অসমৰ সংস্কৃতি
১৬৫ প্ৰবন্ধ
-
ছংখং পূজা
ছংখং পূজা অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা কৃষিকাৰ্যৰ লগত জড়িত এক পূজা। ছংখং কাৰ্যই হাবি ভাঙি খেতিকৰা কাৰ্যক সূচায়। পাহাৰ ভৈয়াম উভয়তে বসবাস কৰা পূজাক ছংখং পূজা কৰাতো বাধ্যতামূলক।
-
জাতনাম
জাতনাম বিহুগীতৰ এটা প্ৰধান ভাগ। যেতিয়া কোনো এটা খৰা নাম (দুলড়ী ছন্দত থকা চাৰিশৰীয়া বিহুনাম ) জাত লগাই গোৱা হয়, তেতিয়াই সেই নাম ফাঁকিক জাতনাম বোলে। হুঁচৰি, মুকলি বিহু, গাভৰু বিহু, ৰাতিবিহু আদি সকলোতে জাত নামৰ বহুল প্ৰচলন আছে।
-
জাল খোৱা
“বৈহাগৰ জাল, তেহে থাক্পো দেহা ভাল৷’’(প্ৰচলিত প্ৰবাদ) নামনি অসমৰ ব’হাগ বিহুৰ লগত এক ওতপ্ৰোত সম্বন্ধ থকা অসমীয়া সংস্কৃতিৰ আন এক প্ৰথা হ’ল, “জাল খোৱা’’৷ সকলোবিধ জ্বলাগুণ থকা সামগ্ৰী লগ লগাই তৈয়াৰ কৰা ব্যঞ্জনকে “জাল আঞ্জা’’ আৰু ইয়াক খোৱাক “জালখোৱা’’ বোলে৷ ঠাই বিশেষে ব’হাগ বিহুৰ সাতদিনৰ ভিতৰত এই ’জাল…
-
ঝেঝেৰা দল
ঝেঝেৰা দল হৈছে বৰ্তমান কামৰূপ জিলাৰ এক লুপ্তপ্ৰায় লোক নাট্য অনুষ্ঠান। ঝেঝেৰা শব্দটোৰ অৰ্থ হৈছে যুঁজাৰু। ঝেঝেৰাপট্টি মানে যুঁজাৰু দল। এই দলৰ দ্বাৰা অনুষ্ঠান পৰিৱেশনৰ বেলিকা ঢোল বজাই যুঁজ কৰাৰ লগতে নানা ভংগী প্ৰদৰ্শন কৰে। তাৰ পিছত নৃত্য গীত পৰিৱেশনৰ লগতে আনন্দোল্লাস কৰে।
-
টুকুৰীয়া পূজা
টুকুৰীয়া পূজা দক্ষিণ কামৰূপৰ পাতি ৰাভা জনগোষ্ঠীসকলৰ এটি উল্লেখযোগ্য বাৰ্ষিক ধৰ্মানুষ্ঠান। বনগাঁও মৌজাৰ খাটলপাৰা গাঁৱৰ এই পূজা প্ৰখ্যাত। এই উৎসৱ চাৰি দিনীয়াকৈ অনুষ্ঠিত হয়।
-
টুলুনী উৎসৱ
টুলুনী উৎসৱ ( Tuluni Festival) নাগালেণ্ডৰ চুমী বা ছেমা উপজাতিৰ লোকসকলে জুলাই মাহত অনুষ্ঠিত কৰা এক উৎসৱ৷ ই এক কৃষিভিত্তিক উৎসৱ৷ কৃষিক্ষেত্ৰত শস্যৰে নদন-বদন হোৱাৰ কামনাৰে জুলাই মাহত এই উৎসৱ ৪-৫ দিন ধৰি পালন কৰা হয়৷ গাঁৱৰ পুৰোহিত (আউৱৌ)জনে উৎসৱৰ দিন (আছিঘেনী) ঘোষণা কৰে৷ প্ৰথম দিনাই ঘৰৰ পোহনীয়া জন্তু…
-
ঠগা
