বটা বা বটাঁ (Bota) অসমৰ সংস্কৃতিত ব্যৱহাৰ হোৱা এবিধ কাঁহৰ সঁজুলি। শব্দ ডট অৰ্গৰ মতে বটা হৈছে কটা তামোল বা নৈবেদ্য আদি থোৱা এবিধ শৰাইতকৈ চাপৰ ধাতুৰ পাত্ৰ৷১ বিভিন্ন মাংগলিক কাম-কাজৰ লগতে অতিথি অভ্যৰ্থনা কৰিবলৈ তামোল-পাণ আগবঢ়াওঁতে বটাৰ ব্যৱহাৰ হয়। কোনো কোনো ক্ষেত্ৰত পিতলেৰে সজা বটাও ব্যৱহাৰ হয়। সন্মানীয় লোকক বস্ত্ৰ আদি যাচি সন্মান প্ৰদৰ্শন কৰোঁতে বটাত আগবঢ়োৱা হয়। বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত দৰা-কইনা আৰু পৰিয়ালৰ লোকে শৰাই বা বটাত তামোল-পাণ, গুৱামুৰি আদি লৈ থাকি অভ্যাগতক আদৰণি জনোৱাৰ নিয়ম প্ৰচলিত। মাংগলিক অনুষ্ঠানৰ বাবে ৰাইজক নিমন্ত্ৰণ জনাবলৈ গ'লে বটাত তামোল-পাণ আগবঢ়োৱা হয়।
বিৱৰণ
বটা এখনত দুটা ভাগ থাকে: এটা হৈছে ওপৰৰ কাঁহীৰ দৰে ঘূৰণীয়া বহল অংশ আৰু এটা খুৰা বা ধাৰক। ধাৰকডাল তলফাললৈ বহলাই মেলখোৱা হয় যাতে বটাখন সমতল পৃষ্ঠত থিয় কৰাই ৰাখিব পৰা যায়। এই দুই অংশ সাধাৰণতে তামৰ গজালেৰে জোৰা লগোৱা হয়। বটাখন কাঁহেৰে প্ৰস্তুত কৰা হয় আৰু কাঁহীৰ দৰে অংশটোত বিভিন্নধৰণৰ নক্সা কাটি সজোৱা হয়। পিতলেৰে সজা বটাও সুলভ।
লোকগাথাত বটা
অ' নাজীতৰা ওলাই দেখা দিয়া
হাতত পাণ-বটা লৈ ৰাইজক সেৱা কৰা।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বটা” প্ৰবন্ধৰ সংশোধন ৩৬৫৯১৯ (১৬ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।