অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দ্ৰকমল গগৈ

চন্দ্ৰকমল গগৈ (জন্ম:১৯৪৬ - মৃত্যু:২০২৪ ) একাধাৰে চিত্ৰশিল্পী, সমালোচক, অধ্যাপক। তেখেত কলানিকেতন মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গগৈক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে। ২০২৪ চনৰ আগষ্ট মাহত তেখেতৰ মৃত্যু ঘটে।

হালনাগাদ: ১৫ আগষ্ট ২০২৪ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰকমল গগৈ (জন্ম:১৯৪৬ - মৃত্যু:২০২৪ ) একাধাৰে চিত্ৰশিল্পী, সমালোচক, অধ্যাপক।১ তেখেত কলানিকেতন মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল।২ ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গগৈক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে।৩ ২০২৪ চনৰ আগষ্ট মাহত তেখেতৰ মৃত্যু ঘটে।

শিক্ষা

পহুমৰা প্ৰাথিমক বিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি উত্তৰ লখিমপুৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৯-৭৪ লৈকে শান্তি নিকেতনত পাঁচবছৰীয়া চাৰুকলাৰ উচ্চশিক্ষা গ্ৰহণ কৰে। ৪

কৰ্মজীৱন

তেওঁ লখিমপুৰৰ বিভিন্ন স্থানত প্ৰায় ১৭খন পূৰ্ণাঙ্গ পৰ্যায়ৰ চাৰুকলা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰা এই প্ৰতিষ্ঠানবোৰে লখিমপুৰৰ চাৰুকলাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি ৰাখিছে। ৫

শিল্পকৰ্ম

তেখেতৰ প্ৰথম শিল্পকলাৰ প্ৰদৰ্শন হয় কলকাতাৰ একাডেমী অৱ ফাইন আৰ্টচ্ত, ১৯৭২ চনত। ইয়াৰ পাছত আচাম ফাইন আৰ্টচ্ এণ্ড ক্ৰেক্ট’ চ’ছাইট, ক’লা বিথিকা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, শান্তিনিকেতনৰ কলাভৱন আদিত তেখেতৰ শিল্পকৰ্ম প্ৰদৰ্শন হয়। তেখেত ভাৰতীয় ডাক বিভাগৰ অধীনত মহাৰাষ্ট্ৰৰ নাশিকস্থিত ইণ্ডিয়া চিকিউৰিটি প্ৰেছত দেশশ্ৰেষ্ঠ দহজনৰ এজন হিচাপে ডাকটিকটৰ ডিজাইনিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু ১৯৭৪ চনত ফ্ৰান্স ডাক বিভাগৰ বাবে ডাক টিকটৰ ডিজাইনো প্ৰস্তুত কৰে। ৬

সাহিত্যৰাজি

  • শান্তিনিকেতনৰ সাত হিন্দুঃস্থানী
  • কল্পনাৰ স্বাধীন অসম

বঁটা

  • বিষ্ণু ৰাভা বঁটা, অসম চৰকাৰৰ ৰাজ্যিক বঁটা, ৭

তথ্যসূত্ৰ

  1. ↑ (22 July 2016). Documentary on Chandra Kamal Gogoi released. The sentinel
  2. ↑ সাধনাৰ চন্দ্ৰকমল, সম্পাদক- স্বপ্নালী গগৈ, সুদীপ্ত কিমিনউকেশ্যন, প্ৰথম প্ৰকাশ, বেটুপাতৰ পৰা সংগৃহীত
  3. ↑ (20 June 2022). ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ. www.etvbharat.com
  4. ↑ লখিমপুৰ, স্মৃতিগ্ৰন্থ, অৰবিন্দ ৰাজখোৱা, হিৰণ্য সভাপণ্ডিত, প্ৰথম প্ৰকাশ-২০০৮, পৃষ্ঠা-৪১০
  5. ↑ লখিমপুৰ, স্মৃতিগ্ৰন্থ, পৃষ্ঠা-৪১০
  6. ↑ লখিমপুৰ, স্মৃতিগ্ৰন্থ, পৃষ্ঠা-৪১০
  7. ↑ অসমীয়া প্ৰতিদিন, গুৱাহাটী, শনিবাৰ,১৮ জুন, পৃষ্ঠা-৫

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰকমল গগৈ” প্ৰবন্ধৰ সংশোধন ৪২৮৮৫৭ (১৫ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।