শান্তনু হাজৰিকা (Santanu Hazarika; জন্ম ১ এপ্ৰিল ১৯৯১) এজন ভাৰতীয় স্ব-শিক্ষিত বহুবিষয়ক দৃশ্যকলা শিল্পী আৰু চিত্ৰকৰ, তেওঁ সততে অতিবাস্তৱিক ডুডল, গ্ৰাফিক আৰ্ট, আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে সহযোগিতাৰ বাবে পৰিচিত। মূলতঃ অসমৰ গুৱাহাটীৰ বাসিন্দা হাজৰিকাই কল্পনা, পৌৰাণিক কাহিনী, নগৰীয়া নান্দনিকতা, আৰু গভীৰ হাস্যৰসৰ সংমিশ্ৰণ ঘটোৱা আকৰ্ষণীয় দৃশ্য শৈলীৰ জৰিয়তে প্ৰাধান্য লাভ কৰিছে।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
শান্তনু হাজৰিকাৰ জন্ম হৈছিল অসমৰ গুৱাহাটীৰ এটা মধ্যবিত্ত অসমীয়া পৰিয়ালত।১ প্ৰথমতে তেওঁ ৰয়েল স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজিত মেকানিকেল ইঞ্জিনিয়াৰিংত নামভৰ্তি কৰিছিল যদিও অন্তিম বৰ্ষত পঢ়া বাদ দিয়ে। পিছলৈ তেওঁ লিছা স্কুল অৱ আৰ্ট এণ্ড ডিজাইন (Institut Supérieur des Arts Appliqués)ত গ্ৰাফিক ডিজাইনৰ অধ্যয়ন কৰে।১
কেৰিয়াৰ
২০১৪ চনত 'ৰেড বুল ৱৰ্ল্ড ডুডল আৰ্ট চেম্পিয়নশ্বিপ'ত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ পাছত হাজৰিকাৰ দৃশ্য কলাৰ কেৰিয়াৰ ত্বৰান্বিত হ'বলৈ আৰম্ভ কৰে।১ তেওঁৰ এই প্ৰতিযোগিতা জয়ৰ ফলত ৰেড বুল কনজিউমাৰ প্ৰডাক্টছৰ সৈতে সহযোগিতা কৰি এটা টি-চাৰ্ট ডিজাইন কৰে আৰু এয়া ২০১৫ চনত ৰেড বুলৰ অনলাইন ষ্ট’ৰৰ জৰিয়তে বিক্ৰী কৰা হয়।১
২০১৫ চনৰপৰা ২০১৬ চনৰ ভিতৰত তেওঁ আই আই টি গুৱাহাটীত দৃশ্যকলাৰ শিল্পী হিচাপে কাম কৰিছিল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ বক্তৃতাৰ বাবে আমন্ত্ৰিত হৈছিল।১ পিছলৈ তেওঁ এনডিটিভিৰ ই-কমাৰ্চ আৰ্ট প্লেটফৰ্ম মোজাৰ্ট'ত যোগদান কৰে আৰু ২০১৬ চনৰ শেষৰফালে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ সৈতেও কিছুসময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰে।১ ২০১৭ চনত তেওঁ কলকাতাত জুমকাৰৰ সৈতে সহযোগিতামূলকভাৱে এটা দৃশ্যকলা বিষয়ক অভিযান পৰিচালনা কৰে।১
২০১৪ চনৰ মাৰ্চ মাহত হাজৰিকাই টি-চাৰ্টত প্ৰিণ্ট কৰা মৌলিক চৰিত্ৰ আৰু শিল্পকৰ্ম সৃষ্টি কৰা ব্ৰেণ্ড 'ডিলেট ইংক' মুকলি কৰে।১ তেওঁ এডিডাছ, ৰিবক, ৰেড বুলৰ দৰে বিশ্বব্যাপী থকা ব্ৰেণ্ড কিছুমানৰ সৈতেও অংশীদাৰিত্ব কৰি ডুডলিং কৰ্মশালা পৰিচালনা আৰু কলাকৰ্ম সৃষ্টি কৰিছে।২
