অসমৰ সংস্কৃতি
১৬৫ প্ৰবন্ধ
-
চকলং
চক-লং (𑜋𑜨𑜀𑜫 𑜎𑜨𑜂𑜫) হ'ল টাই আহোম সকলৰ ফ্ৰা-লুং ধৰ্ম নিয়ম অনুসৰি প্ৰাচীন পুথি লাই লিট নাঙ হুন ফাত উল্লিখিত নিয়ম অনুসৰি পালন কৰা বৈবাহিক অনুষ্ঠান যি আহোম বিবাহ পৰম্পৰা তিনিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য অনুষ্ঠান।
-
বুলবুলি চৰাইৰ যুঁজ
বুলবুলি চৰাইৰ যুঁজ অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ত অনুষ্ঠিত হোৱা এক ঐতিহ্যবাহী খেল। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে।
-
ভাগ্যদেৱী থিয়েটাৰ
ভাগ্যদেৱী থিয়েটাৰ অসমৰ এটি প্ৰসিদ্ধ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী, যি ১৯৬৭ চনৰ পৰা ২০২৪ চনলৈকে ৫৭ বছৰ ধৰি অসমৰ নাট্য জগতত অৰিহণা যোগাই আহিছিল। প্ৰয়াত শৰৎ মজুমদাৰে প্ৰতিষ্ঠা কৰা থিয়েটাৰ ভাগ্যদেৱী অসমৰ কেইবাজনো বিখ্যাত অভিনেতাৰ বাবে এক আৰম্ভণি আছিল।
-
আমৰলি টোপ
আমৰলি টোপ অসমৰ জনজাতি লোকসকলৰ মাজত দেখা পোৱা খাদ্যৰাজিৰ ভিতৰত এবিধ প্ৰিয় খাদ্য হ’ল আমৰলি টোপ৷ আমৰলি পৰুৱাই গছত বাহ বান্ধি থাকে৷ এইবিধ পৰুৱাৰ ৰং ৰঙা আৰু ইয়াৰ পিছৰ অংশত এবিধ এচিড জাতীয় পানীয় জমা থাকে৷ শত্ৰুৰ আক্ৰমণ এইবিধ পৰুৱাই নিজে প্ৰাণ দিও প্ৰতিহত কৰিবলৈ চেষ্টা কৰে৷ পৰুৱা বিধে মুখেৰে কামুৰি…
-
কৈহাটীৰ ঢুলীয়া
কৈহাটীৰ ঢুলীয়া অসমৰ ঐতিহ্য বহনকাৰী এক আপুৰুগীয়া কৃষ্টি। ই সম্পূৰ্ণৰূপে লৌকিক আৰু অতি জনপ্ৰিয় অনুষ্ঠান। ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ অভিনয় কৌশল আৰু হাস্য-ব্যংগ অভিনয়েই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ। কৈহাটীৰ ঢুলীয়া কামৰূপীয়া ঢুলীয়াৰ অংশবিশেষ। কৈহাটীৰ স্থানীয় ভাষাত ঢুলীয়াক ভাইৰা বোলা হয়।
-
ঘৰ জেউতি
অভিধান মতে, ঘৰ জেউতি মানে ঘৰত থকা উপদেৱতা। অসমৰ লোক কথাত ঘৰ জেউতি বুলিলে ঘৰৰ লক্ষ্মী বুলি মনা হয়। ঘৰ জেউতি এবিধ শান্ত মাইকী ভূত। ই সাধাৰণতে শান্ত মতামানুহৰ ঘৰত থাকে আৰু ই কাৰো অপকাৰ নকৰে। ইয়াৰ সংখ্যা বৰ কম। ৰাতি শুই থকা মানুহৰ গাৰ ওপৰেদি ঘূৰি ফুৰিবলৈ ই ভালপায়।
-
চোতাল
