অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

খাদৈচুক গাঁও

খাদৈচুক (Khadoi chuck) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ এখন গাঁ‌ও। জামুগুৰিহাটৰ কেন্দ্ৰ অংশৰপৰা পশ্চিম দিশলৈ প্ৰায় ১.৫ কিলোমিটাৰ দূৰৈত এই গাঁ‌ওখন অৱস্থিত। বৃহত্তৰ ন-দুৱাৰ অঞ্চলৰ এই গাঁওখনৰ লোকসকল নাথ-যোগী সম্প্ৰদায়ৰ। মূলতঃ জামুগুৰি-চকিঘাট সংযোগী পথৰ দুয়োপাৰে এই গাঁ‌ৱৰ বসতি বিস্তাৰিত হৈছে।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৬ ৩৮৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

খাদৈচুক (Khadoi chuck) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ এখন গাঁ‌ও। ১ জামুগুৰিহাটৰ কেন্দ্ৰ অংশৰপৰা পশ্চিম দিশলৈ প্ৰায় ১.৫ কিলোমিটাৰ দূৰৈত এই গাঁ‌ওখন অৱস্থিত। বৃহত্তৰ ন-দুৱাৰ অঞ্চলৰ এই গাঁওখনৰ লোকসকল নাথ-যোগী সম্প্ৰদায়ৰ।

মূলতঃ জামুগুৰি-চকিঘাট সংযোগী পথৰ দুয়োপাৰে এই গাঁ‌ৱৰ বসতি বিস্তাৰিত হৈছে। মুখ্য পথৰপৰা এৰাবাৰী-চুটিয়ামৰফালে গাঁ‌ওখনৰ এটা অংশ ফাটি গৈছে। কিছুদূৰ পশ্চিমলৈ আগুৱাই আহি আন এটা অংশ উধৱৰা চুক গাঁ‌ৱৰফালে ফাটি গৈছে। এই পথৰ সোঁ-হাতে গাঁ‌ওখনৰ নামঘৰটো আছে। পশ্চিম জামুগুৰিৰ দিশত গাঁ‌ওখনৰপৰা আন এটা পথ হাটবৰ গাঁ‌ৱলৈ বুলি ফাটি গৈছে। এই অংশতে এটা এম/এছ এম বি পেট্ৰ’ল-ডিজেল ৰিফিল ষ্টেচন আৰু এটা মন্দিৰ আছে।

নামৰ উৎপত্তি

আদিতে গাঁ‌ওখনৰ বসতি সেৰেঙা আছিল। কথিত তথ্য অনুসৰি এই গাঁৱত খাদৈ নামৰ এগৰাকী জ্যেষ্ঠ মহিলা আছিল, মানুহৰ মুখে-মুখে খাদৈ বুঢ়ীৰ চুক হিচাপে প্ৰচলিত হৈ পিছত তেওঁৰ নামেৰেই গাঁ‌ওখনৰ নাম খাদৈচুক হয় বুলি প্ৰবাদ প্ৰচলিত হৈ আহিছে।২

