জুবিলী পুৰকায়স্থ (Jubilee Purkayastha) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী। ২০২১ চনত কৰ'নাভাইৰাছ ৰোগ ২০১৯ প্ৰতিৰোধী ঔষধ ‘ডি আৰ ডি অ’–২ ডি’ক্সি গ্লুক’জ’ চমুকৈ ২ ডিজিৰ প্ৰস্তুতকৰণৰ দায়িত্বত থকা ভাৰতীয় দলটোত তেখেতে এগৰাকী বিজ্ঞানী হিচাপে নিজৰ দায়িত্ব পালন কৰে। ড॰ জুবিলীয়ে বৰ্তমান ভাৰতৰ নতুন দিল্লীস্থ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ অধীনস্থ 'ইনষ্টিটিউট্ অৱ নিউক্লিয়াৰ মেডিছিন আৰু এলাইড ছায়েন্সেছ' এগৰাকী বিজ্ঞানী হিচাপে কৰ্মৰত।১
জন্ম আৰু পৰিয়াল
১৯৭৯ চনত কৰিমগঞ্জৰ মহিষাসন গাঁৱতে জুবিলী পুৰকায়স্থৰ জন্ম হৈছিল। তেখেতৰ পিতৃ সুদৰ্শন পুৰকায়স্থ আৰু মাতৃ বিনয় কুমাৰী পুৰকায়স্থ। পিতৃৰ ইতিমধ্যেই মৃত্যু ঘটিছে। বৰ্তমান তেখেত মাতৃৰ সৈতে নতুন দিল্লীত থাকে। দৰিদ্ৰ পৰিয়ালৰ সন্তান জুবিলীয়ে জীৱনত সফল হ'বলৈ বহু সংঘাতময় পথ অতিক্ৰম কৰিছে।১২
শিক্ষা
ড॰ জুবিলীয়ে ৪৪নং মহিষাসন প্ৰাথমিক বিদ্যালয়তে পঢ়াশালীয়া জীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত তেখেতে পাতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেখেতে কৰিমগঞ্জ মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰে আৰু তাৰপৰাই স্নাতক ডিগ্ৰী লাভ কৰে। যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান প্ৰতিষ্ঠানৰ পৰা তেখেতে পৰৱৰ্তী সময়ত উচ্চশিক্ষা আহৰণ কৰে আৰু এইখনি শিক্ষানুষ্ঠানৰপৰাই ড॰ জুবিলীয়ে ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে।১
২০১৮ চনত জুবিলীয়ে 'আণৱিক জীৱবিজ্ঞান আৰু জৈৱ-প্ৰযুক্তিবিদ্যা'ত বিশ্ব একাডেমিক চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।৩ তেখেতে 'আণৱিক জীৱবিজ্ঞান আৰু জৈৱ-প্ৰযুক্তিবিদ্যা সঞ্চালকালয়' নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ পৰা গৱেষক হিচাপে ফেলোশ্বিপো অৰ্জন কৰিছে।১
কৰ্মজীৱন
২০০৮ চনত তেখেতে তেজপুৰস্থিত ডিআৰডিঅ'ৰ প্ৰতিৰক্ষা গৱেষণাগাৰত বিজ্ঞানী হিচাপে যোগদান কৰে। প্ৰায় ছটা বছৰ এইটো প্ৰতিষ্ঠানৰ লগত জড়িত থাকি তেখেতে ২০১৪ চনত নতুন দিল্লীলৈ ৰাওনা হয়। বৰ্তমান তেখেতে নতুন দিল্লীত থকা ডিআৰডিঅ' অধীনস্থ ইনষ্টিটিউট্ অৱ নিউক্লিয়াৰ মেডিছিন আৰু এলাইড ছায়েন্সেছ (INMAS)ৰ এগৰাকী বিজ্ঞানী।১
উদ্ভিদ জৈৱ-প্ৰযুক্তি, প্ৰটোমিকছ্ আৰু জেনোমিকছৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ড॰ জুবিলী পুৰকায়স্থ সাধাৰণতে পৰিচিত। তেখেতে ২৫খনতকৈও অধিক গৱেষণা-পত্ৰৰ লগত জড়িত হৈছে। তেখেতৰ অধীনত এটা পেটেণ্টো আছে। ইয়াৰ লগতে দুখন কিতাপৰো তেখেত লেখিকা। তেখেতে Ecotoxicology (Springer), Plos One আৰু Acta Physiologiae Plantarum (Springer)ৰ দৰে পত্ৰিকাৰ এগৰাকী বিশেষজ্ঞ পৰ্যালোচক হিচাপে কাম কৰিছে। একাধিক আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাৰ সম্পাদনাৰ লগতো তেখেত জড়িত হৈছে।৩
ক’ভিড-১৯ প্ৰতিৰোধী ঔষধ
কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰতৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন চমুকৈ ডিআৰডিঅ'ৱে ২০২১ চনত এবিধ বিশেষ ঔষধ প্ৰস্তুত কৰি উলিয়ায়। ইয়াৰ নাম হৈছে-'ডি আৰ ডি অ'-২ ডিক্সি গ্লুকজ বা চমুকৈ ২ ডিজি'। ডিআৰডিঅ'ৰ অধীনস্থ ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড ছায়েন্সেছৰ একাধিক চিকিৎসক আৰু বিজ্ঞানী উক্ত প্ৰকল্পৰ লগত জড়িত হৈছিল। ড॰ জুবিলী পুৰকায়স্থও সেইটো গোটৰে এগৰাকী সদস্যা। প্ৰতিৰোধী ঔষধটোৰ সন্দৰ্ভত বিজ্ঞানীগৰাকীয়ে মুৰব্বী সুধীৰ চামলা আৰু জ্যেষ্ঠ সহকৰ্মী ড॰ অনন্ত নাৰায়ণ ভাটৰ অৱদান আৰু বৰঙণিৰ কথা স্বীকাৰ কৰে। তেখেতে মন্তব্য কৰে যে, “ক’ভিড–১৯ক প্ৰতিৰোধ কৰিবলৈ ডি আৰ ডি অ’ই গঠন কৰা বিজ্ঞানীৰ দলটোৰ সদস্য হোৱাটো মোৰ বাবে অত্যন্ত সৌভাগ্যপূৰ্ণ।”১
গ্ৰন্থপুঞ্জী
- Medicinal and Aromatic Plant Resources of North East India, ২০১০, ড॰ জুবিলী পুৰকায়স্থ, হেমন্ত কুমাৰ গগৈে, লোকেন্দ্ৰ সিং৪
- Bioprospecting of Indigenous Bioresources of North-East India, সম্পাদক: ড॰ জুবিলী পুৰকায়স্থ, ২০১৮৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (২৩ মে', ২০২১). ক’ভিড প্ৰতিৰোধী ঔষধ উদ্ভাৱনকাৰী বিজ্ঞানীৰ দলত অসমৰ ড॰ জুবিলী. নিয়মীয়া বাৰ্তা. পৃ. ১, ১১
- ↑ (২৩ মে' ২০২১). This Assam scientist helped DRDO develop Anti Covid Drug 2-DG assamtribune.com/assam/this-assam-scientist-help. দ্য আছাম ট্ৰিবিউন
- ↑ Dr. Jubilee Purkayastha from India Wins World Academic Championship -2018 in Molecular Biology and Biotechnology
- ↑ www.amazon.in/Medicinal-Aromatic-Plant-Resources
- ↑ www.amazon.in/Bioprospecting-Indigenous-Bioresou
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবিলী পুৰকায়স্থ” প্ৰবন্ধৰ সংশোধন ৫৪৬২৫৪ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।