ঠগা অসমীয়া হস্ত শিল্পৰ উৎকৃষ্ট নিদৰ্শন। চন্দ্ৰকান্ত অভিধান মতে ঠগা হ’ল (সংস্কৃতত স্থগী)পুথি থোৱা এঠেঙীয়া কাঠৰ আধাৰ। পুথি থোৱা আন এক প্ৰকাৰৰ আধাৰ পোৱা যায়। ৩০ৰ পৰা ৪৫ ছেমিঃ দীঘল তক্তা এখনৰ মাজভাগত বিশেষ প্ৰক্ৰিয়াৰে কাটি মাজেদি ফালি দুভাগ কৰা হয়।
-
ঢেপা-ঢুলীয়া
দৰং জিলাত পৰম্পৰাগতভাৱে চলি অহা এক দলীয় নৃত্যৰ অনুষ্ঠান হৈছে ঢেপা ঢুলীয়া। এই লোক সংস্কৃতি গীত, বাদ্য বা বাদক আৰু নৃত্যৰ সুসমন্বয়ত পৰিবেশন কৰা হয়। এই নৃত্য অনুষ্ঠানত ঢোল(২টা) আৰু তাল(৪/৫ জোৰা) থাকে। ইয়াত তালবোৰ ডাঙৰ, দুই-আঢ়ৈ কেজি ওজনৰ (এইবোৰক ভোৰতাল বুলিব পাৰি)।
-
তিলনি
অসমীয়া হিন্দু সমাজত মানুহ মৰাৰ তিনি দিনৰ দিনা পালন কৰা লোকাচাৰেই হ'ল তিলনি। অসমীয়া সমাজত দেহত্যাগ কৰিলে ঘৰৰ লোক আৰু ঘৰখনক অশুচি বুলি জ্ঞান কৰা হয়। গতিকে,মানুহ মৰাৰ তিনিদিনৰ দিনা কাপোৰ কানি ভালদৰে ধুই- পখালি,চাফ-চিকুণ কৰা হয়।
-
দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ
দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ ( DaliJunj Aru Hengerbhonga Utsav) কামৰূপ জিলাৰ ছয়গাঁৱৰ চণ্ডিকা দেৱালয়ত দূৰ্গাপূজাৰ সময়ত পালিত এক লোক-উৎসৱ৷ নৱমী পূজাৰ দিনা এই পৰম্পৰা পালিত হয়৷ জনবিশ্বাসমতে পূজাৰ কেইদিন বাহিৰৰ পূজামণ্ডপসমূহত পূজা খাই মন্দিৰলৈ উভতি আহোঁতে, আন কিছুমানৰ মতে মহাদেৱক নোসোধাকৈ মাতৃগৃহলৈ…
-
দুমৌৰ
দুমৌৰ বা দুমীৰ মিচিং জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা গামোচা৷ ইয়াক পুৰুষ মহিলা উভয়েই ব্যৱহাৰ কৰে৷ দুমৌৰ একৰ পৰা দুই মিটাৰ হয়৷ ইয়াৰ দুয়োটা মূৰত ফুল বছা হয় বা যিকোনো ৰঙৰ সূতাৰে পাৰি দি আঁচু বৈ দিয়া হয়৷ দুমৌৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে পৰিধান কৰা হয়৷ কেতিয়াবা কঁকালত, কেতিয়াবা মূৰত বা গাত লোৱা হয়৷
-
ধুৰা নাট
অংকীয়া নাটকৰ আদৰ্শত নৱবৈষ্ণৱ যুগৰ পৰৱৰ্তী কালত উজনি অসমত এশ্ৰেণীৰ নাটক আৰু অভিনয় কলাৰ সৃষ্টি হৈছিল- যাক 'ধুৰা নাট'বা 'ভাওনা' নাট আখ্যা দিব পাৰি। এইবিধ নাট আৰু অভিনয়-কলা অংকীয়া নাট আৰু ভাওনাৰ লোক ৰূপ (folk form)মাথোঁন।
