অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সভা

সভা (Sabha) নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত একপ্ৰকাৰ ঋতুকালীন উৎসৱ৷ ‘সভা’ শব্দৰ আভিধানিক অৰ্থ হ’ল― একেলগে বা মিলিত হৈ শোভা বৃদ্ধি কৰা। হেমকোষ অভিধান মতে সভাৰ অৰ্থ সমাজ। কোনো কাৰ্য কৰাৰ বাবে লগ লগা লোকৰ মেল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪৮১ শব্দ · ৩ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

সভা (Sabha) নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত একপ্ৰকাৰ ঋতুকালীন উৎসৱ৷ ‘সভা’ শব্দৰ আভিধানিক অৰ্থ হ’ল― একেলগে বা মিলিত হৈ শোভা বৃদ্ধি কৰা। হেমকোষ অভিধান মতে সভাৰ অৰ্থ সমাজ। কোনো কাৰ্য কৰাৰ বাবে লগ লগা লোকৰ মেল। সভাৰ প্ৰায় সমাৰ্থক শব্দ এটি হ’ল ‘সবাহ’ যাৰ অৰ্থ অনেক লোক গোট খাই কৰা হৰিকীৰ্ত্তন, নৈবেদ্য আদি দি লোৱা বিষ্ণুৰ নাম।১ নামনি অসমৰ ঠায়ে ঠায়ে পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সভাবোৰ বৰপেটা, নলবাৰীআৰু কামৰূপৰ বিভিন্ন ঠাইত পালন কৰা দেখা যায়৷ উজনি অসমৰ “সবাহ’’ শব্দৰ পৰাই সভা শব্দৰ সৃষ্টি হৈছে বুলি অনুমান কৰিব পাৰি৷২অৱশ্যে সভা আৰু সবাহ, কোনটো শব্দ মূল, তাকে লৈ মতদ্বৈধতা আছে৷১ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মীয় আন্দোলনৰ প্ৰভাৱপুষ্ট এই সভাবোৰ উজনিৰ সবাহবোৰৰ লগত বাহ্যিক পাৰ্থক্য থাকিলেও নীতি আৰু আদৰ্শৰ মাজত পাৰ্থক্য নাই৷ অসমীয়া কৃষকে কৃষিকাৰ্য সামৰি মাঘ মাহৰ পৰা চ’ত মাহৰ প্ৰথম পষেকৰ ভিতৰত এই সভাবোৰ অনুষ্ঠিত কৰে বাবে ইয়াক ঋতুকালীন উৎসৱ বুলি কোৱা যায়৷ কোনো কোনো ঠাইৰ “সভা’’ৰ কাৰ্যসূচীত কৃষিৰ লগত জড়িত আচাৰো পালন কৰা হয়৷২

বিধি

`সভা’বোৰ অনুষ্ঠিত কৰাৰ কিছুমান নিৰ্দিষ্ট বিধি আছে৷ সভাৰ পাঁচোটা দিনতেই বেলেগ বেলেগ কাৰ্যসূচী পালন কৰা হয়৷ পাঁচোটা দিনক বেলেগ বেলেগ নামে জনা যায়৷ প্ৰথম দিনটোক “গন্ধ’’, দ্বিতীয় দিনাক “দ্বিতীয় সভা’’, তৃতীয় দিনাক “ভৰ সভা’’, চতুৰ্থ দিনাক “চেৰা সভা’’ আৰু পঞ্চম দিনটোক “সভা ভঙাৰ দিন’’ বুলি কোৱা হয়৷

সভা অনুষ্ঠিত কৰিবলৈ এখন ঠাই নিৰ্বাচন কৰি তাক চিকুণাই মসৃণ কৰি, ৰভা দি বিভিন্ন মণ্ডপ সজা হয়৷ সভা উপলক্ষে বিভিন্ন সামগ্ৰীৰ বিপনীও সাজু কৰা হয়৷ সমগ্ৰ চৌহদটোক “সভাৰ খলা’’ নামে জনা যায়৷