শৈক্ষিক পৰিৱেশ

গাঁ‌ওখনৰ সাক্ষৰতাৰ হাৰ ১০০ শতাংশ। স্বৰ্গীয় পূৰ্ণ নাথ শিক্ষক হিচাপে এই গাঁ‌ৱৰ প্ৰথমজন চৰকাৰী চাকৰিয়াল। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তিলক নাথ গাঁ‌ওখনৰ প্ৰথমজন স্নাতক। তেখেতৰ পত্নী অজন্তা নাথক অসম চৰকাৰে ২০২২চনৰ ২৭ জুন তাৰিখৰ চৰকাৰী আদেশৰ জৰিয়তে অসম লোকসেৱা আয়োগৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।৩ ড° নাথ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্ৰাক্তন অধ্যাপিকা আৰু অসম লোকসেৱা আয়োগত ২০১৮ চনৰ ১১ জুনৰপৰা সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। আনহাতে প্লাৱন নাথ গাঁ‌ওখনৰ প্ৰথমজন লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্তীণ হোৱা ব্যক্তি। গাঁ‌ওখনত শৈক্ষিক আৰু বৌদ্ধিক অনুষ্ঠান হিচাপে এটা মইনাপাৰিজাত আছে। ইয়াৰ উপৰি খাদৈ-উদ্ধবৰা-হাতবৰ মিলি তিনিখন গাঁ‌ৱৰ মাজত এটা ৰাজহুৱা পুথিভঁৰাল আছিল যদিও বৰ্তমান এই পুথিভঁৰালৰ অস্তিত্ব নাই। ১৯৫০ চনৰ আগতে খাদৈচুক গাঁৱত শিক্ষকতা কৰা শিক্ষাগুৰুসকল হ'ল পূৰ্ণকান্ত নাথ, কুঞ্জলতা দেবী, ধীৰেশ্বৰ শৰ্মা। ১৯৪৩ চনত এই গাঁৱৰ টংকেশ্বৰ শৰ্মাই চতিয়া হাইস্কুলৰপৰা দুটা বিষয়ত লেটাৰ নম্বৰ সহ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। এই গাঁৱৰ ড° অঞ্জুমণি দেৱী যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা আৰু জ্যেষ্ঠ বিজ্ঞানী। ড° জ্যোৎস্না দেবী গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা। গীতিমা দেৱী এগৰাকী অধিবক্তা। এইখন গাঁৱৰ মহেন্দ্ৰ নাথ আৰু সদানন্দ নাথে ৰাষ্ট্ৰসংঘৰ সৈন্যবাহিনীত ক্ৰমে লেবানন আৰু কম্বোডিয়াত সেৱা আগবঢ়াইছিল। মনজিত বৰা (এ. চি. এছ.) বৰ্তমান (২০২৬) কৰ বিভাগৰ উপ-আয়ুক্ত।৪

জনসংখ্যা

২০২৬ চনলৈ গাঁৱৰ মুঠ পৰিয়াল ১০০ ঘৰ, জনসংখ্যা ৫০০ জন। পুৰুষ ২৬৫ জন আৰু মহিলা ২৩৫ গৰাকী।

খাদৈচুক পেট্ৰ’ল ৰিফিল ষ্টেচন আৰু শিৱ মন্দিৰ।
খাদৈচুক পেট্ৰ’ল ৰিফিল ষ্টেচন আৰু শিৱ মন্দিৰ।ছবি: Nayan j Nath · CC BY-SA 4.0

উৎসৱ-অনুষ্ঠান

গাঁওখনত বাৰ্ষিক উৎসৱ বা অনুষ্ঠান হিচাপে ইয়াৰ ৰাইজে বাৰ্ষিক ভাওনাৰ আয়োজন কৰে। গোটেই গাঁওখনৰ লোকসকল শৈৱ পন্থীয় হোৱা বাবে এওঁলোকে শিৱপূজা, গোৰক্ষ জয়ন্তী আৰু অন্যান্য সবাহ আদিৰ আয়োজন কৰে। বহাগ বিহুৰ সময়ত ঘৰে-ঘৰে হুঁচৰি গোৱা পৰম্পৰা এটাও প্ৰচলিত হৈ আছে। এই সময়তে ইয়াৰ যুৱক-যুৱতীসকলে বাৰ্ষিক অধিৱেশনৰো আয়োজন কৰে।

তথ্যসূত্ৰ

  1. ↑ জামুগুৰিহাটৰ অজন্তা নাথক এপিএছচিৰ অধ্যক্ষ পদত নিযুক্তিঃ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত আনন্দ-উল্লাস. নিয়মীয়া বাৰ্তা
  2. ↑ জামুগুৰি হাটৰ ইতিহাস. জামুগুৰি ইতিহাস প্ৰণয়ন সমিতি. পৃ. ১৩৯
  3. ↑ Assam Ajanta Nath appointed as apsc chairman.. Guwahatiplus
  4. ↑ দুলুমণি নাথ. (২০২৫-২৬). নদুৱাৰ আঞ্চলিক যোগী সন্মিলনীৰ অন্তৰ্গত গাঁ‌ওসমূহৰ চমু পৰিচয়. শতদৰ্পণ স্মৃতিগ্ৰন্থ. পৃ. ৮৬

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাদৈচুক গাঁও” প্ৰবন্ধৰ সংশোধন ৬৩৬৪১৯ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।