-
ধূলাৰ কল দলিওৱা উৎসৱ
ধূলা সত্ৰৰ কল দলিওৱা উৎসৱ ব’হাগৰ সাত বিহুৰ দিনা পালন কৰা এক লোক-পৰম্পৰা৷ কামৰূপ জিলাৰ হাজোৰ ওচৰৰে ৰামদিয়াৰ এখন উল্লেখযোগ্য সত্ৰ “ধূলাৰ সত্ৰ’’৷ আহোম ৰজা প্ৰতাপসিংহৰ দিনত “বৰুৱা’’ খিতাপধাৰী ৰামজীৱন নামে এজন লোকে ৰামদিয়াৰ ধূলাপাৰাত “ধূলাৰ সত্ৰ’’ প্ৰতিষ্ঠা কৰে৷ ব্ৰহ্মপুত্ৰ বালি-পলস পৰি অঞ্চলটো…
-
ধোঁৱাচাং
ধোঁৱাচাং অসমৰ গাঁৱৰ মানুহৰ বাবে অপৰিহাৰ্য সামগ্ৰী বিশেষ। ঘৰৰ জুহাল বা ৰান্ধনিশালৰ ওপৰত চাৰিটাকৈ খুটি পুতি নাইবা বিশেষ পদ্ধতিৰে ধোঁৱাচাংখন ওলমাই ৰখাই হয়। ই প্ৰায় দুইৰ পৰা চাৰি খলপীয়া হয়। ধোঁৱাচাঙত খাদ্য সামগ্ৰীৰ লগতে অন্যান্য লাগতিয়াল বস্তু নষ্ট নহ'বলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি।
-
নগাভাও
নগাভাও উজনি অসমত প্ৰচলিত এবিধ লোকনাট্যানুষ্ঠান। ডিব্ৰুগড় জিলাৰ মৰাণৰ পৰা প্ৰায় বিশ কিলোমিটাৰ দূৰত অৱস্থিত আঘোণীবাৰীৰ কাষৰীয়া বৰপথাৰ গাঁৱৰ ৰাইজে অতীজৰে পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে এই লোকনাট্যানুষ্ঠান উদযাপন কৰি আহিছে।
-
নটুৱা নাচ
সত্ৰীয়া নৃত্যধাৰাৰ এপদ আকৰ্ষণীয় নাচ হ'ল- নটুৱা নাচ। গুৰু দুজনা আৱিৰ্ভাৱৰ পূৰ্বৰেপৰা উজনি-নামনিৰ সত্ৰবোৰত দেৱদাসী নৃত্যৰ পয়োভৰ আছিল। এই নাচৰ বিভিন্ন ৰূপাংগৰ আধাৰত সত্ৰসমূহত নটুৱা নাচে এঙামুৰি দিয়ে। কোনো কোনো লোকৰ মতে এই নাচৰ সৃষ্টিত মহাপুৰুষ মাধৱদেৱৰ অৱদান ভালেখিনি।
-
নাঙেলী গীত
নাঙেলী গীত অসমৰ দৰং জিলাত প্ৰচলিত একপ্ৰকাৰৰ গীত। নাঙেলী গীতক নাইলেনী বা লাইলাং বুলিও কোৱা হয়। বিহু গীতৰ দৰে ত্ৰিপদী ছন্দত ৰচিত এই নাঙেলী গীতবোৰৰ সংখ্যা 'ওঠৰ কুৰি' বুলি পৰম্পৰা প্ৰচলিত। কৃষিজীৱী সমাজখনৰ লোকসকলৰ জীৱনৰ আশা আকাংক্ষা, কামনা বাসনা, বিৰহ ব্যথা নাঙেলী গীতবোৰৰ মাজেদি প্ৰকাশ পায়।
-
নাদু-ভংগী
নাদু-ভংগী হ'ল সত্ৰীয়া নৃত্যৰ এটা ভাগ। এই নাদু-ভংগী নাচত তিনিযোৰা নটুৱাই (গোপ-গোপী) নাচে। সত্ৰৰ নতুন শিকাৰু সকলে এই নাচ শিকে।
