গোসাঁই-নাম হ'ল অসমীয়া সমাজত প্ৰচলিত এক শ্ৰেণীৰ মৌখিক সাহিত্য। গোসাঁই-নামৰ গীতবিলাক বালক কৃষ্ণৰ কাহিনীৰ ওপৰত আধাৰিত। কংসৰ কাৰাগাৰত জন্ম হোৱা, যশোদাৰ ঘৰত থাকি বৃন্দাবনত গৰু চৰোৱা, নচা, গোৱা, ধেমালি কৰা-এনেবোৰ কাৰ্যৰ আভাস এই গীতবোৰত পোৱা যায়। ব্ৰজগোপী, বিশেষকৈ ৰাধিকা, আৰু কংস ৰজাৰ চন্দন যোগাঁতী কুঁজী বুঢ়ীৰ লগত নাগৰ কৃষ্ণৰ মধুৰ সম্পৰ্কয়ো গীতকাৰসকলক সমল যোগাইছে, আনফালে তেওঁলোকৰ হৃদয়ো স্পৰ্শ কৰিছে। গোসাঁই-নামত নামৰ মহিমাও ভক্তসকলৰ প্ৰাণৰ উচ্ছ্বাসেৰে উচ্ছ্বসিত হৈ উঠিছে।১২
তথ্যসূত্ৰ
- ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, লেখক - মহেশ্বৰ নেওগ, প্ৰকাশক - চন্দ্ৰ প্ৰকাশ। ২০১৯, গুৱাহাটী, পৃষ্ঠা ২৩
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰথম খণ্ড, সম্পাদক - বিশ্বেশ্বৰ হাজৰিকা, প্ৰকাশক - আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা। ২০২২ - গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোসাঁই-নাম” প্ৰবন্ধৰ সংশোধন ৫৩১৭১৭ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।