অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপাংকৰ বৰা

দীপাংকৰ বৰা (Dipankar Borah; জন্ম: ১১ অক্টোবৰ ১৯৯৪) অসমৰ এগৰাকী উদ্ভিদবিজ্ঞানী, অধ্যাপক আৰু গৱেষক।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

দীপাংকৰ বৰা (Dipankar Borah; জন্ম: ১১ অক্টোবৰ ১৯৯৪) অসমৰ এগৰাকী উদ্ভিদবিজ্ঞানী, অধ্যাপক আৰু গৱেষক।

ব্যক্তিগত জীৱন

১৯৯৪ চনৰ ১১ অক্টোবৰ তাৰিখে, অসমৰ বিশ্বনাথ জিলাত উদ্ভিদবিজ্ঞানী দীপাংকৰ বৰাই জন্ম গ্ৰহণ কৰিছিল। ভাৰতৰ অন্যতম বৃহৎ চাহ বাগিচা মোনাবাৰী চাহ বাগিচাও এই অঞ্চলটোতে অৱস্থিত। তেওঁৰ পিতৃ মহেশ্বৰ বৰা আৰু মাতৃ বিজন্তি বৰা। তেওঁ ২০১৫ চনত বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা (গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিভুক্ত) বি এছ চি, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা ২০১৭ চনত এম এছ চি আৰু ২০২২ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ উদ্ভিদ অন্বেষণ সম্পৰ্কীয় কাম-কাজসমূহৰ সৰহভাগেই তেওঁ উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয় ৰাজ্যতে কৰিছিল।১২ ২০২০ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ গোৱালপাৰা মহাবিদ্যালয়ৰ উদ্ভিদবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আছিল।৩ ২০২৩ চনৰ জুলাই মাহৰ পৰা তেওঁ কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত আছে।৪৫

কৰ্মৰাজি

অন্যান্য বহু উদ্ভিদ গণৰ লগতে উত্তৰ-পূব ভাৰতৰ (হিমালয় আৰু ভাৰত-বাৰ্মা জৈৱ বৈচিত্ৰ্যৰ হটস্পটত) বীগʼনিয়াছ (Begonia),৬৭৮৯১০ গেছনেৰিয়াডছ (Gesneriaceae),১১১২১৩১৪ এৰিষ্টোলচিয়া১৫ (Aristolochia বা Pipeworts) আৰু ক্ল’ৰ’ফাইটাম (Chlorophytum)ৰ১৬ ওপৰত কৰা অধ্যয়নৰ বাবে বৰা সুপৰিচিত। এতিয়ালৈকে তেওঁ ২০টাতকৈও অধিক নতুন উদ্ভিদৰ নামকৰণ কৰিছে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত, বৰাই তেওঁৰ দুজন সহযোগী বিজ্ঞানীৰ সৈতে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ পেংগা টেং ছ’ৰ পৰা ক্ৰেমন্থডিয়াম ইণ্ডিকাম (Cremanthodium indicum) নামৰ এটা নতুন আলপাইন উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰ কৰে, যিটো সেই বৰ্ষত আৱিষ্কৃত উদ্ভিদসমূহৰ মাজত অত্যধিক জনপ্ৰিয় হৈ পৰিছিল।১৭১৮১৯২০

পূব হিমালয়ৰ আলপাইন অঞ্চলত আৱিষ্কৃত আৰু তেওঁৰ প্ৰয়াত বন্ধু শ্ৰীযুত হাওটো খোইয়াঙৰ নামেৰে নামকৰণ কৰা, পেডিকুলাৰিছ খোইয়াংগি (Pedicularis khoiyangii) নামৰ উদ্ভিদ প্ৰজাতিটোৰ আৱিষ্কাৰতো তেৱেঁই আছিল। উদ্ভিদ প্ৰজাতিটোৰ সাধাৰণ নাম হ’ল হাওটু'চ্ লুজৱৰ্ট।২১২২

২০২০ চনৰ ডিচেম্বৰ মাহত, তিনিগৰাকী ভাৰতীয় বিজ্ঞানী ক্ৰমে ভি.এছ. হৰিশ, এম. ছাবু আৰু দীপাংকৰ বৰাই অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ নিৰ্জুলিৰ পৰা আমোমম অৰুণাচলেন্সে (Amomum arunachalense) নামৰ এটা নতুন উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰ কৰে।২৩

তেওঁ অসমৰ অৰ্কিডসমূহৰ সংৰক্ষণৰ বাবেও কাম কৰি আছে।২৪

বৰাই বিহালী সংৰক্ষিত বনাঞ্চলত ব্যাপকভাৱে কাম কৰাৰ লগতে ইয়াৰ সুৰক্ষা আৰু উন্নীতকৰণৰ বাবেও মাত মাতি আহিছে।২৫২৬২৭

ডক্টৰেল গৱেষণা

তেওঁ অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা বিহালী বন্যপ্ৰাণী অভয়াৰণ্য (পূৰ্বতে বিহালী সংৰক্ষিত বনাঞ্চল নামেৰে জনাজাত)ৰ পুষ্পবিজ্ঞান সম্বন্ধীয় অধ্যয়নত পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল।২৮ বৰা, "এথ্নʼবʼটানি অৱ নৰ্থইষ্ট ইণ্ডিয়া" নামৰ ৰাজহুৱা ৱেবছাইট এটিৰ সৃষ্টিকৰ্তাও। ই উত্তৰ-পূব ভাৰতৰ উদ্ভিদসমূহৰ নামৰ এক উপযোগী তথ্যকোষ।২৯

