অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আপী ওজা

আপী ওজা অবিভক্ত কামৰূপ আৰু দৰং জিলাৰ বিভিন্ন ঠাইত প্ৰচলিত এক শ্ৰেণীৰ ওজা বিশেষ। সেই ওজাপালি দলটোত ওজা, দাইনাপালি আৰু পালি-আটায়ে ছোৱালী। ছোৱালীৰ যি ওজাপালি অনুষ্ঠান, সেয়ে কামৰূপত আপী ওজা আৰু দৰঙত লিকিৰী ওজাপালি ৰূপে খ্যাত। বিয়াহ গোৱা ওজাপালিৰ আদৰ্শতে এইবিধ ওজাপালিৰ বিকাশ।

হালনাগাদ: ২ জুন ২০২২ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

আপী ওজা অবিভক্ত কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু দৰং জিলা জিলাৰ বিভিন্ন ঠাইত প্ৰচলিত এক শ্ৰেণীৰ ওজা বিশেষ। সেই ওজাপালি দলটোত ওজা, দাইনাপালি আৰু পালি-আটায়ে ছোৱালী। ছোৱালীৰ যি ওজাপালি অনুষ্ঠান, সেয়ে কামৰূপত আপী ওজা আৰু দৰঙত লিকিৰী ওজাপালি ৰূপে খ্যাত। বিয়াহ গোৱা ওজাপালিৰ আদৰ্শতে এইবিধ ওজাপালিৰ বিকাশ। নলবাৰী ব্যাসকুছি,দক্ষিণ কামৰূপৰ বিভিন্ন স্থান আৰু দৰঙত এই দল দেখা পোৱা যায়। বিভিন্ন পূজা-পাতল আৰু সভা উপলক্ষে ৰামায়ণ মহাভাৰত আৰু ভিন্ন পুৰাণৰ পদ আবৃত্তি কৰি নৃত্য ভংগিমাৰে আপী ওজাই তেওঁলোকৰ পৰিৱেশ্য কলা পৰিৱেশ কৰাটো উল্লেখযোগ্য। আপী ওজাই হৰিচন্দ্ৰ ভট্টাচাৰ্যৰ ভাষাত'ভমকা ফুলীয়া মেখেলা আৰু ডিঙিত মণিমালা পিন্ধি চুলি মেলি দলত থিয় দিয়ে আৰু আন্যান্য ওজা দৰে নৃত্য-গীত পৰিৱেশন কাৰ্যত দলটো পৰিচালনা কৰে। ৰেবানাথ শৰ্মাই জনাইছে যে আপী ওজাই নিজে তাল নবজায়। দাইনাপালি আৰু পালি কেইজনেহে দুই হাতেৰে তাল বজায়। কোনো কোনো ঠাইৰ আপী ওজাত আকৌ ওজা আৰু দাইনাপালিহে ছোৱালী, বাদ্যবাদক পালিবোৰ পুৰুষ। উত্তৰ কামৰূপৰ ব্যাসকুছি অঞ্চলৰ আপী-ওজা প্ৰখ্যাত।১

তথ্যসূত্ৰ

  1. ↑ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী. আপী ওজা

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আপী ওজা” প্ৰবন্ধৰ সংশোধন ৩২৩০৫২ (২ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।