চোতাল হৈছে মানুহৰ ঘৰৰ আগফালে বা পাচফালে থকা মুকলি ঠাই। चत्वाल् মূলৰ পৰা চোতাল শব্দটো নিষ্পন্ন হৈছে। বিদেশতো মানুহে ঘৰত চোতাল ৰখা দেখা যায়। চোতালখনত সাধাৰণতে ঘাঁহ-বন নাথাকে ঘৰৰ আগফালে থকা চোতালক আগচোতাল আৰু পাচফালৰখনক পাচ চোতাল বুলি কয়।
-
ডেকা চাং
ডেকা চাং কিছুমান জনজাতিৰ বিয়া নকৰা ডেকাবিলাক থকা চাং-ঘৰ। পাহাৰীয়া আৰু বানপানীৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলৰ জনজাতি সকলে সাধাৰণতে মাটিৰ পৰা ওখকৈ চাং ঘৰত বাস কৰে। পৃথিৱীৰ বিভিন্ন ঠাইৰ জনজাতীয় গাওঁসমূহত ডেকা চাং দেখা যায়।
-
থিয়নাম
থিয়নাম বা বীৰনাম ( Thiyonaam or Beernaam) অসমৰ একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ বিবিধ সংস্কৃতিৰ ভিতৰৰে এক পৰিৱেশ্য কলা৷ থিয়নামেৰে আনন্দময় পৰিৱেশত হৰিৰ কীৰ্তন কৰা হয়৷ অৰ্থাৎ ই একপ্ৰকাৰ কীৰ্তন৷
-
নাগাৰা নাম
নাগাৰা নাম ( Nagara Naam) “নাগাৰা বা নেগেৰা’’ বাদ্যক মূল বাদ্য হিচাপে লৈ পৰিৱেশন কৰা এক লোক-পৰিৱেশ্য কলা৷ অসমৰ ধৰ্মীয় সমাজত প্ৰচলিত বিভিন্ন নাম, যেনে; থিয় নাম, দিহা নাম, ঝুনা নাম, বহা নাম আদিৰ দৰে নাগাৰা নামো এক আধ্যাত্মিক ভাবাপন্ন নাম৷ নামনি অসমৰ নলবাৰী, দৰং আদি ঠাইত এই নামৰ প্ৰচলন আছে৷ নাগাৰা…
-
ৰিহা
ৰিহা অসমীয়া গোপিনী-বোৱাৰীয়ে পিন্ধা এবিধ পৰম্পৰাগত সাজ। ই এবিধ উত্তৰীয় বস্ত্ৰ। ইয়াক কাঁচলি বুলিও জনা যায়। পুৰণি অসমীয়া সমাজত মহিলাই মেখেলাৰ ওপৰত ৰিহা পিন্ধিছিল। বক্ষস্থল আগুৰিবৰ বাবে চোলাতকৈ ৰিহাৰ ব্যৱহাৰ বেছি আছিল। ৰিহাখনে কঞ্চুলিকা বা স্তনাভৰণৰ লগতে পিঠিভাগো আবৃত কৰি ৰাখিছিল।
-
আহোম বিবাহ পৰম্পৰা
আহোম বিবাহ পৰম্পৰা (চীনা ভাষা:傣 阿洪 婚姻传统,থাই ভাষা:การแต่งงานแบบดั้งเดิม ไทอาหม, ইংৰাজী ভাষা:Tai Ahom Marriage Tradition) মুখ্য তিনিদিনীয়াকৈ পতা ফুৰালুং ধৰ্ম নিয়মেৰে পালন কৰা আহোমসকলৰ একমাত্ৰ বিবাহ পৰম্পৰা।আহোম বিবাহ পৰম্পৰাৰ ৰীতি-নীতি মতে ৰিক্ খ্বান উৎসৱ বিবাহৰ প্ৰথম দিনা চাওৱান উৎসৱ বিবাহৰ…
-
খাৰখোৱা
খাৰখোৱা এটা অসমীয়া শব্দ যাৰ দ্বাৰা এনে এজন লোকক বুজোৱা হয় যিজন আৱশ্যকীয়ভাৱে অসমীয়া নৃগোষ্ঠীয় মূলৰ আৰু মধ্যযুগীয় অসম মুলুকৰ বাসিন্দাৰ বংশধৰ। খাৰখোৱা শব্দটি অসমীয়া ব্যংগাত্মক, বিদ্ৰূপাত্মক আৰু কেতিয়াবা গহীন সাহিত্যত আৰু লগতে সাধাৰণ কথা-বতৰাত এজন খাঁটি অসমীয়া সাধাৰণ লোকক বুজাবলৈ সততে ব্যৱহাৰ…
