নিংনি ভাৱৰীয়া বা নিংনি ভাউৰা (জন্ম:১৮৩৫ - মৃত্যু:১৯১৫) বৰপেটা অঞ্চলৰ এজন স্বভাৱ কবি আৰু ৰচিক ভাৱৰীয়া। নিংনিৰ কাৰ্য্য-কলাপ আৰু মুখে মুখে ৰচা ধেমেলীয়া পদ্যই ৰাইজক হাঁহিৰ খোৰাক যোগাইছিল। নিংনি ভাৱৰীয়াৰ একো-একোটা এনে কাৰ্য্যক 'ৰহস্য' বুলি জনা যায়। কিম্বদন্তী স্বৰূপে বৰপেটা অঞ্চলত প্ৰচলিত নিংনি ভাৱৰীয়াৰ ৰহস্যসমূহৰ কিছু অংশক সংগ্ৰহীত কৰি পুথি আকাৰে প্ৰথমে ছপাই উলিয়ায় হাউলীৰ যাদব চন্দ্ৰ দাসে।
নিংনি ভাৱৰীয়াৰ পৰিচয়
নিংনি ভাৱৰীয়া বৰপেটাৰ মাজৰহাটী অঞ্চলৰ মানুহ আছিল। তেওঁৰ পিতৃৰ নাম হৈছে আনন্দি। আনন্দি লক্ষণা ওজাৰ বংশধৰ আছিল।১। তেখেতৰ জীয়েক-পুতেকৰ ফালৰ বংশধৰ সকল এতিয়াও আছে।২ নিংনি ভাৱৰীয়া জন্ম আৰু মৃত্যু সম্বন্ধে বিশেষ তথ্য পাবলৈ নাই। তথাপি তেওঁৰ জন্ম আনুমানিকভাৱে ১৮৩৫ চনত হৈছিল বুলি কোৱা হয়।
নিংনি ভাৱৰীয়াই ভাওনা আদিত সাধাৰণতে কৌতুক অভিনয়ত১ আৰু প্ৰয়োজনবোধে যিকোনো চৰিত্ৰতে অৱতীৰ্ণ হৈছিল।২
নিংনি ভাৱৰীয়াৰ ৰহস্যৰ সংখ্যা
যাদৱ চন্দ্ৰ দাসৰ নিংনি ভাৱৰীবাৰ ৰহস্যত সৰ্বমুঠ ২৮-টা ঘটনা বৰ্ণিত হৈছে। লেখকৰ মতে নিংনি ভাৱৰীয়াৰ নামত প্ৰচলিত আৰু বহুতো এনে ঘটনা আছিল, যিবোৰ তেখেতে সম্পূৰ্ণ ৰূপে সংগ্ৰহ কৰিব নোৱাৰিলে।
নিংনি ভাৱৰীয়াৰ কাহিনী ভিত্তিক ছবি
নব্বৈৰ দশকত প্ৰথমে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি নিংনি ভাৱৰীয়াৰ ৰহস্য নামে এখন ধাৰাবাহিক প্ৰদৰ্শন কৰা হৈছিল।
বৰ্তমান ৰং দূৰদৰ্শন কেন্দ্ৰৰ যোগে নিংনি ভাউৰাৰ কথা নামে আন এখন ধাৰাবাহিক প্ৰদৰ্শিত হৈ আছে।৩
তথ্যসূত্ৰ
- ↑ শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ, গুৱাহাটী, ১৯৯২: প্ৰথম প্ৰকাশ, পৃঃ১৪৫-৪৬
- ↑ শ্ৰী যাদব চন্দ্ৰ দাস, পাতনি, নিংনি ভাৱৰীয়াৰ ৰহস্য, পঞ্চৰতন ফাৰ্ম, ১০-ম তাঙৰণ, ২০১১
- ↑ www.rangtv.co.in/sch.html 'ৰং' চেনেলৰ কাৰ্যসূচী, আহৰণ কৰা তাৰিখঃ ২১-০১-২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিংনি ভাৱৰীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৫২৯০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।