অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কামাখ্যা দেৱালয়ৰ দেৱলীয়াৰ লেখ

কামাখ্যা মন্দিৰৰ নিত্য-নৈমিত্তিক পূজা সেৱা প্ৰভৃতি সুকলমে চাবলৈ বৰফুকনে ভিন্ন স্তৰৰ লোক নিয়োগ কৰাৰ বহল তালিকা নাও বৈচা ফুকনৰ অসম বুৰঞ্জীত পোৱা যায়। তালিকাখন এনেধৰণৰ- বৰ দেউৰী( দেৱালয়ত পূজা কৰা ব্ৰাহ্মণ), সৰু দেউৰী (বৰ দেউৰী অনুপস্থিতিত পূজা কৰা বাপু) পৰিচালক (নৈবেদ্য সজাই দিয়া লোক), আঠপৰীয়া…

হালনাগাদ: ১৩ জুলাই ২০২৩ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৩১
সংশোধনৰ পৰামৰ্শ

কামাখ্যা মন্দিৰৰ নিত্য-নৈমিত্তিক পূজা সেৱা প্ৰভৃতি সুকলমে চাবলৈ বৰফুকনে ভিন্ন স্তৰৰ লোক নিয়োগ কৰাৰ বহল তালিকা নাও বৈচা ফুকনৰ অসম বুৰঞ্জীত পোৱা যায়। তালিকাখন এনেধৰণৰ- বৰ দেউৰী( দেৱালয়ত পূজা কৰা ব্ৰাহ্মণ), সৰু দেউৰী (বৰ দেউৰী অনুপস্থিতিত পূজা কৰা বাপু) পৰিচালক (নৈবেদ্য সজাই দিয়া লোক), আঠপৰীয়া (দিনে ৰাতিয়ে আঠপৰ পহৰা দিয়া লোক), তেলী (তেল যোগনীয়াৰ), মালী (ফুল আৰু মালা যোগান ধৰোঁতা, ধোৱা (দেৱলায়ৰ কাপোৰ- কানি ধোৱা লোক), নাপিত (পুৰোহিত আৰু আন সকলৰ দাড়ি চুলি কটা লোক), কমাৰ (লোৰ যতন নিৰ্মাণ কৰা লোক), কুমাৰ (মাটিৰ সাজ বাচন যোগনীয়া), চমাৰ (চূন যোগনীয়া), কালীয়া (কালী বাদক), ঢুলীয়া (ঢোল বাদক), বলীকটীয়া (বলি কটা লোক), গায়ন (গায়ক), পাখৌ জিয়া গায়ন,নাচনিয়াৰ (নৃত্যত পাৰদৰ্শী জন), নেগেৰিয়া (নাগাৰা বজোৱা লোক), খাতোৱাল (দেৱালয়ৰ খাতত থাকি শস্য যগোৱা), বাৰি চোৱা (দেৱালয়ৰ বাৰীত উপহাৰ দ্ৰব্যৰ খেতি কৰা লোক), বেলি চোৱা (বেলি চাই পূজাৰ কাল নিৰ্ধাৰণ কৰা লোক), চাউল কৰা (চাউল বচা লোক), মলখু বচা (পূজাৰ মলখু চাউল বাছি দিয়া লোক), আৰু পানী তোলা (দেৱালয়ৰ বাবে পানী পুখুৰীৰ পৰা তুলি অনা লোক)।১

তথ্যসূত্ৰ

  1. ↑ দাস নাৰায়ণ, ৰাজবংশী পৰমানন্দ. অসমীয়া সংস্কৃতিৰ কণিকা. পৃ. ৭৪

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামাখ্যা দেৱালয়ৰ দেৱলীয়াৰ লেখ” প্ৰবন্ধৰ সংশোধন ৩৭১৪৭৬ (১৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।