তথ্যসূত্ৰ

  1. ↑ Dipankar BORAH · Professor (Assistant) · Master of Science · Botany. ResearchGate
  2. ↑ Scopus preview - Borah, Dipankar - Author details - Scopus. www.scopus.com
  3. ↑ Teaching Staff – Science. www.goalparacollege.ac.in
  4. ↑ Dipankar BORAH. www.researchgate.net
  5. ↑ Teaching Staff. www.kaliaborcollege.ac.in
  6. ↑ Taram, Momang; Borah, Dipankar; Hughes, Mark. (2021-04-07). Begonia kekarmonyingensis (Begoniaceae), a new species from Arunachal Pradesh, Northeast India. Phytotaxa. পৃ. 268–272
  7. ↑ Borah, Dipankar; Taram, Momang; Wahlsteen, Eric. (2021). Begonia dicressine (Begoniaceae): a new record for India. Nature Conservation Research
  8. ↑ Pskhun. (2021-03-11). Species New to Science: (Botany • 2020) Begonia oyuniae (Begoniaceae, sect. Monophyllon) • A Remarkable New Species from Northeast India. Species New to Science
  9. ↑ Pskhun. (2021-12-13). Species New to Science: (Botany • 2021) Begonia arunachalensis (Begoniaceae, sect. Diploclinium) • A New Tuberous Species of Begonia from Arunachal Pradesh, India. Species New to Science
  10. ↑ Pskhun. (2021-10-07). Species New to Science: (Botany • 2021) Begonia pasighatensis (Begoniaceae, sect. Platycentrum) • A New Begonia Species from Arunachal Pradesh, India, and Some Notes on Begonia scintillans. Species New to Science
  11. ↑ Taram, Momang; Borah, Dipankar; Taku, Ojar. (2020-09-08). Henckelia siangensis (Gesneriaceae): a remarkable new species from Northeast India. PhytoKeys. পৃ. 1–6
  12. ↑ Taram, Momang; Borah, Dipankar; Singh, Rajeev Kumar. (2021). Two new species of Henckelia (Gesneriaceae) from the Eastern Himalayan state Arunachal Pradesh, India. Feddes Repertorium. পৃ. 364–371
  13. ↑ Taram, Momang; Borah, Dipankar; Nampy, Santhosh. (2020-01-24). Boeica multinervia K.Y. Pan (Gesneriaceae): a new record for India. Check List. পৃ. 89–92
  14. ↑ Borah, Dipankar; Singh, Rajeev Kumar; Taram, Momang. (2020-09-01). Boeica arunachalensis (Gesneriaceae), a New Species from Indian Eastern Himalaya and Typification of five names in Boeica. Indian Forester. পৃ. 871–874
  15. ↑ Borah, Dipankar; Taram, Momang; Das, Abhaya Prasad. (2019). Aristolochia assamica (Aristolochiaceae), a New Species from the East Himalayas. Annales Botanici Fennici. পৃ. 253–257
  16. ↑ BORAH, DIPANKAR; KAFLEY, PARIXIT; DAS, ABHAYA P. (2019-02-25). Chlorophytum assamicum (Asparagaceae), a new species from Northeast India. Phytotaxa. পৃ. 123
  17. ↑ PTI. (2021-02-24). New Alpine Plant Species Discovered in Arunachal's Tawang District. The Wire Science
  18. ↑ (2021-02-24). New species of alpine plant discovered, endemic to Tawang district in Arunachal Pradesh. Firstpost
  19. ↑ PTI. (2021-02-24). New alpine plant species discovered in Arunachal Pradesh. The Hindu
  20. ↑ (2021-02-24). New alpine plant species discovered in Arunachal Pradesh's Tawang district. Hindustan Times
  21. ↑ Plant honour for young researcher of Arunachal Pradesh and Botanical Survey of India. www.telegraphindia.com
  22. ↑ BORAH, DIPANKAR; GAP, NEELAM; SINGH, RAJEEV KUMAR. (2020-02-03). 'Pedicularis khoiyangii (Orobanchaceae), a new species from the Eastern Himalaya, India. Phytotaxa''. পৃ. 287–293
  23. ↑ Correspondent, Special. (2020-12-29). Two new species of ginger found from northeast. The Hindu
  24. ↑ Desk, Sentinel Digital. (2021-12-22). Public awareness meet held at Ezengo near Roing - Sentinelassam. www.sentinelassam.com
  25. ↑ (2021-08-01). Biswanath's only forest is on verge of extinction, but locals aren't giving up. EastMojo
  26. ↑ (2021-07-23). Neglect shrouds Behali Reserve Forest's biodiversity along Assam-Arunachal border. Mongabay-India
  27. ↑ (2021-12-26). Assam's Behali reserve forest is home to archaeological relics. EastMojo
  28. ↑ Biodiversity of Behali Reserve Forest, Assam, India. Research Gate. D.Borah
  29. ↑ Ghosh, Sahana. (2020-10-15). A Budding Botanist's Quest for Plant-Indigenous Community Relations. The Wire Science

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপাংকৰ বৰা” প্ৰবন্ধৰ সংশোধন ৫৭২৫৯৫ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।