অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰবীণ শইকীয়া

ড° প্ৰবীণ শইকীয়া একেধাৰে এগৰাকী প্ৰবন্ধকাৰ, কলা-সংস্কৃতিৰ গৱেষক, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, শিশুসাহিত্যিক আৰু পৰিৱেশ কৰ্মী৷

হালনাগাদ: ২ জুন ২০২৬ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৪১
সংশোধনৰ পৰামৰ্শ

ড° প্ৰবীণ শইকীয়া একেধাৰে এগৰাকী প্ৰবন্ধকাৰ, কলা-সংস্কৃতিৰ গৱেষক, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, শিশুসাহিত্যিক আৰু পৰিৱেশ কৰ্মী৷

জন্ম আৰু পৰিয়াল

১৯৫৫ চনত উত্তৰ লখিমপুৰ জিলাৰ মাধৱপুৰত জন্মগ্ৰহণ কৰা শইকীয়া পিতৃ-মাতৃ আছিল যথাক্ৰমে শৈলেন্দ্ৰ নাথ শইকীয়া আৰু কিৰণময়ী শইকীয়া৷ তেখেতৰ জীৱনসংগী বৰ্ণালী হাজৰিকা শইকীয়া৷

শিক্ষা আৰু শৈশৱ

ড° শইকীয়াই বদতিৰ (জামুগুৰি) নেহৰু হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা সাং কৰাৰ পিছত নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা বিএ পাছ কৰে৷ ১৯৮২ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এমএ উত্তীৰ্ণ হয়৷

১৯৮৭ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল ডিগ্ৰী লাভ কৰে৷

১৯৯৯ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰে পৰা “খামতিসকলৰ ভাষা আৰু সমাজ: এটি অধ্যয়ন” বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ তেখেতৰ গৱেষণা নিৰ্দেশক আছিল ড° সত্যেন্দ্ৰ নাথ গোস্বামী৷

কৰ্মজীৱন

১৯৮২ এমএ পাছ কৰি উঠাৰ লগে লগে তেখেতে বিহপুৰীয়া মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগ দি ২০১৫ চনত সহযোগী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেত বিভাগীয় মুৰব্বী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ তত্ত্বাৱধানত দুগৰাকী গৱেষকে এমফিল ডিগ্ৰী লাভ কৰে৷

গ্ৰন্থপঞ্জী

শিশু কবিতা, লিমাৰিক, গীত আদি বিষয়ত তেখেতৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে৷ সঁফুৰা নামৰ শিশু আলোচনী আৰু প্ৰান্তিকৰ তেখেত এসময়ত নিয়মীয়া প্ৰবন্ধকাৰ আছিল৷

কিতাপ

  1. সুৰৰে জিঞ্জিৰি (স্বৰচিত গীতৰ পুথি), বাণী প্ৰকাশ, গুৱাহাটী, ১৯৯১
  2. অসমীয়া লিমাৰিক চয়ন (লিমাৰিকৰ সংকলন), বাণী প্ৰকাশ, গুৱাহাটী, ১৯৯৭
  3. মাণিকী মৌ (শিশু কবিতা সংকলন), কিৰণময়ী প্ৰকাশন, বিহপুৰীয়া, ১৯৯৯
  4. History of Assamese Literature, Directorate of Distance Education, Dibrugarh University, 2008
  5. আপদীয়া পদ্য (ব্যংগ কবিতাৰ সংকলন), কিৰণময়ী প্ৰকাশন, বিহপুৰীয়া, ২০০০
  6. খামতি ভাষা-সংস্কৃতি পৰম্পৰা (গৱেষণা গ্ৰন্থ, সৃষ্টি প্ৰকাশ, ২০২৩)

গৱেষণা পত্ৰ

  • খামতিসকলৰ ভাষা আৰু সমাজ: এটি অধ্যয়ন (পিএইচডি থেছিছ), গৌহাটী বিশ্ববিদ্যালয়, ১৯৯৯

পুৰস্কাৰ আৰু সন্মান

  1. গৌৰৱ বঁটা, ২০১৮, মাধৱদেৱ মহাবিদ্যালয়, নাৰায়ণপুৰ
  2. Plant Genome Saviour Farmer's Reward নামৰ ৰাষ্ট্ৰীয় বঁটা, ২০১৬-১৭

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰবীণ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬১০৮৮৭ (২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।