অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপালি দত্ত

ডাঃ দীপালি দত্ত(Deepali Dutta) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞ। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

হালনাগাদ: ২ জুলাই ২০২৬ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ডাঃ দীপালি দত্ত(Deepali Dutta) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞ।১ তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। উল্লেখযোগ্য যে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম আৰু একমাত্ৰ অধ্যক্ষা।চিকিৎসা শিক্ষা সঞ্চালকালয়, অসমৰ প্ৰাক্তন সঞ্চালিকা দত্তই Indian Psychiatric Society ৰ সভাপতি হিচাপেও তেওঁ সেৱা আগবঢ়াই গৈছে।১

শিক্ষা জীৱন

দীপালি দত্তই অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত MRCP, FRC PSYCHE আদি উল্লেখনীয় ডিগ্ৰীৰ অধিকাৰী হয়। তেওঁ ১৯৯০-১৯৯২ চনলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ২ আৰু ১৯৯২-১৯৯৩লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰে।৩

চিকিৎসা জীৱন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয় আদি চিকিৎসা মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে আৰু অধ্যক্ষা হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰে। চিকিৎসা শিক্ষা সঞ্চালকালয়, অসমৰ সঞ্চালিকা হিচাপেও নিযুক্ত হৈছিল।১

তেওঁ Guwahati Mental Welfare Society ৰ অধ্যক্ষা হিচাপে সেৱা আগবঢ়াইছিল। Guwahati Mental Welfare Society য়েই মন বিকাশ কেন্দ্ৰ নামেৰে মানসিকভাৱে দুৰ্বল লোকসকলৰ বাবে এটা কেন্দ্ৰ ১৯৯০ চনত স্থাপন কৰিছিল।৪

বঁটা-বাহন

  • মহিলা শিৰোমণি বঁটা (১৯৯০)
  • the Woman of the Year title(1997) প্ৰদান কৰে the American Biographical Institute, USA-এ

স্মৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিজ্ঞান বিভাগে প্ৰতিবছৰে দীপালি দত্তৰ স্মৃতিত তেওঁৰ বৰঙণি আৰু অবদান সুঁৱৰি বক্তৃতা অনুষ্ঠান আয়োজন কৰি আহিছে।৫৬৭

তথ্যসূত্ৰ

  1. ↑ (2025-05-05). Psychiatry pioneer in NE Dr Deepali Dutta passes away. The Assam Tribune. Assam Tribune
  2. ↑ Past Principals. Assam Medical College
  3. ↑ Administration – Gauhati Medical College & Hospital. GMCH Assam. Gauhati Medical College & Hospital
  4. ↑ MVKendra. Wix.com. nbora1
  5. ↑ (13 November 2024). Exploring Imagination and Creativity: GMCH Hosts 3rd Professor Deepali Dutta Oration. The Times of India. Bennett, Coleman & Co. Ltd
  6. ↑ (11 November 2018). Memoir. Global Psychiatry
  7. ↑ (10 November 2019). Second Professor Deepali Dutta Memorial Oration. Dr Mythili Hazarika

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিকিৎসকঅসমৰ ব্যক্তিঅসমৰ মহিলা চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপালি দত্ত” প্ৰবন্ধৰ সংশোধন ৬১৫২৯৫ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।