-
পয়লেং
পয়-লেং (ইংৰাজী: Poi-Leng) অসম তথা উত্তৰ-পূব ভাৰতৰ শ্বান-টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ এটি পৱিত্ৰ উৎসৱ। টাই বৌদ্ধসকলে পালন কৰা পয়লেংক ৰথ মহোৎসৱ বুলিও জনা যায়। টাই ভাষাত পয় মানে উৎসৱ আৰু লেং মানে ৰথ।
-
পানীতোলা সবাহ
পানীতোলা সবাহ ( Panitola xabah) উজনি অসমৰ গাঁও বিশেষত পালন কৰি অহা এক লোকাচাৰ। খেতিৰ বাবে পৰ্যাপ্ত বৰষুণ কামনা কৰি প্ৰতিবছৰে জেঠ-আহাৰ মাহত পানীতোলা সবাহৰ আয়োজন কৰা হয়।
-
পাৱনী পৰৱ
পাৱনী পৰৱ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম জনগোষ্ঠী কোচসকলৰ বছৰৰ আৰম্ভণীতে পতা এক পৱিত্ৰ জাতীয় উছৱ। এই উছৱৰ মূল ’পাৱনী দেৱী’ কোচসকলৰ জনবিশ্বাসমতে প্ৰাকৃতিক শক্তিৰ অধিকাৰিণী আৰু প্ৰেম উৎসৃজনী দেৱী। অৱশ্যে এই পৰৱত ’পাৱনী দেৱী’ৰ লগতে অন্যান্য দেৱ-দেৱীকো পূজা কৰা হয়। পাৱনী বায় কেইবাটাও দেৱ-দেৱতাৰ সমষ্টি।
-
পোহন বিয়া
পোহন বিয়া বা পুংসৱন ক্ৰিয়া হৈছে অসমীয়া লোকজীৱনত নাৰীৰ প্ৰথম গৰ্ভ-ধাৰণ উপলক্ষে অনুষ্ঠিত সংস্কাৰমূলক অনুষ্ঠান। পোহন বিয়াৰ উদ্দেশ্য হৈছে সন্তান লাভ। বৈদিক যুগত মুখ্যতঃ পুত্ৰ সন্তান প্ৰাপ্তিৰ কামনাৰে নৱবধূৰ ক্ষেত্ৰত এই অনুষ্ঠান আয়োজন কৰা হৈছিল।
-
প্ৰভাতী
প্ৰভাতী গোৱা অসমৰ ঠাইবিশেষে প্ৰতিবছৰে পুহমাহত চলি অহা এটা পৰম্পৰা৷ এই পৰম্পৰাৰ সৈতে মাঘবিহুৰ ওচৰ সম্পৰ্ক আছে বুলি ধাৰণা কৰা হয়৷
-
ফাবাংকূট উৎসৱ
ফাবাংকূট উৎসৱ উৎসৱ ডিমা হাচাও জিলাত বসবাস কৰা কম জনসংখ্যাৰ ’বেইটে’ সম্প্ৰদায়ৰ পয়োভৰপূৰ্ণ জাতীয় উৎসৱ৷ এই উৎসৱ কৃষিকৰ্মৰ লগত জড়িত৷ কৃষিকৰ্মৰ লগত জড়িত আন আন উৎসৱসমূহ হ’ল, কৃষিৰ আৰম্ভণিৰে পৰা একাদিক্ৰমে চেমচ’ই কূট, পামচাৰ কূট, লাবাংকূট আদি৷ তেওঁলোকৰ উৎসৱসমূহ প্ৰধানকৈ দুই ভাগত ভগাব পাৰি,…
-
বগেজাৰী নৃত্য
বগেজাৰী নৃত্য (Bogejari Dance) ভাৰতৰ অসমৰ পাতিৰাভা জনগোষ্ঠীৰ এক পৰম্পৰাগত লোকনৃত্য। প্ৰধানকৈ মহিলাৰদ্বাৰা পৰিৱেশিত এই নৃত্যই ৰাভা জনগোষ্ঠীৰ ইতিহাস, লোককথা আৰু সামাজিক জীৱনক প্ৰতিফলিত কৰা এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰকাশক প্ৰতিনিধিত্ব কৰে।
