অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গীতালু গীত

গীতালু গীত হৈছে একপ্ৰকাৰ নৃত্য-গীত। অসমৰ হাজং সকলৰ মাজত প্ৰচলিত মনসা -বিষহৰী পূজাৰ প্ৰসংগত অনুষ্ঠিত ওজাপালিয়েই হৈছে গীতালু গীত। গীতালে গোৱা গীতেই 'গীতালুগীত'। গীতাল বা গীতালুৰ সহায়কাৰীসকল পালিৰূপে পৰিচিত।

হালনাগাদ: ৩ মে’ ২০২৫ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

গীতালু গীত হৈছে একপ্ৰকাৰ নৃত্য-গীত। অসমৰ হাজং সকলৰ মাজত প্ৰচলিত মনসা -বিষহৰী পূজাৰ প্ৰসংগত অনুষ্ঠিত ওজাপালিয়েই হৈছে গীতালু গীত। গীতালে গোৱা গীতেই 'গীতালুগীত'। গীতাল বা গীতালুৰ সহায়কাৰীসকল পালিৰূপে পৰিচিত। তেওঁ এখন হাতেৰে চোঁৱৰ ঘূৰাই আনখন হাতেৰেসাধাৰণভাৱে মুদ্ৰাভংগী প্ৰদৰ্শন কৰি মজুৰ চাৰিওফালে ঘূৰি ঘূৰি নাচি নাচি মুখ পৰম্পৰা প্ৰচলিত বিষহৰী বিষয়ক গীত -পদ লগাই দিয়ে আৰু পালিসকলে খোল-তাল সংগত কৰি সেই গীত -পদবোৰ নৃত্য়সহ দোহাৰে। মজুৰ চাৰিওফালে পঞ্চতী আয়তীয়েও (অৰ্থাৎ দধনী বা দেওধনী)গীতালৰ লগে লগে ঘূৰি ঘূৰি নাচে। 'মাৰে গান'ৰ দৰে গীতালু -গীতো অৰ্ধ নাটকীয় উপাদান বিশিষ্ট অনুষ্ঠান।১২

বৰাক উপত্য়কাত অনুষ্ঠিত মনসা পূজা বা নৌকা পূজাৰ অনুষংগত ওজাপালি ধৰ্মী এটি অনুষ্ঠান প্ৰদৰ্শিত হয়। ইয়াৰ নাম 'বিষহৰী গীত'। এই অনুষ্ঠানত বগা সাজপাৰ পিন্ধা এজন লোকে হাতেৰে চোৱঁৰ ঘূৰাই 'পদ্মা-পুৰাণ 'ৰ পৰা গীত-পদ লগাই দিয়ে। এওঁৰ নাম ওজা,দুজন পালি বা বায়নে খোল -তাল বজাই নৃত্য়সহ ওজাই লগাই দিয়া গীতবোৰ দোহাৰে।১৩

তথ্যসূত্ৰ

  1. ↑ অসমৰ লোকসংস্কৃতিৰ আভাস, লেখক - ড° নবীন চন্দ্ৰ শৰ্মা, প্ৰকাশক-বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, ২০২১-গুৱাহাটী
  2. ↑ পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, লেখক- মহেশ্বৰ নেওঁগ, প্ৰকাশক -বাণী মন্দিৰ, ১৯৫৭
  3. ↑ অসমৰ সংস্কৃতি অধ্যয়ন, সম্পাদক-মৃণালী কাগয়ুং, প্ৰকাশক-সৰস্বতী, ২০২০,গোলাঘাট

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতালু গীত” প্ৰবন্ধৰ সংশোধন ৫০৫৪৫০ (৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।