-
গোমচেঙৰ চোলা
ফা-চু গোম-চেঙ বা গোমচেঙৰ চোলা (Gumsheng) হ'ল চাওফা বা আহোম স্বৰ্গদেউসকলে পৰিধান কৰা এবিধ পৰম্পৰাগত চোলা। গোমচেং হৈছে দেখাত সাপৰ নিচিনা ফুল থকা আৰু মিহি, এবিধ চীন দেশীয় পাট-কাপোৰ বা সূতা।
-
ঘোঁৰাবাঁক
ঘোঁৰাবাঁক বা বাঁক (Baak) সাধাৰণতে পানীৰ আশে পাশে থাকে বুলি মানুহৰ বিশ্বাস। ঘোঁৰাবাকে মাছ, বেঙ, ভেকুলী আদি খায় যদিও মাছ ইহঁতৰ বেছি প্ৰিয় বুলি জনসমাজত বিশ্বাস আছে। ঘোঁৰাবাঁক সম্পৰ্কে অসমীয়া ভাষাত একাধিক সাধু কথাও আছে। ঘোঁৰাবাকে জন্তু-মানুহ আদি সকলোৰে ৰূপ ল’ব পাৰে।
-
চাট (বাঁহৰ সঁজুলি)
চাট হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ লোকাচাৰত ব্যৱহাৰ হোৱা ত্ৰিশূল সদৃশ বাঁহৰ শলাবিশেষ। ইয়াত কেইবিধমান থলুৱা পাচলি ডোখৰ ডোখৰকৈ বা চকলিয়াই কাটি গুঠি লোৱা হয়। গৰু বিহুৰ দিনা গৰুক গা ধুৱাওঁতে এই পাচলিৰ টুকুৰাবোৰ গৰুৰ গালৈ দলিয়াই গৰুসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।
-
চৰিত তোলা
চৰিত তোলা ( Charit Tola) অসমৰ কোনো কোনো সত্ৰত প্ৰচলিত মহাপুৰুষীয়া নাম-ধৰ্মৰ এক আধ্যাত্মিক প্ৰথা৷ এই প্ৰথাত শংকৰদেৱ-মাধবদেৱ আৰু আন আন আতা-আতৈ-সন্ত-মহন্তসকলৰ জীৱনী কথাৰ মাজেৰে স্মৰণ কৰা হয়৷ “কোনো কোনো সম্প্ৰদায়ৰ মূল গুৰুৰ তিৰোধানৰ অন্তত সেই সম্প্ৰদায়ৰ নৱ-নিয়োজিত গুৰুৱে প্ৰাত্যহিক কৃত্য সম্পন্ন…
-
তোলনি বিয়া
অসমীয়া সমাজত বহুল প্ৰচলিত এক লোক ৰীতি হৈছে তোলনি বিয়া। এগৰাকী কন্যা প্ৰথম ঋতুমতী হোৱাৰ লগত সংগতি ৰাখি বিভিন্ন বাধ্যবাধকতাৰ মাজেৰে এই তোলনি বিয়া সম্পন্ন কৰা হয়। ঠাইভেদে তোলনি বিয়াক নোৱাই-তোলনি বিয়া, শান্তি বিয়া, চুৱা বিয়া, প্ৰথম বিয়া, মৌচুমী বিয়া আদি নামেৰেও জনা যায়।
-
দৈয়ন দিয়া
দৈয়ন দিয়া( Doiyan Diya) অসমীয়া সমাজৰ বিবাহৰ এক পালনীয় আচাৰ৷ দৰা কইনা দুয়োৰে ঘৰতে এই আচাৰ পালন কৰে৷ ই সম্পূৰ্ণ নাৰীকেন্দ্ৰিক লোকাচাৰ৷ অসমীয়া সমাজত বিয়া বিভিন্ন পৰ্বৰ মাজেৰে শেষ হয়৷ তাৰ ভিতৰৰে দৈয়ন দিয়াও এক পৰ্ব যদিও আজিকালি বহুতে এই পৰ্ব পালন নকৰাকৈ থকা দেখা যায়৷ দৈয়ন দিয়াৰ সময় কাহিলি…
