অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হৃদয়ৰ মানচিত্ৰ

হৃদয়ৰ মানচিত্ৰ (Hridayar Manchitra) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন মূলতঃ গল্প সংকলন। এই সংকলনখনৰ ২০১২ চনৰ জানুৱাৰী মাহত নতুন সংস্কৰণ প্ৰকাশ কৰে অসম পাব্লিচিং কোম্পানীয়ে।

হালনাগাদ: ৫ মাৰ্চ ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

হৃদয়ৰ মানচিত্ৰ (Hridayar Manchitra) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন মূলতঃ গল্প সংকলন। এই সংকলনখনৰ ২০১২ চনৰ জানুৱাৰী মাহত নতুন সংস্কৰণ প্ৰকাশ কৰে অসম পাব্লিচিং কোম্পানীয়ে। তাৰ আগতে প্ৰায় ৩০/৩৫ বছৰ আগতে প্ৰকাশ পোৱা এই কিতাপখন পুনঃ প্ৰকাশ সম্পৰ্কে জনা নাযায়। অসম পাব্লিচিং কোম্পানীয়ে নতুনকৈ প্ৰকাশ কৰা সংস্কৰণটোত লেখকে কেইটামান প্ৰবন্ধও সংযোজন কৰে। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে উছৰ্গা কৰিছে সৎ কৰ্মৰ প্ৰতি সততে অনুৰাগী,হৃদয়বান মানুহ তেখেতৰ প্ৰিয় বন্ধু শ্ৰী জি এল আগৰৱালালৈ।১

বিৱৰণ

কিতাপখনত ৪ টা গল্প আৰু ৮ টা প্ৰবন্ধ আছে। গল্পকেইটা বৰগোহাঞিয়ে জীৱনৰ আদিছোৱাতে লিখা। সেইকেইটা হৈছে, আনন্দৰ উৎস, ভয়, ধুমুহা আৰু শূন্যতা। কিতাপখনত সংযোগ কৰা ভিন্নৰসী প্ৰবন্ধকেইটা হৈছে, আলফ্ৰেড্‌ দ্য মুছেট, ৰশ্মিৰেখালৈ এখন চিঠি, অনিন্দিতাৰ কাৰণে এধানমান মৰম, জেচমিন আৰা আহমেদলৈ নতুন বছৰৰ প্ৰীতি-সম্ভাষণ, আলয়াৰন, পাৰ হৈ যোৱা বছৰটোৱে মোক কি দি থৈ গ'ল, 'মই থুৱাব পাৰোঁ' আৰু ৰাজনৈতিক বিতৰ্কৰ নিম্নগামী মান।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. হৃদয়ৰ মানচিত্ৰ. অসম পাব্লিচিং কোম্পানী
  2. ↑ Awards 1955–2007 সাহিত্য অকাডেমি Official website
  3. ↑ indilens.com/?s=homen+borgohain ! Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৃদয়ৰ মানচিত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৮৪৮১৪ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।