গোঁসাই উলিওৱা মেলা মধ্য অসমৰ নগাঁও জিলাৰ পশ্চিমাঞ্চল আৰু মৰিগাঁও জিলাত অনুষ্ঠিত এক লোক-উৎসৱ। এই উৎসৱ ব’হাগ-জেঠ মাহত পালন কৰা হয়।
তাৎপৰ্য
গোঁসাই উলিওৱা মেলাত ৰজাঘৰে ৰখা প্ৰতিষ্ঠা কৰা গোঁসাইক এবছৰৰ মূৰত ৰাইজৰ দৰ্শনৰ বাবে মুকলি ঠাইলৈ উলিয়াই অনা হয়। উক্ত স্থানত ঢাল-তৰোৱাল লৈ নানা খেল-ধেমালি কৰি প্ৰজাক আমোদ দি মেলা পতা হয়।১
কিম্বদন্তি
কাহিনীমতে শংকৰদেৱৰ নাতি-বোৱাৰী আই কনকলতা আৰু দামোদৰে শংকৰদেৱৰ জন্ম ঠাইৰ চিন বিচাৰি শ্ৰী শ্ৰী বটদ্ৰৱা থানলৈ আহোঁতে তিহুলীয়া বিলৰ পাৰত চাতুৱা নামে মিকিৰ ৰজাক তেওঁলোকৰ গাঁৱত লগ পায়।২ দামোদৰ দেৱক সহায় কৰিবলৈ ৰজাই সৈন্য-সামন্ত দি হাবি-বন কাটি আগুৱাই গৈ বৰদোৱা থান পায়। তাতে মিকিৰ ৰজাই দামোদৰ দেৱৰ শিষ্যত্ব গ্ৰহণ কৰে। পিছত এদিন গুৰুৱে সেই ঠাইত ফল্গু উৎসৱৰ বিষয়ে সোধাত ৰজাই সেই উৎসৱ তাত পতা নহয় বুলি কয়; কিন্তু গুৰুৰ ইচ্ছা অনুসৰি ব’হাগ বিহুৰ পিছৰ গুৰুবাৰত(বৃহস্পতিবাৰ) পাত্ৰ-মন্ত্ৰীসহিতে গোঁসাই ফুৰোৱা মেলা পাতে।১
সময়
নগাঁওৰ বাৰপূজীয়াৰ মিকিৰ গাঁৱত পোনতে এই মেলা পতা হৈছিল। পিছৰ কালত ফল্গূৎসৱৰ পিছত পঞ্জিকাৰ গণনামতে প্ৰতিবছৰে ব’হাগ মাহত এই উৎসৱ পালন কৰা হয়।১৩
ৰীতি-নীতি
উৎসৱৰ দিনা পুৱাই বৰঢোল বজাই “ঢোল-সাৰ’’(জাননী) দিয়ে। তাৰপিছত নামঘৰৰ মণিকূটৰ পৰা খাটোলাত গোঁসাই উলিয়াই আনি ৰীতিমতে গোঁসাই ধুওৱা হয়। গোঁসাই ধুওৱা পানী মটিত পৰিবলৈ নিদিয়াকৈ তামৰ কাঁহী এখনৰ ওপৰত এই কাৰ্য কৰা হয় আৰু পিছত সেই পানী পদজল হিচাপে ভকতে গ্ৰহণ কৰে। পিছত গোঁসাইক ন-বস্ত্ৰ-অলংকাৰেৰে সজাই খাটোলাত তুলি প্ৰতিষ্ঠা কৰি নামকীৰ্তন কৰে আৰু ফাকুগুড়ি ছটিয়াই দিয়ে। সকলোৱে সেৱা কৰে। তাৰপিছত উংসৱথলীত কলপাতেৰে সজা তিনিখন ৰভাৰ এখনত গোঁসাই, এখনত ৰজা-ডেকাৰজা, আৰু আনখনত ডা-ডাঙৰীয়াসকল বহে। নাম-কীৰ্তন কৰি বৰঢোলৰ তালে তালে খেল-ধেমালি কৰে। শেষত গোঁসাইক পুনৰ নামঘৰত প্ৰৱেশ কৰোৱাব লওঁতে দুৱাৰমুখত ভেটা দিয়া হয়। শালীন বাদানুবাদ কৰি শেষত গোঁসাইক মণিকূটত পুনৰ স্থাপন কৰা হয়।১
বনমালা-ধূপমালা
তুলসীৰ দৰে পৱিত্ৰ জ্ঞান কৰা বনমালা আৰু ধূপমালা গুল্মজাতীয় গছ। ইয়াৰ আঁহ পকাই পকাই মূৰত পিন্ধিব পৰাকৈ মালা সজা হয়। ৰজা আৰু ডেকা ৰজাক বনমালা আৰু বৰঢুলীয়াল ধূপমালাৰ মালা দিয়া হয়।১
বাহ্যিক সংযোগ
- গোঁসাই উলিওৱা মেলা।
তথ্যসূত্ৰ
- ↑ শইকীয়া, দ্বীপেন. (২০২৫). মধ্য অসমত গোঁসাই উলিওৱা মেলা আৰু ইয়াৰ তাৎপৰ্য. সাপ্তাহিক কলংপাৰ. পৃ. ২
- ↑ ৩৫৫ বছৰীয়া তিহুলীয়া গোঁসাই..
- ↑ মায়ঙত গোঁসাই উলিওৱা..
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোঁসাই উলিওৱা মেলা” প্ৰবন্ধৰ সংশোধন ৫০৮৬১৭ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।