আহমদ আলি বাঁশকান্দি বঁটা হৈছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা প্ৰদান কৰা এটি মৰ্য্যদাপূৰ্ণ বঁটা। এই বঁটা ভাষা, সাহিত্য, সংস্কৃতি আৰু সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰা হয়। এই বঁটা ২০১৫ চনত তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰথমবাৰৰ বাবে প্ৰবৰ্তন কৰা হয় আৰু ইয়াৰ পৰ্যায়ক্ৰমিক ব্যৱধান তিনি বছৰ।
ইতিহাস
আহমদ আলি বাঁশকান্দি বঁটা প্ৰখ্যাত ইছলামী বিদ্বান তথা চুফী দাৰ্শনিক আহমদ আলি বাঁশকান্দিৰ সোঁৱৰণত প্ৰবৰ্তন কৰা হৈছে। তেওঁ আছিল দাৰুল উলুম বাঁশকান্দিৰ প্ৰথম শ্বেইখুল হাদীছ। অনুষ্ঠানটো উত্তৰ-পূব ভাৰতৰ জ্ঞান আৰু শান্তিৰ কেন্দ্ৰ হিচাপে পৰিচিত। অসমত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সংস্কৃতিক একতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আহমদ আলী চাহাবৰ অৱদান যথেষ্ট প্ৰশংসনীয়।১২
বঁটাৰ বৈশিষ্ট্য
এই বঁটাত এজন প্ৰাপকক এখন প্ৰমাণপত্ৰ, পৰম্পৰাগত পোছাক (অঙ্গবস্ত্ৰ), এক সন্মানজনক উপহাৰ (শৰাই) আৰু ১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। এই বঁটাই সমাজ কল্যাণৰ বাবে শান্তি আৰু সম্প্ৰীতি হকে কাম কৰা ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়ে।৩৪
উদ্দেশ্য
আহমদ আলি বাঁশকান্দি বঁটাৰ প্ৰধান উদ্দেশ্য হৈছে অসমৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধি কৰা। আহমদ আলি বাঁশকান্দি চাহাবৰ স্মৃতিত প্ৰতিষ্ঠিত এই বঁটা তেওঁৰ মানবতা, সমতাৰ বাণী আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একতা স্থাপনৰ আদৰ্শৰ প্ৰতিফলন।৫৬১২৩
বঁটা প্ৰাপকসকল
বছৰ অনুসৰি আহমদ আলি বাঁশকান্দি বঁটা প্ৰাপকসকল হৈছে:
| বছৰ | নাম | বিৱৰণ | উল্লেখ |
|---|---|---|---|
| ২০১৫ | তৈয়বুৰ ৰহমান বৰভুঁইয়া | এজন অভিজ্ঞ শিক্ষক আৰু সমাজসেৱক, যাক শিক্ষাৰ প্ৰচাৰ আৰু সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ বাবে সন্মানিত কৰা হৈছে। | ১৭ |
| ২০২১ | চৈয়দ ছাদুল্লা | ডিব্ৰুগড়ৰ এজন সমাজ সেৱক, যাক অসমত শান্তি আৰু সৌহাৰ্দ্যৰ প্ৰচাৰৰ বাবে স্বীকৃতি দিয়া হৈছে। | ২৮ |
| ২০২৪ | টৰেন চন্দ্ৰ বড়ো | বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, যাক ভাষা, সাহিত্য, সংস্কৃতি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতি আগবঢ়োৱা অৱদানেৰ বাবে সন্মানিত কৰা হৈছে। | ৩৪৯ |
তথ্যসূত্ৰ
- ↑ (15 September 2010). CM presents Ahmed Ali Baskandi Award. দ্য আছাম ট্ৰিবিউন
- ↑ Khosa, Aasha. (20 June 2022). Assam revives awards in the name of historic Muslim personalities. Awaz – The Voice
- ↑ (17 June 2024). Ahmed Ali Baskandi Award to Toren Chandra Boro. Daily Times News DTN
- ↑ (19 June 2024). Toren Chandra Boro To Receive Ahmed Ali Baskandi Award 2024. The Hills Times
- ↑ Awards · Department of Cultural Affairs · Government Of Assam, India. culturalaffairs.assam.gov.in. Government of Assam
- ↑ Kashyap, Samudra Gupta. (10 March 2015). Assam govt institutes award in name of journalist killed by ULFA rebels. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Scholarships and Awards · Department of Cultural Affairs · Government Of Assam, India. culturalaffairs.assam.gov.in. অসম চৰকাৰ
- ↑ (21 June 2022). CM Himanta Biswa Sarma presents awards to 14 luminaries on Bishnu Rabha Divas. Sentinel Assam
- ↑ (18 June 2024). Ahmed Ali Banskandi State Award 2024. BodoPedia.IN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহমদ আলি বাঁশকান্দি বঁটা” প্ৰবন্ধৰ সংশোধন ৬০৩৭২০ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।