২০২২ চনৰ জানুৱাৰী মাহত তেওঁ মুম্বাইৰ গেলেৰী আৰ্ট এণ্ড ছ’লত BLCK শীৰ্ষক প্ৰথম একক প্ৰদৰ্শনী অনুষ্ঠিত কৰে। শ্ব'টোত তেওঁ বিশৃংখলতা, মানৱ মনোজগত আৰু জনপ্ৰিয় সংস্কৃতিৰ বিষয়-বস্তুক অন্বেষণ কৰিছিল।১
২০২১ চনত তেওঁ সংগীতজ্ঞ ৰিটভিজৰ সহযোগত এনএফটি আৰ্টৱৰ্কো সৃষ্টি কৰিছিল। ‘ছানভিজ’ নামৰ এই চিত্ৰকৰ্মটো ৱাজিৰএক্সৰ এনএফটি প্লেটফৰ্মত কেইছেকেণ্ডমানৰ ভিতৰতে বিক্ৰী হৈছিল।১
শেহতীয়াকৈ তেওঁৰ ২০২৪ চনৰ “ৰি-বাৰ্থ, ৰেপটাইল আৰু এণ্টি-ডিপ্ৰেছন” শীৰ্ষক চিত্ৰকল্প শৃংখলাটোৱে ব্যক্তিগত আৰু বাইবেলৰ বিষয়-বস্তু প্ৰতিফলিত কৰে, ইয়াৰ মাধ্যমেৰে তেওঁ প্ৰতীকী প্ৰাকৃতিক দৃশ্য আৰু অভ্যন্তৰীণ অস্থিৰতাৰ মাজেৰে এক অন্তৰ্দৃষ্টিসম্পন্ন যাত্ৰাক চিত্ৰিত কৰে।৩
শৈলী আৰু বিষয়-বস্তু
হাজৰিকাৰ শিল্পত অতিবাস্তৱবাদ, পৌৰাণিক কাহিনী, আৰু গভীৰ কল্পনাক নগৰীয়া আৰু ডিজিটেল সংস্কৃতিৰ সৈতে মিহলি কৰা হৈছে। তেওঁৰ শিল্পত অসমীয়া অসমীয়া ভাৱ কিছু তথা অসমীয়া সাংস্কৃতিক পটভূমিয়ে তেওঁৰ সংবেদনশীলতা আৰু দৃশ্যগত জ্ঞানৰ ভাণ্ডাৰক গভীৰভাৱে প্ৰভাবিত কৰে।৪
ব্যক্তিগত জীৱন
অভিনেত্ৰী শ্ৰুতি হাছানৰ সৈতে তেওঁ সম্পৰ্কলৈ অহা বুলি সংবাদ মাধ্যমৰ প্ৰতিৱেদনত প্ৰকাশ পাইছে, তেওঁলোকৰ এই সম্পৰ্ক ২০২০ চনত আৰম্ভ হৈছিল আৰু ২০২৪ চনত সৌহাৰ্দ্যপূৰ্ণভাৱে শেষ হৈছিল বুলি জনা যায়।৫
প্ৰদৰ্শনী আৰু সহযোগিতা
- ২০২১ – মুম্বাইৰ বান্দ্ৰাৰ মেথডত অনুষ্ঠিত হোৱা দলীয় প্ৰদৰ্শনী “ড’জড: এ চাইকেল ডে স্পেচিয়েল মাইক্ৰ’ড্ৰপ”ত চিত্ৰকৰ্ম প্ৰদৰ্শিত হয়।৬
- ২০২২ – মুম্বাইৰ গেলেৰী আৰ্ট এণ্ড ছ'লত একক প্ৰদৰ্শনী বিএলচিকে অনুষ্ঠিত হয়।১
- ৰেড বুল, এডিডাছ, ৰিবক, ভলভো, পৰ্ছে, লেভিছ, চিভাছ, ডেৱাৰ্ছ, হাৰ্পাৰছ, আৰু ডাষ্ট অৱ গডছ্ আদি ব্ৰেণ্ডৰ সৈতে সহযোগিতা।২
তথ্যসূত্ৰ
- ↑ Santanu Hazarika (Artist). StarsUnfolded
- ↑ Santanu Hazarika Collection. The Method
- ↑ (15 May 2024). Santanu Hazarika’s New Art Series Illustrates A Haunting Introspective Personal Battle. Homegrown
- ↑ (2022). The Year That Was: Santanu Hazarika. Platform Magazine
- ↑ (20 January 2024). Who is Shruti Haasan's Ex-Boyfriend Santanu Hazarika?. Filmibeat
- ↑ Santanu Hazarika Biography. MutualArt
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তনু হাজৰিকা (চিত্ৰশিল্পী)” প্ৰবন্ধৰ সংশোধন ৫৩৩৯০০ (১৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।