কমলেন্দু দেৱ ক্ৰোৰী (Kamalendu Deb Krori, জন্ম ২১ জানুৱাৰী ১৯৩০) এজন ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ।১ তেওঁ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত সাধাৰণ আপেক্ষিকতাবাদৰ ওপৰত গৱেষণাৰ পথ প্ৰদৰ্শন কৰিছিল৷ তেওঁৰ তত্ত্বাৱধানত ১৬জন গৱেষকে পিএইচডি ডিগ্ৰী লাভ কৰিছে।২৩ তেওঁৰ প্ৰায় ১৫০খন গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে। তেওঁ "ক্ৰোৰী-বৰুৱা সমাধান"ৰ বাবে জনাজাত।৪৫ মুক্ত আধানযুক্ত তৰল গোলকৰ এককতা(১৯৭৫)ৰ বাবে এক সাধাৰণ আপেক্ষিকতাবাদী সমাধান হিচাপে তেওঁৰ সমাধান জনাজাত। ১৯৮২ চনত ক্ৰৰীয়ে দুগৰাকী শিক্ষাৰ্থীৰ সৈতে দেখুৱাইছিল যে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বৰ সৈতে সামঞ্জস্য ৰাখিবলৈ মৌলিক কণা নিউট্ৰিন' যাক মূলতঃ ফ'টনৰ দৰে ভৰ-বিহীন বুলি বিশ্বাস কৰা হয়, কিছুমান সীমিত বিশ্ৰামভৰৰ অধিকাৰী হ'ব লাগিব।
পিছলৈ ১৯৯৮ চনত জাপানী চুপাৰ-কামিওকেণ্ডে পৰীক্ষাই নিশ্চিত কৰিছিল যে নিউট্ৰিন'বোৰে নিউট্ৰিন' দোলনৰ অস্তিত্ব নিশ্চিত কৰি সঁচাকৈয়ে ক্ষুদ্ৰ ভৰৰ অধিকাৰী হয় যাৰ দ্বাৰা নিউট্ৰিন'বোৰে তেওঁলোকৰ দীঘলীয়া মহাজাগতিক যাত্ৰাৰ সময়ত তেওঁলোকৰ স্বভাৱ সলনি কৰে।
শিক্ষা আৰু কৰ্মজীৱন
ক্ৰৰীয়ে কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৩ চনত বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৬
তেওঁ কৰিমগঞ্জ মহাবিদ্যালয় আৰু তাৰ পিছত কটন বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিল। তেওঁ শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজৰ অধ্যাপক পদতো অধিষ্ঠিত হৈছিল।৬ বহুতো প্ৰতিষ্ঠানত শিক্ষকতাৰ লগত জড়িত হোৱাৰ পিছত তেওঁ ১৯৭১ চনত কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তাত্ত্বিক পদাৰ্থ বিজ্ঞানত স্বতন্ত্ৰ গৱেষণাৰ দ্বাৰা পিএইচডি ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ তাৰপিছত তেওঁ পুনৰ গুৱাহাটীৰ কটন কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে যোগদান কৰে। তাত তেওঁ আপেক্ষিকতাবাদৰ সাধাৰণ তত্ত্বৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল। পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত হয়। তেওঁ ১৯৮৭ চনত তেওঁ কটন কলেজৰ অধ্যক্ষ হৈছিল আৰু ১৯৯১ চনত অৱসৰ গ্ৰহণ কৰিছিল।
সন্মান আৰু স্বীকৃতি
অধ্যাপক ক্ৰৰীয়ে শিক্ষা আৰু বিজ্ঞানৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।৭ ১৯৯০ চনত তেওঁ অসম বিজ্ঞান সমিতিৰ পদাৰ্থ বিজ্ঞানত ড° এইচ.চি. ভূঞা বঁটা লাভ কৰিছিল। তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ১৯৯১-১৯৯৩ চনৰ পদাৰ্থ বিজ্ঞানৰ এমিৰিটাছ ফেল'শ্বিপ লাভ কৰিছিল। ২০১০ চনত কে. চি. দাস কমাৰ্চ কলেজৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰিছিল। ২০২০ চনত তেওঁ বৈদ্য ৰয়চৌধুৰী বঁটা লাভ কৰে।৮ ২০২১ চনত তেওঁ শৈক্ষিক পদাৰ্থ বিজ্ঞান বঁটা লাভ কৰে।৯ ইয়াৰ লগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক একাডেমী অফ চাইন্সেছৰ সদস্য। ২০২১ চনৰ ২ ডিচেম্বৰ তাৰিখে অসম দিৱস উপলক্ষে তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে।১০
তথ্যসূত্ৰ
- ↑ Dr Krori conferred with awards. The Assam Tribune
- ↑ Dr. K. D. Krori
- ↑ Krori, K. D.; Chaudhury, T.; Mahanta, Chandra Rekha. (1990). Some exact solutions in string cosmology. General Relativity and Gravitation. পৃ. 123–130
- ↑ Journal of Physics A: Mathematical and General
- ↑ Krori, K. D.; Chaudhury, T.; Bhattacharjee, R. (1982). Some exact solutions of Einstein-Dirac-Maxwell fields and massive neutrino. Physical Review D. পৃ. 1492–1498
- ↑ HP Roychoudhury. (13 December 2013). My Journey & Sovereign United Bengal. Partridge Publishing. পৃ. 261. ISBN 9781482812015
- ↑ Award to former Cotton principal Dr KD Krori. The Assam Tribune
- ↑ (23 December 2020). Retired Principal of Cotton College Dr K. D. Krori honoured with VR Award. The Sentinel, Guwahati
- ↑ Academic Physics Prize 2021
- ↑ (12 December 2021). Himanta Biswa Announces Names of 19 Awardees in 3 Categories, Assam Baibhav, Saurav & Gaurav Award. The Sentinel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলেন্দু দেৱ ক্ৰোৰী” প্ৰবন্ধৰ সংশোধন ৪১৭১২৭ (৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।