অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হুদুমদেওৰ পূজা

অনাবৃষ্টিৰ ফলত খেতিপথাৰে যেতিয়া চিৰালফাঁট মেলে, কৃষকে হুমুনিয়াহ কাঢ়ি ঘনে ঘনে আকাশলৈ চায়, তেনে পৰিস্থিতিত গোৱালপাৰা অঞ্চলত হুদুমদেওৰ পূজা আয়োজন কৰি বৃষ্টিৰ আয়োজন কৰা হয়। এই অনুষ্ঠান সম্পূৰ্ণৰূপে সত্ৰ আচাৰ।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

অনাবৃষ্টিৰ ফলত খেতিপথাৰে যেতিয়া চিৰালফাঁট মেলে, কৃষকে হুমুনিয়াহ কাঢ়ি ঘনে ঘনে আকাশলৈ চায়, তেনে পৰিস্থিতিত গোৱালপাৰা অঞ্চলত হুদুমদেওৰ পূজা আয়োজন কৰি বৃষ্টিৰ আয়োজন কৰা হয়। এই অনুষ্ঠান সম্পূৰ্ণৰূপে সত্ৰ আচাৰ। পূৰ্বতে আঁউসীৰ নিশা হুদু চৰাই এটা ধৰি আনি পথাৰত খুঁটি পুতি বান্ধি থৈ গাঁৱৰ বিবাহিতাসকল একত্ৰিত হৈ সম্পূৰ্ণ উলংগভাৱে তাৰ চাৰিওফালে নাচ-গান কৰিছিল। বৰ্তমান হুদু চৰাই বান্ধি থোৱাৰ নিয়ম নাই যদিও খেতিপথাৰত কলগছ এডাল পুতি (যাক ‘হুদুম খুঁটি’ বোলে) হুদুমদেওৰ পূজা কৰা হয়। এটি সন্তানৰ মাতৃ এগৰাকীয়ে একে উশাহতে এটা খুঁটি পুতিব লাগে। হুদুম খুঁটি পোতাৰ তিনিদিনৰ ভিতৰতে বৰষুণ হয় বুলি বিশ্বাস আছে। যদি বৰষুণ নহয় তেন্তে হুদুমদেওৰ পূজা আৰম্ভ কৰা হয়। হুদুম খঁটি পোতাৰ এসপ্তাহ আগৰে পৰাই তিৰোতাসকলে হালোৱা আৰু বলধৰ অভিনয়েৰে নাঙল লৈ পথাৰ চহাবলৈ ধৰে। হুদুমপূজাত পুৰুষৰ উপস্থিতি নিষিদ্ধ। হুদুমপূজাত ঢাকুৱাই ঢাক বজালে চকুত কাপোৰ বান্ধি ল’ব লাগে। এই পূজাত তিৰোতাসকলে হুদুম খুঁটিৰ চৌপাশে উলংগ হৈ উদ্দামভাৱে নৃত্য-গীত কৰে। এই পূজাৰ গীতবিলাক সাধাৰণতে অশ্লীল ধৰণৰ (যৌনবিষয়ৰ, সকলোৰে সন্মুখত পৰিৱেশ কৰিব নোৱাৰা বিধৰ) হয়। সৃষ্টিৰ আধাৰস্বৰূপ নাৰীৰ উদ্দাম নৃত্য-গীতে বৃষ্টিৰ আৱাহন কৰে আৰু ইয়াৰ ফলত বৰষুণ হোৱাটো অৱশ্যাম্ভাৱী – এনে বিশ্বাস হুদুমদেও পূজাৰ সৈতে জড়িত হৈ আছে।১

তথ্যসূত্ৰ

  1. ↑ ড০ ৰাজশ্ৰী হাজৰিকা. (২০১১). অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’. পৃ. ৭ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতিঅসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুদুমদেওৰ পূজা” প্ৰবন্ধৰ সংশোধন ৫৭৬৫৩৫ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।