-
নটী নৃত্য
অসমৰ নটী নৃত্য দেৱদাসী নৃত্যৰ সমপৰ্যায়ৰ এক নৃত্য৷ প্ৰাচীন অসমত দেৱদাসীক বুজাবলৈ ’দলুহাংগনা’ পদটো ব্যৱহাৰ কৰা হৈছিল৷ ভাৰতৰ বিভিন্ন ঠাইৰ দেৱদাসীৰ দৰে অসমত দেৱদাসীক বুজাবলৈ নটী, নৰ্ত্তকী, বেশ্যা, বাৰাংগনা আদি পদ ব্যৱহাৰ কৰা হৈছিল
-
মণিৰাম দেৱানৰ গীত
মণিৰাম দেৱানৰ গীতটো বুৰঞ্জীমূলক মালিতাসমূহৰ ভিতৰত অন্যতম। অসমত ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা মণিৰাম দেৱানক ইংৰাজে ১৮৫৮ চনত দোষী সাব্যস্ত কৰি ফাঁচীকাঠত ওলোমালে। তেখেতৰ মৃত্যু হোৱাত অসমৰ জনসাধাৰণ শোকত ম্ৰিয়মান হৈ পৰে। এই সামূহিক শোকানুভূতিয়েই 'মণিৰাম দেৱান' গীতটিৰ মূল বিষয়বস্তু।
-
সাতশাকী
সাতশাকী হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ সময়ত এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা। সাতশাকী নামটো ব'হাগৰ সাতবিহুৰ যিকোনো এদিন খোৱাৰ পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়। অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে।
-
অগ্নিগড় (ভাওনা)
অগ্নিগড় বা অগ্নিগেৰা হৈছে অংকীয়া ভাওনাত ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া বন্তি প্ৰজ্বলিত তোৰণ। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে "অসমীয়া ভাওনাত কাঠৰ তোৰণাকৃতিৰ ওপৰত ৯টা অথবা ১৮টা প্ৰদীপ জ্বলাই তাৰ তলেদি ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া হয়।
-
অনাকটা কাপোৰ
অনাকটা কাপোৰ কোনো অস্ত্ৰ-শস্ত্ৰৰে নকটাকৈ তাঁতশালৰপৰা উলিয়াই অনা কাপোৰেই অনাকটা (কা, আনাকাটা) কাপোৰ। এই কাপোৰ তাঁতশালত এবাৰত মাত্ৰ এখনেই বোৱাটো নিয়ম। সাধাৰণতে কাতি, পুহ আৰু চ'ত মাহত মঙ্গল, শনি আৰু ৰবিবাৰে অমাৱস্যা তিথিত এই কাপোৰৰ বাটি নাকাঢ়ে, কাপোৰো নবয়।
-
অসমত হাতী চিকাৰ আৰু হাতী পোহ মনোৱা
অসমত হাতী চিকাৰ কৰা আৰু হাতী পোহ মনোৱা কাৰ্য বৰ ৰোমাঞ্চকৰ৷ এই কাৰ্যত জড়িত লোকসকলে ঘৰ-পৰিয়াল দূৰৈত এৰি আহি দীৰ্ঘদিনলৈ হাবিতলীয়া বা নৈৰ পাৰত কটাবলগীয়া হয়৷ এনে সময়তে তেওঁলোকৰ ইজনে সিজনৰ আগত মনৰ ভাৱৰ আদান-প্ৰদান কৰি নানা গীত-পদ সৃষ্টি কৰে৷ অসমীয়া লোকসাহিত্যত হাতী চিকাৰ আৰু পোহ মনোৱা কামৰ সৈতে…
