অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হৰলটাৰী

হৰলটাৰী ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সোণাময়ী গাওঁ পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও। ই সাপটগ্ৰাম চহৰৰ পৰা ৬ কিল'মিটাৰ আৰু বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ১৫ কিল'মিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱৰ স্থান ক'ড ২৮১১৮৫। হৰলটাৰী গাঁৱত এটা ডাকঘৰ আছে। ইয়াৰ পিন ক'ড ৭৮৩৩৩৭।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হৰলটাৰী ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সোণাময়ী গাওঁ পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও।১ ই সাপটগ্ৰাম চহৰৰ পৰা ৬ কিল'মিটাৰ আৰু বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ১৫ কিল'মিটাৰ দূৰত অৱস্থিত। ২ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱৰ স্থান ক'ড ২৮১১৮৫। হৰলটাৰী গাঁৱত এটা ডাকঘৰ আছে। ইয়াৰ পিন ক'ড ৭৮৩৩৩৭।৩

মাটিকালি

গাঁওখনৰ মুঠ ভৌগোলিক আয়তন ৯০.৯৬ হেক্টৰ৪ (০.৯০৯৬ বৰ্গ কিলোমিটাৰ১)।

জনসংখ্যা

২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱত প্ৰায় ১২৩ টা ঘৰ আছে৫ আৰু ইয়াৰ মুঠ জনসংখ্যা ৫০৮ জন, তাৰে ভিতৰত পুৰুষ জনসংখ্যা ২৫০ জন আৰু মহিলা জনসংখ্যা ২৫৮ জনী। এই গাঁৱৰ সাক্ষৰতাৰ হাৰ ৬৯.৬৯%। ইয়াৰে ৭৪.৮০% পুৰুষ আৰু ৬৪.৭৩% মহিলা।৬ অৱশ্যে বৰ্তমান সময়ত জনসংখ্যা প্ৰায় দুহেজাৰ হ'ব। ধৰ্মৰ দিশৰ পৰা চাবলৈ গ'লে এই গাঁৱৰ সকলো মানুহেই হিন্দু ধৰ্মাৱলম্বী।

চাৰিসীমা

  • পূব: ৰাৱনটাৰী গাঁও
  • পশ্চিম: ভালুকমাৰী গাঁও
  • উত্তৰ: শালটাৰী গাঁও
  • দক্ষিণ: কালপানী গাওঁ

শিক্ষা আৰু আন্তঃগাঁথনি

হৰলটাৰী গাঁৱত নিম্ন প্ৰাথমিক বিদ্যালয়কে ধৰি মৌলিক শৈক্ষিক আন্তঃগাঁথনিৰ সুবিধা আছে। উচ্চ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে ওচৰৰ চহৰলৈ যায়। গাঁওখনত ৰাজ্যিক আঁচনিৰ অধীনত গ্ৰাম্য স্বাস্থ্য সেৱা আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধাও আছে।১

শিক্ষানুষ্ঠান

  • খুদনামৰী মজলীয়া বিদ্যালয় (এম.ভি. স্কুল)

(স্থাপিত: ১৯৬২ চন)৭

  • হৰলটাৰী অংগনবাড়ী কেন্দ্ৰ

ধৰ্মীয় অনুষ্ঠান

  • দুৰ্গা মন্দিৰ
  • কালি মন্দিৰ
  • দৌল মন্দিৰ
  • নামঘৰ

উৎসৱ-পাৰ্বণ

  • ৰঙালী বিহু
  • শংকৰদেৱৰ তিথি
  • মাধৱদেৱৰ তিথি
  • শ্ৰীকৃষ্ণৰ জন্মোৎসৱ
  • দুৰ্গাপূজা
  • কালিপূজা
  • ভোগালী বিহু
  • হোলী
  • পালনাম

তথ্যসূত্ৰ

  1. ↑ Village List – Dhubri District. Dhubri District Administration
  2. ↑ Haraltari Pin Code · Postal Code (Zip Code) of Haraltari, Dhubri, Assam, India. India TV News
  3. ↑ News, India TV. Haraltari Pin Code · Postal Code (Zip Code) of Haraltari, Dhubri, Assam, India. www.indiatvnews.com
  4. ↑ Info, INDIAN VILLAGE DIRECTORY. About Horaltari. www.villageinfo.in
  5. ↑ List of Villages in Bilasipara East Block. Census India. Registrar General & Census Commissioner, India
  6. ↑ Info, INDIAN VILLAGE DIRECTORY. About Horaltari. www.villageinfo.in
  7. ↑ About Khudnamari MV School (Haraltari). www.schools.org.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওসাপটগ্ৰাম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰলটাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৮৪১৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।