দেবানন্দ উলুপ (ইংৰাজী: Debananda Ulup ) (জন্ম: ৩০জুন,১৯৬৪ ) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। তেওঁ চিংফৌ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে।১২
জন্ম
দেবানন্দ উলুপৰ জন্ম ১৯৬৪ চনত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ উলুপ গাঁৱত। পিতৃ ৰামেশ্বৰ উলুপ আৰু মাতৃ গুমকী উলুপ।২
শিক্ষা
সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দেবানন্দ উলুপে এটা কুকুৰা বিক্ৰী কৰা টকাৰে ৰেলৰ টিকট কাটি যোৰহাটলৈ গুচি আহে। যোৰহাট চাৰুকলা বিদ্যালয়ত কিছুদিন ছবি অঁকাৰ পাঠ লয় যদিও মনৰ অস্থিৰতাই তেখেতক যোৰহাটতো টিকি থাকিবলৈ নিদিলে।২
১৯৭৯ চনৰ শেষৰ ফালে তেখেত গুৱাহাটীলৈ গুচি যায় আৰু নিগাজীকৈ তাতে থাকিবলৈ লয়। গুৱাহাটীত থকা প্ৰথমৰ সময়ছোৱাত তেখেতে গুৱাহাটী আৰ্টিষ্ট গীল্ডলৈও কিছুদিন ছবি অঁকা শিকিবলৈ গৈছিল যদিও এয়াও খুব কম সময়ৰ বাবে।
কৰ্মজীৱন
১৯৮৭ চন মানৰ পৰা তেখেতে নিজাববীয়াকৈ ছবি অঁকা আৰম্ভ কৰে। প্ৰথমলানি ছবি ‘ষ্ট্ৰীট অৱ হাংগাৰ' (Street of Hunger)। ৮৫চনৰ পিছৰফালে ‘বাঘমানুহ’ আৰু ১৯৯৯ চনত ক্ৰমে ‘য়েল্ল বাৰ্ড’ (Yellow Bird)আৰু ‘পাটকাই’(Patkai) ছিৰিজৰ ছবি সমূহ আঁকে। ২০১০-১১ চনৰপৰা তেখেতে আৰম্ভ কৰে ‘মাইভেলী'(My Valley) ছিৰিজৰ কাম। এই ছিৰিজৰ ছবি সমূহে চিংফৌ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে আৰু এই শেহতীয়া শিল্পকৰ্মই শিল্পীগৰাকীক কেৱল অসমতে নহয়, অৰুণাচল, ম্যানমাৰ, চীনপৰ্যন্ত শিল্পীৰূপে স্বীকৃতি দিছে।
১৯৮৫ চনৰপৰা ১৯৮৯ চন পৰ্যন্ত তেখেতে ‘প্ৰান্তিক’ আলোচনীৰ লে-আউট আৰ্টিষ্ট ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৮৯চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত চাকৰিত যোগদান কৰে। ১৯৯৫ চনৰপৰা তেখেত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰো শিক্ষকৰূপে নিযুক্ত হয়।
ব্যক্তিগত জীৱন
দেবানন্দ উলুপৰ সহধৰ্মিনী শ্ৰীমতী বৈজয়ন্তী উলুপ।
বিবাহসূত্ৰে শিল্পীগৰাকী ক্ৰমে তিনিটি সন্তানৰ পিতৃ। দুটি ল’ৰা আৰু এগৰাকী কন্যা সন্তান ক্ৰমে আংচেং, জাইং আৰু জাউম।
অধিক চাওঁক
তথ্যসূত্ৰ
- ↑ (26.11.04, 12:00 AM). Tribal art that tells it as it is - Debananda Ulup portrays dilemma of Singpho society. www.telegraphindia.com
- ↑ প্ৰাণজ্যোতি নাথ. (10 July 2023). সাক্ষাৎকাৰ: “নিজৰ জীৱনটোক লৈ মই সুখী” – চিত্ৰশিল্পী দেবানন্দ উলুপ. assam.nenow.in/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেবানন্দ উলুপ” প্ৰবন্ধৰ সংশোধন ৩৮৫২৩৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।