে এখন ভাৰ ল’ব লাগিছিল ৷ এই ভাৰখনৰ নাম গৰখীয়া ভাৰ ৷ গৰখীয়া ভাৰৰ এটা টেকেলিত বোকা চাউল (কোমল চাউল), অথবা চিৰা, আন এটাত ভাল দৈ, তৃতীয়টোত পকা লাডু, এআশী কল আৰু আন এটা টোপোলাত এপোণ তামোল আৰু এটা পাণ ৰখা হয় ৷ লাডুবোৰ আকাৰত টান আৰু ডাঙৰ হ’ব লাগে ৷ গাখীৰত পানী উঠিলে নাইবা টেঙা পৰিলে কইনাঘৰত উপস্থিত থকা গৰখীয়া ল’ৰাহঁতে দৰাক পদুলিমুখতে বাধা দি ৰাখে আৰু দৰাক দণ্ড বিহে ৷ গৰখীয়া ল’ৰা সন্তুষ্ট হ’লে ভগবান কৃষ্ণ সন্তুষ্ট হোৱা বুলি ভবা হয় ৷ সেয়ে দৰাঘৰে পৰাপক্ষত গৰখীয়া ভাৰখন ভালদৰেই লগত লৈ যায় ৷ সময়ৰ পৰিৱৰ্তনৰ প্ৰেক্ষাপটত আজিকালি গৰখীয়া ভাৰে মেলানি মাগিলে৷১
তথ্যসূত্ৰ
- ↑ অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ১০২)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰখীয়া ভাৰ” প্ৰবন্ধৰ সংশোধন ৩৩৫৭৬৫ (২৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।