“গন্ধ’’ৰ দিনা নামঘৰৰ মণিকুটৰ পৰা বিগ্ৰহ উলিয়াই আনি নুতুনকৈ সজাই তোলা মণ্ডপত স্থাপন কৰা হয়৷ খোল-তাল বজাই নামকীৰ্তন কৰি গাঁৱৰ মাজেৰে শোভাযাত্ৰা কৰা হয়৷ কোনো কোনো ঠাইত বিগ্ৰহ লৈয়েই শোভাযাত্ৰা কৰে৷ ইয়াক ’গোঁসাই উলিওৱা’ বোলে৷ কোনো ঠাইত বিগ্ৰহ মণ্ডপত প্ৰতিষ্ঠা কৰাৰ সলনি পুনৰ মণিকুটত স্থাপন কৰে৷ সন্ধিয়ালৈ কামৰূপী ঢুলীয়াই ঢোল বাদ্য পৰিৱেশন কৰে আৰু চৌপাশে ধূপ-দীপ জ্বলাই নানা আতচবাজীৰ প্ৰদৰ্শন হয়৷

দ্বিতীয় দিনা বিষ্ণুক পূজা কৰিবলৈ হোম পুৰি যজ্ঞ কৰা হয়৷ নাম-কীৰ্তন, ঢুলীয়া প্ৰদৰ্শন, নাগাৰা নাম, ওজাপালি, পুতলা নাচ আদি পৰিৱেশন কৰা হয়৷ সভাৰ আটাইকেইদিনেই এইবোৰ চলি থাকে আৰু ইয়াৰ দ্বাৰাই পৰিৱেশটো উৎসৱমুখৰ হৈ থাকে৷ অনুষ্ঠানসমূহ ’ভৰ সভা’ৰ দিনা বেছি হয় আৰু মানুহৰো সমাগম বাঢ়ে৷ শেষত পুনৰ মণিকুটৰ বিগ্ৰহ থাপনাত স্থাপন কৰি সভাৰ সামৰণি মৰা হয়৷২

উল্লেখযোগ্য সভা

নামনি অসমৰ পাটাচাৰকুছিৰ “পাটাৰ সভা’’ নামৰ সভাখনেই অসমৰ প্ৰাচীনতম সভা বুলি কোৱা হয়৷ আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাত “পাটা সত্ৰ’’ স্থাপন কৰোঁতা স্বৰ্গীয় ৰামধন দেৱ মিশ্ৰদেৱৰ মৃত্যুতিথিৰ সোঁৱৰণত চ’ত মাহৰ শুক্লা দ্বিতীয়া তিথিৰ পৰা এই সভাখন আৰম্ভণি কৰিছিল। বৰ্তমান অৱশ্যে এই সভাৰ অস্তিত্ব বিলুপ্তিৰ গৰাহত। পাটাৰ সভাৰ পিছতেই দ্বিতীয় প্ৰাচীনতম সভা হ’ল নলবাৰী জিলাৰ বালিকৰিয়াৰ মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ সভা। ১৭৫৬ চনত এই সভাৰ আৰম্ভণি হৈছিল। ইয়াৰ নলবাৰী জিলাৰ মাখিবাহাৰ সভা (১৮৩৫), অবিভক্ত বৰপেটা আৰু বৰ্তমান বজালী জিলাৰ সৰ্থেবাৰীৰ সভা (১৮৪৬), বজালীৰ মাজিউবুঢ়াৰ সভা (১৮৮০), কায়স্থ বুঢ়াৰ সভা (১৮৮২), ৰাণা বুঢ়াৰ সভা (১৮৮৪), কনিমাৰাৰ সভা (১৮৯৩), কায়স্থ বুঢ়াৰ সভা (১৮৯৯), বনগাঁৱৰ সভা (১৯০১) আৰু গাঙাবুঢ়াৰ সভা (১৯০৪) আৰু নলবাৰী জিলাৰ জাগ্ৰাৰ সভা (১৮৯৯) ইত্যাদি শতবৰ্ষ গৰকা সভা৷ এইবোৰৰ উপৰি সোলমাৰী, শিঙিমাৰী, বেলশৰ, ব্যাসকুছি, চেঙা, কমাৰকুছি, ভোজকুছি, চামতা, ক্ষেত্ৰী আদি ঠাইতো বছৰি সভা অনুষ্ঠিত হৈ আছে৷১

তথ্যসূত্ৰ

  1. ↑ অসমৰ প্ৰাচীনতম “পাটাৰ সভা’’ৰ আঁত ধৰি...
  2. ↑ শইকীয়া, নগেন. (২০১৬). অসমীয়া মানুহৰ ইতিহাস. কথা. পৃ. ৩৩৬. ISBN 978-81-89148-15-7

সম্পৰ্কিত শ্ৰেণী

উৎসৱঅসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সভা” প্ৰবন্ধৰ সংশোধন ৩৮৫৯২৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।