ৰজাগাঁও (Rajagaon) নগাঁও জিলাৰ দক্ষিণ প্ৰান্তৰ এখনি সৰু ঠাই যদিওবা ই শিক্ষা দীক্ষাত আগবঢ়া। ইয়াত এখন ছোৱালী হাইস্কুল, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন ডিগ্ৰী কলেজ (কাজিৰঙা মহাবিদ্যালয়, ) আছে।
ৰজাগাঁও, শিঙিমাৰী পঞ্চায়তৰ অন্তৰ্গত। বৃহত্তৰ শিঙিমাৰী এলেকাৰ প্ৰাণকেন্দ্ৰ ৰজাগাঁও হোৱা হেতুকে ৰজাগাঁৱত থকা অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ নাম শিঙিমাৰী বুলি জনা যায়; গতিকে প্ৰাথমিক বিদ্যলয় বা মধ্য ইংৰাজী বিদ্যালয় বা উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক শিঙিমাৰী বুলিহে উল্লেখ কৰে।
কিন্বদন্তী মতে, অতীতত ইয়াত গাৰোসকলৰ ৰজাৰ বাসস্থান আছিল। ইয়াৰ সাক্ষীস্বৰূপে এতিয়াও ৰজাপুখুৰী; গাৰোপাহাৰ; কমাৰফা গাঁৱৰ মেগালিথিক শিলাসমূহ বিৰাজমান।
ইতিহাস
আনুমানিক আধুনিক ৰজাগাঁৱৰ সৃষ্টি ১৮৫৫ খৃষ্টাব্দ। কাষতে বৰপানী চাহ বাগিছা। বিভিন্ন পৰিঘটনা হেতু চাহ বাগিছাৰ কৰ্মচাৰীসকল বাগানৰ পৰা আহি এই ঠাইত বসতি আৰম্ভ কৰে। বাগানৰ কমৰ্চাৰী নিশিকান্ত ৰায়, মহিমল ভূঞা আদি ব্যক্তিসকল আহি বসবাস কৰিবলৈ আৰম্ভ কৰে। প্ৰাক্ স্বাধীনতা কালত বৰপানী চাহ বাগানৰ আলমত গঢ়ি উঠা গাঁও কেইখন হ'ল শিঙিমাৰী, ঘাচি বস্তি (বৰ্তমানৰ উত্তৰ আমেৰীৰ কিছু অংশ), মাখন বস্তি (আজিকালি বস্তিক গাঁও বোলা হয়)। ব্ৰিটিছ ৰ দিনত তেতিয়াৰ কুষ্ঠ ( leprocy ) ৰোগী সকলক বেলেগে ৰাখিবৰ কাৰণে এখন গাওঁ পাতিছিল, গাওঁ খন লেপ্ৰচি কলনী আৰু স্বাধীনতা ৰ পিছত পাকিস্তান বিভাজন ৰ সময়ত ভাৰতবৰ্ষলৈ অহা ৰিফাউজী সকলক থবলৈ এখন গাওঁ জন্ম হল, গাওঁখনি হল কলনী, বৰপানী কলনী।
শিক্ষানুষ্ঠান
এই এলেকাৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহ হ'ল—
- কাজিৰঙা মহাবিদ্যালয়
- শিঙিমাৰী উচ্চতৰ বিদ্যালয়
- শিঙিমাৰী ছোৱালী হাইস্কুল
- শংকৰদেৱ বিদ্যা নিকেতন ৰজাগাঁও
- GDS English Academy
- সংস্কৃতি জাতীয় বিদ্যালয়, ৰজাগাঁও
- শ্ৰী নিবাস একাডেমী ৰজাগাঁও
অৰ্থনীতি
ইয়াত বসবাস কৰা গৰিষ্ঠ সংখ্যাক লোকেই খেতি বাতিৰ লগত জড়িত।
ভৌগোলিক স্থিতি
ৰজাগাঁৱৰ অক্ষাংশ 26.041341 N, আৰু দ্ৰাঘিমাংশ 92.601790 E
যোগাযোগ
ওচৰৰ ট্ৰেন ষ্টেচন কামপুৰ (kwm)। কামপুৰৰ পৰা সন্ধ্যা ৬ বজালৈকে সুন্দৰ যোগাযোগ ব্যৱস্থা আছে। তাৰ উপৰি জিলা সদৰ নগাঁও ৰ পৰা বিয়লি ৩ বজালৈকে যাতায়তৰ সুবিধা আছে।
পৰ্যটন স্থান
ৰজাগাঁৱৰ ওচৰত মাধৱ থান, ওচৰৰ টেঙৰালাংছ'ত শ্ৰী শ্ৰী গণেশ থান। ৰজাগাঁৱৰ পৰা ২৫ কি: মি: নিলগত আমট্ৰেংত জলবিদ্যুৎ প্ৰকল্প এটা আছে। ২১ কি: মি: দূৰত কাৱৈমাৰীত প্ৰত্নতত্ত্ব বিভাগে খনন কৰি বহু পুৰণাদিনৰ মূৰ্ত্তি আৱিষ্কাৰ কৰে। ৰজাগাঁৱত থকা বৰপানী চাহ বাগানখনো পৰ্যটকৰ আকৰ্ষণ বিন্দু।
আলহীঘৰ
ৰজাগাঁও সৰু ঠাই স্থানীয়ভাৱে যদিওবা ইয়াত কোনো ধৰণৰ গেষ্ট হাউচ নাই ওচৰৰ বৈঠালাংছ' আৰু কামপুৰত PWD আৰু আমট্ৰেং ৰ লঙৰেত ASEB ৰ গেষ্ট হাউচ আছে। চিকিৎসা প্ৰদানৰ বাৱে একমাত্ৰ শিঙিমাৰী ৰাজ্যিক চিকিৎসালয় এখন আছে।
প্ৰধান উৎসৱ
গৌৰাঙ্গ মহাপ্ৰভুৰ জন্মোৎসৱ চ'ত মাহৰ ২য় পষেকত খুব উলহ মালহেৰে উদযাপন কৰা হয়। ব’হাগ বিহুৰ দিনা লেপ্ৰচি কলনীত চৰক পূঁজা অনুষ্ঠিত কৰা হয়। ওচৰৰ মাধব থানত অশোক অষ্টমীৰ দিনা মেলা অনুষ্ঠিত হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজাগাঁও” প্ৰবন্ধৰ সংশোধন ৪৪২৭৪১ (৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।