খাতিৰ ভাৰ হৈছে বিয়া খাটং কৰিবলৈ যাওঁতে দৰাৰ বাপেকে লগত নিয়া এখন বিশেষ ভাৰ। অসমীয়া বিয়াৰ আৰম্ভণিৰে পৰা অন্তিম লৈকে ভাৰ একোখন আগ কৰি নিয়াটো এটা দস্তৰ। দৰা -কইনা ৰাশি জোৰা অহাৰ পিছত বিয়া থিক কৰিবলৈ দৰাৰ পিতৃ কইনাৰ ঘৰলৈ যায়। তেওঁ লগত কেইজন মান লৈ যোৱাটো নিয়ম। যাত্ৰাকালত খৰিকটীয়া,তেলী,জুই লৈ যোৱা লোক অথবা মৰাশ দেখা বেয়া। যাত্ৰা কৰোঁতে দৰাৰ বাপেকে এজনৰ কান্ধত এখন ভাৰ দি বিভিন্ন দ্ৰব্য -সম্ভাৰ কইনাৰ ঘৰলৈ লৈ যায়।১
তথ্যসূত্ৰ
- ↑ দাস,ড°নাৰায়ণ আৰু ৰাজবংশী, ড°পৰমানন্দ (সম্পাদক). (২৭মে,১৯৯৬). খাতিৰ ভাৰ. চন্দ্ৰ প্ৰকাশ,পাণবজাৰ,গুৱাহাটী -১. পৃ. ৩২৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাতিৰ ভাৰ” প্ৰবন্ধৰ সংশোধন ৩৬৯৮৩৮ (২৫ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।