-
অসমীয়া গহনা
অসমীয়া গহনা বা অসমীয়া অলংকাৰ ভাৰতৰ অসম ৰাজ্যৰ পৰম্পৰাগত হস্তনিৰ্মিত অলংকাৰ। এই গহনা সাধাৰণতে বিশুদ্ধ সোণ, যাক স্থানীয়ভাৱে কেঁচা সোণ বুলি কোৱা হয়, অথবা সোণৰ প্ৰলেপ দিয়া ৰূপেৰে তৈয়াৰ কৰা হয়। ইয়াত প্ৰায়ে বিভিন্ন ৰঙৰ ৰত্ন, মণি, জাংফাই আৰু মীনা কাম ব্যৱহাৰ কৰা হয়।
-
অসমীয়া লোক-সংস্কৃতিত পূজা-পাতল
অসমীয়া থলুৱা জাতি-জনজাতিৰ মাজত, প্ৰকৃতিয়ে সৃষ্টি কৰা অপায়-অমঙ্গলৰ ফলত মানুহৰ মনত জন্ম দিয়া বিশ্বাসৰ পৰম্পৰাৰে বিপদ-বিঘিণিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আগবঢ়োৱা পূজা-পাতলৰ লগত অসমীয়া সংস্কৃতিৰ বহুতো ন-পুৰণি সংযোগ নিহিত হৈ আছে।
-
অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেত
অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতৰ বিশ্বাস পৃথিৱীৰ অন্যান্য আদিম লোকসমাজৰ দৰেই প্ৰচলিত। অদৃশ্য আৰু ৰহস্যজনক শক্তি সম্বন্ধে প্ৰচলিত এই লোকবিশ্বাস নগৰতকৈ গাঁৱলীয়া সমাজত অধিক। অসমীয়া সমাজত ঘাইকৈ হিন্দু ধৰ্মৰ পৰম্পৰা চলি আহিছে। হিন্দু ধৰ্মত নানা দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা হয়।
-
অসমৰ কুঁহিলা শিল্প
কুঁহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। কুঁহিলা পথাৰৰ পানী তল যোৱা ঠাইত হোৱা এবিধ গছ। কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল। ইয়াৰ দ্বাৰা কঠ, পুতলা, মুখা, মূৰ্তি ইত্যাদি আদি তৈয়াৰ কৰা হয়। গোৱালপাৰাৰ কিছু অংশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা, নলবাৰী জিলাৰ মাখিবাহা আৰু মাজুলীত দেখা যায়।
-
অসমৰ মাছ ধৰা সঁজুলি
অসমৰ মাছ ধৰা সঁজুলিসমূহ প্ৰধানকৈ হাতেৰে তৈয়াৰ কৰা কিছুমান বাঁহ-বেতৰ সঁজুলি। এইসমূহ অসমৰ কুটীৰ শিল্পৰ অন্তৰ্গত। অসমৰে বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন পদ্ধতিৰে, বিভিন্ন সঁজুলি আৰু কৌশলৰ সহায়ত পুৰণি কালৰে পৰা মাছ ধৰি আহিছে। মাছ ধৰাৰ পদ্ধতি, প্ৰণালী ঠাইবিশেষে বেলেগ বেলেগ হোৱা দেখা যায়।