অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিতেন হাজৰিকা

জিতেন হাজৰিকা এজন অসমীয়া চিত্ৰশিল্পী। ভাৰতীয় সেনা বাহিনীৰ পৰা কৰ্ণেল ৰূপে অৱসৰ গ্ৰহণ কৰা হাজৰিকাই ১৯৩৬ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল। ভাৰতৰ লগতে বিদেশতো তেওঁৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। চিত্ৰশিল্পীগৰাকীয়ে বৰ্তমান দিল্লীৰ নয়দাত বাস কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জিতেন হাজৰিকা এজন অসমীয়া চিত্ৰশিল্পী।১ ভাৰতীয় সেনা বাহিনীৰ পৰা কৰ্ণেল ৰূপে অৱসৰ গ্ৰহণ কৰা হাজৰিকাই ১৯৩৬ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল। ভাৰতৰ লগতে বিদেশতো তেওঁৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে।২ চিত্ৰশিল্পীগৰাকীয়ে বৰ্তমান দিল্লীৰ নয়দাত বাস কৰে।৩

শিক্ষা আৰু কৰ্মজীৱন

১৯৩৬ চনত নগাঁও জিলাৰ হাতীচোঙত জিতেন হাজৰিকাই জন্মগ্ৰহণ কৰে। নগাঁৱৰ চকলাঘাট হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি হাজৰিকা কটন বিশ্ববিদ্যালয়ৰ পৰা ISC উত্তীৰ্ণ হয়। হাজৰিকাই ১৯৬৩ চনত গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ব্যৱহাৰিক অভিযন্তা (Civil Engineer) ৰূপে উত্তীৰ্ণ হয়। উল্লেখনীয় যে অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰ হিচাপে থাকোঁতে তেওঁ বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল। ইয়াৰ পিছতে তেওঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত সহকাৰী অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে যদিও পিচলৈ সেই চাকৰি ত্যাগ কৰে।২ ১৯৬৪ চনত হাজৰিকা ভাৰতীয় সেনা বাহিনীত নিযুক্ত হয়, আৰু ১৯৯০ চনত কৰ্নেলৰূপে চাকৰিৰ পৰা স্বেচ্ছামূলক ভাৱে অৱসৰ গ্ৰহণ কৰে।

১৯৭২ চনত কলিকতাৰ একাডেমী অফ আৰ্টছত শিল্পীগৰাকীৰ প্ৰথমখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। ১৯৮২ চনত অনুষ্ঠিত এক প্ৰতিযোগিতাত তেওঁ সৈন্যবাহিনীৰ শ্ৰেষ্ঠ চিত্ৰশিল্পীৰূপে স্বীকৃতি লাভ কৰে।২

জিতেন হাজৰিকাই অংকিত কৰা ছবিসমূহৰ মাজত গভীৰ বাস্তৱবাদৰ ভাৱ সুন্দৰকৈ ফুটি উঠা দেখা যায়। বিশেষকৈ তেখেতে ছবিৰ মাজেৰে সাম্প্ৰাতিক সময়ৰ প্ৰতিচ্ছবিসমূহ দাঙি ধৰি চিত্ৰশিল্পক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ দ্বাৰা প্ৰভূত সমাদৃত হৈ আহিছে।

বঁটা আৰু সন্মান

  • প্ৰণৱ বৰুৱা বঁটা, ২০১১ চন।৪

তথ্যসূত্ৰ

  1. ↑ Runa Borah. (1 July, 2010). Profile of Jiten Hazarika: ‘The Artist From Assam’. Assam Spider
  2. ↑ Madhur Tankha. (11 August 2012). He gave up the gun for the brush. The Hindu
  3. ↑ (23 February 2012). An artist’s advice for novices. The Telegraph
  4. ↑ (1 January, 2012). Pranab Baruah Award to Jiten Hazarika. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিত্ৰশিল্পীঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিতেন হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৩৮১০৩৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।