অসমৰ সংস্কৃতি
১৬৫ প্ৰবন্ধ
-
ভাদমহীয়া নাম
ভাদমহীয়া নাম( Bhadomohiya Naam) অসমৰ সত্ৰ বা গাঁও-চহৰ-নগৰত থকা নামঘৰসমূহত অসমীয়া ভাদমাহটোত যতি নপৰাকৈ গোৱা নাম-কীৰ্তন৷ অসমীয়া কেলেণ্ডাৰৰ পঞ্চম মাহটো ভাদ মাহ৷ বছৰৰ আন মাহবোৰৰ তুলনাত ভাদ মাহটো নামঘৰবোৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে৷ এই মাহটো অসমীয়া মানুহে বৰ পৱিত্ৰ মাহ বুলি গণ্য কৰে৷ এই মাহটোতে…
-
মুইনাৰী কাণ্ঠি মিছাৱা
মুইনাৰী কাণ্ঠি মিছাৱা তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত লোক-উৎসৱ৷ এই উৎসৱ প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়৷ ইয়াক “মাগ্ৰ’ মিছাৱা’’ নামেও জনা যায়৷ তিৱাসকলৰ মাজত কেইবাটাও ফৈদ আছে৷ তাৰ ভিতৰৰ এটা হ’ল, মাগ্ৰ’ৱালী৷ এই মাগ্ৰ’ৱালী তিৱাসকলে মাগ্ৰ’ মিছাৱা বা মুইনাৰী কাণ্ঠি মিছাৱা নৃত্য পৰিৱেশন কৰে৷ সাধাৰণতে…
-
মৃতকক দিয়া
মৃতকক দিয়া প্ৰথা হৈছে ঠেঙ্গাল কছাৰী সমাজত পৰিয়ালবৰ্গৰ মঙ্গলাৰ্থে পালন কৰা এক পুৰণি প্ৰথা। বিহু সংক্ৰান্তিত, খেতি বাতিৰ আৰম্ভণিত আৰু সামৰণিত, বেমাৰ আজাৰ,অপায়-অমংগল ইত্যাদি হলে মৃতকক দিয়াৰ নিয়ম পালন কৰা হয়। ঠেঙ্গাল কছাৰীসকলে প্ৰত্যেক বিহুত মৃতকক স্মৰণ কৰি পৰিয়ালটিৰ মঙ্গল কামনা কৰি মৃতকক দিয়ে।
-
লখিমী বিবাহ
লখিমী বিবাহ সাধাৰণতে উজনি অসমৰ গাঁও বিশেষতে সীমাবদ্ধ। বৰষুণৰ কামনাৰে জেঠ-আহাৰ মাহত লখিমী সবাহৰ সৈতে জড়িত বিশ্বাস অনুসৰি, শস্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী বা লখিমী ধান চপোৱাৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু ওখ পৰ্বতত স্থিতি লয়গৈ।
-
লাই লুং খাম
কা লাই লুং খাম অসমৰ টাই-আহোম সকলৰ এক পৰম্পৰাগত লোকনৃত্য। এই নৃত্য আহোমসকলৰ পৰম্পৰাগত আৰু শাস্ত্ৰীয় নৃত্য হিচাপে প্ৰতিষ্ঠিত হৈছে। হাবিৰ ৰক্ষক দেউ প'-ফি-চুক উপসনা কৰা সময়ত কা লাই লুং খাম পৰিবেশন কৰা হয় ৷ পুৰুষ-মহিলা উভয়ে মিলি এজোপা বড়গছৰ তলত প্ৰকৃতিলৈ পূজা অৰ্চনা আগবঢ়াই লাই লুং খাম নৃত্য কৰে।
-
লুংজুবেল
লুংজুবেল (Lungzubel) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিয়াটা জনগোষ্ঠী সকলৰ এক প্ৰকাৰৰ বিশেষ সাংস্কৃতিক শিলৰ পাত্ৰ। বিয়াটা ভাষাত লুংজুবেলৰ অৰ্থ হৈছে "চাউলৰ সুৰা ৰখা শিলৰ পাত্ৰ।" অসমৰ ডিমা হাছাও জিলাৰ দক্ষিণ-পশ্চিম অংশ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰত লুংজুবেলৰ ধ্বংসাৱশেষ পোৱা যায়।
-
শংকৰী সংস্কৃতি
শংকৰী সংস্কৃতি বুলিলে সামগ্ৰিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সামাজিক, ধাৰ্মিক, সাহিত্যিক, সামাজিক, সাংস্কৃতিক আদি দিশত আগবঢ়োৱা অৱদান সমূহকে বুজা যায়। পঞ্চদশ ষোড়শ শতিকাৰ মহাপুৰুষ শ্ৰীশংকৰদেৱে অসমত যি নৱ-বৈষ্ণৱ ধৰ্মৰ সোঁত বোৱালে তাৰ ফলত অসমৰ জাতীয় জীৱনৰ এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল।