-
বাট বুলনিৰ গীত
বাট বুলনিৰ গীত ( Baat Bulanir Geet) বা “বাট ফুৰা নাম’’ অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মী সমাজখনত গোৱা এবিধ নাম যাৰ সৈতে কিছু সংস্কৃতি জড়িত হৈ আছে৷ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ যওঁতে আইসকলে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে বাটৰ কষ্ট নোহোৱা কৰিবলৈ আধ্যাত্মিক ভাবাপন্ন গীত গাই বাট বুলে, সেইবোৰেই বাট বুলনিৰ…
-
বুঢ়াগোসাঁই আৰু বুঢ়ীগোঁসানীৰ পূজা
বুঢ়াগোসাঁই আৰু বুঢ়ীগোসাঁনী হৈছে অসমীয়া সমাজৰ এক পৰম্পৰাগত দেৱ-দেৱী যাক অসমীয়া হিন্দু লোকসকলে ভগৱান শিৱ আৰু তেওঁৰ অৰ্ধাংগিনী দেৱী পাৰ্বতী ৰূপে পূজা কৰে। বিশেষকৈ অসমৰ গাঁও অঞ্চলত বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীৰ পূজা-সেৱা বহু শতাব্দী ধৰি প্ৰচলিত হৈ আহিছে।
-
বৈঠকী
বৈঠকী বৰপেটা সত্ৰ আৰু আশ-পাশৰ ঠাই যেনে, সুন্দৰীদিয়া সত্ৰ, ভবানীপুৰ, গজিয়া, বাৰাদি, পাটবাউসী সত্ৰ আদি ঠাইত প্ৰচলিত এক থলুৱা অনুষ্ঠান। ই বৰপেটাৰ “বিয়া’’ অনুষ্ঠানৰ সৈতে সম্পৃক্ত। এটা সময়ত বৈঠকীক বাদ দি বিয়া নহৈছিলেই প্ৰায়। বৈঠকী মানে ’গীত-মাত’ৰ অনুষ্ঠান বা মজলিচ্।
-
বৰাত উৎসৱ
বৰাত উৎসৱ নামনি অসমৰ কামৰূপ, হাজো, নলবাৰী গোৱালপাৰা আদি ঠাইত সধৱা নাৰীসকলে পালন কৰা এক পৰম্পৰাগত লোক-অনুষ্ঠান৷ জেঠ মাহৰ শেষৰ চাৰিদিনৰকে ধৰি আহাৰ মাহৰ তিনিদিনলৈ অৰ্থাৎ মাজত দোমাহীটো ৰাখি জেঠমাহৰ শেষ তিনিদিন আৰু আহাৰ মাহৰ প্ৰথম তিনিদিন, মুঠ সাতদিন ধৰি এই বৰাত উৎসৱ পালিত হয়৷ এই বৰাত উৎসৱ আৰু অসমৰ…
-
ভঁৰাল (অসম)
ভঁৰাল হৈছে ভৱিষ্যৎ ব্যৱহাৰৰ বাবে সামগ্ৰী, মূলতঃ ধান সংৰক্ষণ কৰা ঠাই। ভঁৰালৰ নিৰ্মাণশৈলী অঞ্চলভেদে আৰু ভিন্ন জনজাতীয় সমাজব্যৱস্থা অনুসৰি সুকীয়া সুকীয়া হয়। ভঁৰাল সম্পৰ্কে বিভিন্ন জনবিশ্বাস,পৰম্পৰা অতীজৰে পৰাই প্ৰচলিত হৈ অহা দেখা যায়।