অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আদ্য শৰ্মা

আদ্য শৰ্মা (৫ নৱেম্বৰ, ১৯২৯ – ২২ ফেব্ৰুৱাৰী, ২০১৫) অসমৰ এগৰাকী চিত্ৰশিল্পী। তেখেতৰ জন্মস্থান নলবাৰী জিলাৰ মাখিবাহা। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ কলা-নিৰ্দেশক হিচাপেও তেখেতে কাম কৰি গৈছে।

হালনাগাদ: ৩ ফেব্ৰুৱাৰী ২০২৪ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

আদ্য শৰ্মা (৫ নৱেম্বৰ, ১৯২৯ – ২২ ফেব্ৰুৱাৰী, ২০১৫) অসমৰ এগৰাকী চিত্ৰশিল্পী। তেখেতৰ জন্মস্থান নলবাৰী জিলাৰ মাখিবাহা। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ কলা-নিৰ্দেশক হিচাপেও তেখেতে কাম কৰি গৈছে। নলবাৰী চহৰত বেনাৰ আৰু ছাইনবোৰ্ড লিখা এটা প্ৰতিষ্ঠান 'চিত্ৰালয়'ৰ মাজেৰে তেওঁ পেশাদাৰী শিল্পী হিচাপে জীৱন আৰম্ভ কৰে।১ পাছলৈ নলবাৰীতেই 'ৰংঘৰ' নামে এটা কলা-সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰে। ১৯৫৪ চনত 'ৰংঘৰ'ৰ চালিতেই তেখেতে আৰম্ভ কৰে 'নলবাৰী আৰ্ট স্কুল'। ব্যক্তিগত জীৱনত চিৰকুমাৰ আদ্য শৰ্মাই নলবাৰী আৰ্ট স্কুলকেই বাসস্থান হিচাপে ব্যৱহাৰ কৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰাৰম্ভিক কালতেই তেখেত ইয়াৰ লগত জড়িত হৈ ভ্ৰাম্যমাণৰ মঞ্চ নিৰ্মাণ, কাৰিকৰী বৈশিষ্ট্য আদি নিৰ্ণয় কৰাত অংশ লৈছিল। বিষ্ণু ৰাভা বঁটা, নলবাৰী ৰত্ন বঁটা আদি সন্মানেৰে বিভূষিত আদ্য শৰ্মা নলবাৰী বাসীৰ মাজত 'গুৰুজী' নামেৰে জনাজাত আছিল।২৩ তেখেতক সন্মানসহকাৰে 'জীৱন শিল্পী' বুলি অভিহিত কৰা হৈছে৪।

জন্ম আৰু শৈশৱ

আদ্য শৰ্মাৰ জন্ম হৈছিল নলবাৰী জিলাৰ মাখিবাহা গাঁৱত ১৯২৯ চনৰ ৫ নৱেম্বৰ তাৰিখে। পিতৃ আৰু মাতৃৰ নাম ক্ৰমে চন্দ্ৰ নাথ শৰ্মা আৰু ঘুনুচাপ্ৰিয়া দেৱী। পিতৃ এগৰাকী খনিকৰ শিল্পী আছিল। পৰিয়ালটোৰ দুখীয়া অৱস্থাৰ বাবে আদ্য শৰ্মাই বিদ্যালয়ৰ শিক্ষা লাভ কৰিব পৰা নাছিল। জীৱিকা আৰ্জনৰ বাবেই তেখেতে ১৯৪৩ চনত নাগালেণ্ডলৈ গৈ ডিমাপুৰৰ ওচৰৰ মণিপুৰ ৰোডত থকা ব্ৰিটিছ সেনাৰ ২২ ডি অ' ডিৰ পেইণ্টিং বিভাগত সাধাৰণ কৰ্মচাৰী হিচাপে নিয়োজিত হৈছিল।১

কৰ্মজীৱন

ব্ৰিটিছ সেনাৰ অধীনত কাম কৰি থকাৰ সময়তে বিভাগটোৰ মুৰব্বী বিষয়াজন স্মিথে তেখেতক অংকনৰ কৌশল শিকাবলৈ লয়। কিন্তু ১৯৪৬ চনত ব্ৰিটিছ সেনাৰ শিবিৰ উঠি যোৱাত আদ্য শৰ্মা নিবনুৱা হৈ পৰে আৰু নলবাৰীলৈ উভতি আহে।১ নলবাৰীলৈ উভতি আহি তেখেতে প্ৰথমে বেনাৰ ছাইনবোৰ্ড আদি অঁকা এটা চিত্ৰালয় খোলে। ইয়াত তেওঁ বেনাৰ, চাইনবোৰ্ড আদি লিখাৰ লগতে ফটো বন্ধোৱা আদিও কৰিছিল। পঞ্চাশৰ দশকত তেখেতে নলবাৰীৰ পি.এন.চি. ৰোড-ত 'ৰংঘৰ' নামেৰে এটা কলা-সাংস্কৃতিক অনুষ্ঠান গঢ়ি তোলে। 'ৰংঘৰ'ৰ চালিতেই ১৯৫৪ চনত ছবি অঁকাৰ শিক্ষা দিয়া 'নলবাৰী আৰ্ট স্কুল' স্থাপন কৰে। ১৯৭২ চনত 'নলবাৰী আৰ্ট স্কুল' নলবাৰী চহৰৰ শান্তিপুৰ অঞ্চলৰ আদ্য শৰ্মাৰ স্বগৃহলৈ স্থানান্তৰ কৰা হয়।১

ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত

আদ্য শৰ্মা ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত আছিল অচ্যুত লহকৰৰ প্ৰযোজিত অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰৰ লগতেই।৫ তাৰ আগেই তেখেতৰ বিভিন্ন যাত্ৰা-পাৰ্টি আৰু পেছাদাৰী অপেৰা পাৰ্টিৰ বাবে পট-অঙ্কন আদিৰ কাম কৰি আহিছিল। নটৰাজ থিয়েটাৰত তেখেতে গজেন বৰুৱা আৰু ত্ৰৈলোক্য শৰ্মাৰ লগত ৰূপাংকনৰ কাম কৰিছিল। পাছলৈ আদ্য শৰ্মাই অন্যান্য ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ সৈতেও জড়িত হৈ পৰে আৰু কেবাটাও নাট্যদলৰ কলা-নিৰ্দেশক হিচাপে কাম কৰে। তেখেতৰ দ্বাৰা কলা-নিৰ্দেশিত কহিনুৰ থিয়েটাৰৰ 'টাইটানিক' নাটকৰ কাৰিকৰী কুশলতা বিশেষ ভাৱে চৰ্চিত হৈছিল।১

চিত্ৰ-শিল্পী হিচাপে

আদ্য শৰ্মাই নীৰৱিচ্ছিন্ন ভাৱে ছবি অঁকাৰ লগতে নলবাৰী আৰ্ট স্কুলৰ যোগেৰে নতুন চিত্ৰকৰক শিক্ষাদানৰ কামতো ব্ৰতী হৈ আহিছিল।

ব্যক্তিগত জীৱন

নলবাৰী আৰ্ট স্কুল প্ৰাংগনতে ঘৰ সাজি থাকিবলৈ লোৱা আদ্য শৰ্মা চিৰকুমাৰ আছিল।৬

মৃত্যু

২০১৫ চনৰ ২২ নৱেম্বৰ দেওবাৰে বিয়লি ৫.৪৭ বজাত নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আদ্য শৰ্মাই মৃত্যুবৰণ কৰে।৬ মৃত্যুৰ পাছত তেখেতৰ নশ্বৰ দেহ প্ৰথমে উপজা স্থান মাখিবাহালৈ নিয়া হয়, আৰু পাছত নলবাৰীলৈ ওভতাই অনা হয়। সোমবাৰৰ দিনটোত নলবাৰী আৰ্ট স্কুল-ত তেখেতৰ শৱদেহত গুণমুগ্ধই শ্ৰদ্ধা যাচে, আৰু বিয়লি দুই বজাত নলবাৰী ৰাজহুৱা শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেখেতৰ ছাত্ৰ আৰু শিল্পী নলিনী দাস আৰু আব্দুল মান্নানে আদ্য শৰ্মাৰ পদচিহ্ন সংগ্ৰহ কৰি নলবাৰী আৰ্ট স্কুলৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰে।৬

বঁটা আৰু সন্মান

আদ্য শৰ্মাই নিম্নোক্ত বঁটা সমূহ লাভ কৰা উপৰিও তেখেতক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা জনাই আহিছে। তেখেতক সম্বৰ্ধনা জনোৱা অনুষ্ঠানসমূহৰ ভিতৰত নলবাৰী জিলা ছাত্ৰ সন্থাঁ, কহিনুৰ থিয়েটাৰ, নিউ আৰ্ট প্লেয়াৰ্ছ, জ্যোতিৰূপা, ষ্টেট বেংক অৱ ইণ্ডিয়া, অসম শিল্পী সমাজ, নলবাৰী হৰি মন্দিৰ, ক্ষীৰোদা বৰুৱা একাংক নাটক প্ৰতিযোগিতা (মৰিগাঁও), কুমাৰ ভাস্কৰ নাট্য মন্দিৰ সমিতি (গুৱাহাটী) আদি।

  • বিষ্ণু ৰাভা বঁটা (১৯৯৯)
  • শিল্পীজ্যোতি বটা
  • ৱাইজমেন এৱাৰ্ড
  • প্ৰণৱ বৰুৱা শিল্পী বঁটা
  • আৱাহন থিয়েটাৰ বঁটা
  • নলবাৰী ৰত্ন (২০১২)

তথ্যসূত্ৰ

  1. ↑ নীলিম আকাশ কাশ্যপ, আদ্য শৰ্মা, কেনভাছত জীৱনৰ গান.দেওবৰীয়া খবৰ, ১৯ অক্টোবৰ, ২০১৪. পৃ: ৮-১০, ২৬
  2. ↑ Dr BK Bhattacharya Honoured By The Assam Tribune, 27 Dec 2014
  3. ↑ Persons in Specialty nalbari.nic.in
  4. ↑ Jiban Silpi Adya Sarma felicitated at Nalbari, The Sentinel, May 14, 2014
  5. ↑ এলেক্স ফিগো (অনুলেখক), মহানায়ক অচ্যুত লহকৰৰ আত্মজীৱনী ভ্ৰাম্যমাণ থিয়েটাৰ, বুক ৱৰ্ল্ড পাব্লিকেশ্বন, পাঠশালা (২০১০)
  6. ↑ চম্পক বৈশ্য, সুভাষ ডেকা আৰু কমল কুমাৰ ডেকা; পঞ্চভূতত বিলীন 'গুৰুজী'; আমাৰ অসম, ২৪ ফেব্ৰুৱাৰী, ২০১৫

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চিত্ৰশিল্পীনলবাৰী জিলাৰ প্ৰসিদ্ধ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদ্য শৰ্মা” প্ৰবন্ধৰ সংশোধন ৪০৪৩০৩ (৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।