-
শিয়াল খেদা উছৱ
নামনি অসমৰ নলবাৰী-বৰভাগ অঞ্চলত ব’হাগৰ দোমাহীৰ দিনা “শিয়াল খেদা’’ উছৱ পতা হৈছিল৷ নামনি অসমৰ কৃষিজীৱী অসমীয়াই কৃষি ৰক্ষাৰ বাবেই বিহুগীত বিৱৰ্জিত ’ব’হাগৰ দোমাহী’ত হাবিত সোমাই কেটেলা পহু, শিয়াল আদিক দলবদ্ধভাবে চিকাৰ কৰিছিল৷ কামৰূপৰ বহু ঠাইত আজিও ’ব’হাগৰ দোমাহী’ক ’শিয়াল খেদা দোমাহী’ বোলে৷ নলবাৰী…
-
শেন যুঁজ
শেন যুঁজ বা শেন কনুৱাৰ যুঁজ অসমৰ পাৰম্পৰিক খেল সমূহৰ ভিতৰত অন্যতম। ইয়াত শেন চৰাই আৰু কনুৱা চৰাইৰ যুঁজক আমোদজনক ৰূপত উপস্থাপন কৰা হয়। এই খেল চুতীয়া আৰু আহোম যুগত ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। শেন যুঁজ ঠাই ভেদে শেন খেল, শেনৰ খেল, শেন মেলা ইত্যাদি অনেক নামেৰে জনাজাত।
-
শ্বপৌং য়ৌংমান পয়
শ্বপৌং য়ৌংমান পয় চিংফৌসকলৰ জাতীয় উৎসৱ। এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ এক তাৰিখে অনুষ্ঠিত হয়। 'শ্বপৌং য়ৌংমান পয় উৎসৱ ' হৈছে উপৰি পুৰুষক সুৱঁৰি পতা এক অনুষ্ঠান। চিংফৌসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অন্যতম প্ৰধান এটা জনগোষ্ঠী। তেওঁলোকৰ নিজা ভাষা - সংস্কৃতি, লোক-উৎসৱ, খাদ্য - সম্ভাৰ, সাজপাৰ আছে।
-
সাউৰি
সাউৰি প্ৰথা অসমৰ কৃষিজীৱী সমাজে খেতি কৰিবৰ সময়ত পালন কৰা প্ৰথাসমূহৰ ভিতৰত অন্যতম।
-
সুকুমাৰ কলা পৰিষদ, অসম
সুকুমাৰ কলা পৰিষদ, অসম (ENG: SUKUMAR KALA PARISHAD, ASSAM) আবৃত্তি আৰু সূত্ৰধাৰ(Anchoring)ৰ মাধ্যমেৰে অসমীয়া ভাষা- সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ২০০৭ চনত জন্ম হোৱা এটা স্বেচ্ছাসেৱী সংগঠন। বৰ্তমানে অসমৰ বিভিন্ন ঠাইত ইয়াৰ বহুকেইটা শাখা আৰু প্ৰশিক্ষণ বিদ্যালয় আছে।
-
সোণাৰায় পূজা
সোণাৰায় পূজা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰ, ধুবুৰী, ছত্ৰশাল, লখিমপুৰ, গোলোকগঞ্জ আৰু উত্তৰবঙ্গত প্ৰচলিত ব্যাঘ্ৰ দেৱতাৰ পূজা। এনে ঠাইত ব্যাঘ্ৰ দেৱতা সোণাৰায় নামে পৰিচিত। লোক দেৱতাৰূপে সোণাৰায়ক পূজা কৰিলে গৰুগাই নিৰাপদে থকাৰ উপৰি গৃহস্থৰ কল্যাণ হয় বুলি বিশ্বাস কৰা হয়।
-
ৰজা ফাকুৱা
ৰজা ফাকুৱা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত প্ৰতিবছৰে অনুষ্ঠিত কৰা দৌল উৎসৱ। এই উৎসৱ আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰে পৰা পালিত হৈ আহিছে। প্ৰতি বছৰ চ’ত মাহৰ শুক্লা দ্বিতীয়া তিথিত ৰজা ফাকুৱা বা ৰজা দৌল পালন কৰা হয়।
-
ৰাতি সেৱা
ৰাতি সেৱা বা ভিতৰপকীয়া (পকা) অনুষ্ঠান হৈছে আহোম সমাজত কেৱলীয়া পন্থা বা ভিতৰসেৱা মানি চলা এক তান্ত্ৰিক বৌদ্ধ-বৈষ্ণৱ আৰু হিন্দু মতৰ সময়ত গঢ়ি উঠা এক ধৰ্মীয় কৃষ্টি। এনে ভিতৰপকীয়া সদৃশ-বৈষ্ণৱ তথা তান্ত্ৰিক সেৱা আহোম সকলৰ লগতে, পৰম্পৰাগত ভাৱে উজনি অসমৰ অন্যান্য সম্প্ৰদায়সমূহৰ মাজতো প্ৰচলিত।