কৃষ্ণন নায়াৰ শান্তাকুমাৰী চিত্ৰা (Krishnan Nair Shantakumari Chithra; জন্ম: ২৭ জুলাই ১৯৬৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু কৰ্ণাটকী সংগীতজ্ঞ। তেওঁ চমুকৈ কে.এচ. চিত্ৰা বা চিত্ৰা বুলি জনা যায়। চাৰি দশকজোৰা সাংগীতিক জীৱনত তেওঁ বিভিন্ন ভাৰতীয় ভাষাত, তথা বহু কেইটা বিদেশী ভাষা, যেনে মালয়, লেটিন, আৰবী, সিংহলী, ইংৰাজী আৰু ফৰাচী আদিত ২৫,০০০ৰো অধিক গীত১ ৰেকৰ্ডিং কৰিছে। ২ তেওঁক এ আৰ ৰেহমান, ইলায়াৰাজা, হমছালেখা এম এম কিৰাভানীৰ দৰে সংগীত সুৰকাৰ আৰু নেপথ্য কণ্ঠশিল্পী কে জে য়েছুদাস আৰু এছ. পি. বালসুব্ৰমনিয়মৰ সৈতে বছৰ বছৰ ধৰি সহযোগিতা কৰাৰ বিস্তৃত ইতিহাসৰ বাবেও তেওঁ পৰিচিত। তেওঁক দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ সাংস্কৃতিক আইকন হিচাপে গণ্য কৰা হয়। ১
চিত্ৰাই ৬টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৯টা ফিল্মফেয়াৰ বঁটা (দক্ষিণ) আৰু ৩৬টা ভিন্ন ৰাজ্যিক চলচ্চিত্ৰ বঁটা, যেনে- ১৬টা কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ১১টা অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ৪টা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ৩টা কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ১টা উৰিষ্যা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ১টা পশ্চিম বংগ ৰাজ্যিক চলচ্চিত্ৰ বঁটা।[7] লাভ কৰিছে। ভাৰতীয় সংগীতিক ভ্ৰাতৃত্ববোধৰ প্ৰতি তেওঁৰ মূল্যৱান অৱদানৰ স্বীকৃতি স্বৰূপে ২০২১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ২০০৫ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। ব্ৰিটিছ সংসদে যুক্তৰাজ্যৰ হাউছ অৱ কমনছত সন্মানিত কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা।৩৪৫
সাংগীতিক জীৱন
১৯৭৯ চনত এম জি ৰাধাকৃষ্ণনে চিত্ৰাক মালায়লম চলচ্চিত্ৰৰ সৈতে পৰিচিত কৰাই দিয়ে। ৰাধাকৃষ্ণণে তেওঁৰ দ্বাৰা চলচ্চিত্ৰ আৰু এলবামৰ বাবে গীত বাণীবদ্ধ কৰায়। অট্টহাসম, স্নেহপূৰ্বম মীৰা, Njan Ekananu আদি ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত বাণীবদ্ধ কৰা তেওঁৰ প্ৰাৰম্ভিক ছবি। ভাৰত আৰু বিদেশত কে জে য়েছুদাসৰ সৈতে লাইভ কনচাৰ্টও পৰিবেশন কৰিছিল।৬
১৯৮৫ চনত চিত্ৰাই হিন্দী চলচ্চিত্ৰৰ বাবে প্ৰথম গীত গায়। এচ.পি. ভেংকটেশৰ সংগীত পৰিচালনাত তেওঁ বাণীবদ্ধ কৰা প্ৰথম গীতটো কিন্তু বাণিজ্যিকভাবে মুক্তি নাপালে। ১৯৯১ চনত হিন্দী ছবি লাভৰ বাবে আনন্দ–মিলিন্দৰ সংগীত পৰিচালনাত এছ. পি. বালসুব্ৰমনিয়মৰ সৈতে দ্বৈতকণ্ঠত গীত গায় আৰু তেতিয়াৰ পৰাই তেওঁ প্ৰায় ২০০টা বলীউডৰ গীত বাণীবদ্ধ কৰে।৭ চলচ্চিত্ৰ গীতৰ উপৰিও চিত্ৰাই বহুতো ব্যক্তিগত এলবামৰ বাবে ৰেকৰ্ডিং কৰিছিল। ইয়াৰ ভিতৰত পিয়া বসন্তী আৰু ছানচেট পইণ্ট-এ বিপুল জনপ্ৰিয়তা লাভ কৰিছিল আৰু এমটিভি মিউজিক ভিডিঅ’বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছিল। পিয়া বসন্তীৰ ইমানে জনপ্ৰিয় হৈছিল যে উত্তৰ ভাৰতত তেওঁক "পিয়া বসন্তী" চিত্ৰা বুলি পৰিচিত হৈ পৰিছিল।৮
জীৱন
চিত্ৰাই কে. ওমানাকুট্টীৰ পৰা কৰ্ণাটিক সংগীতৰ প্ৰশিক্ষণ লাভ কৰে। কেৰালা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সংগীতত প্ৰথম বিভাগত স্নাতক আৰু বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনৰ পৰা ১৯৮৪ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান বৃত্তিৰ বাবে নিৰ্বাচিত হয়। ৯ অভিযন্তা আৰু ব্যৱসায়ী বিজয়াশংকৰৰ সৈতে তেওঁৰ বিবাহ হয়। ১০ নন্দনা নামৰ তেওঁলোকৰ কন্যা সন্তান এজনী আছিল। ২০১১ চনত চিত্ৰাই এ আৰ ৰহমানৰ কনচাৰ্টত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে নন্দনাৰ ডুবাইৰ এটা পুলত ডুব গৈ মৃত্যু হয়। ১১১২
তথ্যসূত্ৰ
- ↑ Pradeep, K. (22 August 2019). Celebrating 40 years of singer KS Chithra, the queen of melody. The Hindu
- ↑ Article. (5 March 2016). Chithra in concert and workshop. The Hindu
- ↑ Padma Awards 2021 announced. Ministry of Home Affairs
- ↑ (25 January 2021). Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (7 January 2022). EXCLUSIVE! KS Chithra: I believe in the magic of music. Time of India
- ↑ S.R. Ashok Kumar. (21 July 2005). One more feather in her cap. দ্য হিন্দু
- ↑ KS Chithra's best Hindi numbers. Cinestaan.com
- ↑ Revisiting Piya Basanti. The Indian Express
- ↑ Nair, Sulekha. (23 January 2001). Nightingale of the south. Express India
- ↑ K. Pradeep. (23 August 2019). Celebrating 40 years of singer KS Chithra, the queen of melody. The Hindu
- ↑ "KS Chithra's daughter reportedly drowned and died in Emirates Hills pool" . Emirates247.com. 14 April 2011. Retrieved 14 April 2011
- ↑ (14 April 2011). Singer Chithra's daughter drowns in dubai. Khaleej Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে. এচ. চিত্ৰা” প্ৰবন্ধৰ সংশোধন ৫৯৩৯৯৬ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।