ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা (Rohosyomoi Bikhad Aaru Jontrona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ২০০৯ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।২০১৪ চনৰ মাৰ্চত ইয়াৰ তৃতীয় সংস্কৰণ প্ৰকাশ পায়। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে বিদ্যাছিং ৰংপীলৈ আগবঢ়াইছে। ১
বিৱৰণ
দুটা ভাগত বিভক্ত কিতাপখনত মুঠ ৩৩ টা প্ৰবন্ধ আছে। প্ৰথম ভাগক 'ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা' আৰু দ্বিতীয় ভাগক 'অন্যান্য ৰচনা' বুলি নামাংকৃত কৰিছে।এই প্ৰথম ভাগত আছে ৭টা প্ৰবন্ধ আৰু দ্বিতীয় ভাগত আছে ১৬ টা প্ৰবন্ধ। প্ৰথম ভাগত থকা প্ৰবন্ধসমূহ হৈছে, 'হঠাৎ এদিন গধূলি', 'ধুমুহা', 'আনন্দৰ উৎস', 'শূন্যতা', 'আলফ্ৰেড্ দ্য মুছেট', 'পাপীৰ প্ৰাৰ্থনা' আৰু 'যৌৱনৰ ৰহস্যময় বিষাদ'। দ্বিতীয় ভাগত অন্তৰ্গত প্ৰবন্ধসমূহ হৈছে, 'ছমাৰছেট মম আৰু ৰমণ মহৰ্ষি', 'তিনিটা ঘন্চিৰিকা', 'অৰণ্যৰ ধ্বংসযজ্ঞ', 'মিহিৰকান্ত বৰুৱাৰ লগত এটা আবেলি', 'থিনছেলি এম কেইহোৰ লগত এটা বেলা', 'কিন্দ্ৰেড স্পিৰিট', 'ৰবীন গোস্বামী ', 'দীপ আইদেউ', 'মহাশ্বেতা দেৱী', 'অ'বামা', 'আৰ্চবিছপ ট'মাছ মেনামপৰম্পিলৰ লগত এঘণ্টা', 'কিতাপ কিনাৰ আনন্দ', 'যিবোৰ কিতাপ বোধহয় কেতিয়াও পঢ়া নহ'ব', 'আৰতি দাসৰ 'অমিয়া সন্ধান' আৰু এজন 'নাস্তিক', 'টাবু টাইদৰ 'একুঁকি নিবন্ধ', 'এখন নতুন কিতাপৰ উন্মোচন', 'মূৰৰ বিষ', 'এটা জটিল ৰোগৰ সহজ চিকিৎসা', 'সমকামী বিবাহ', 'ধনী হোৱাৰ অভিশাপ', 'অসমৰ ভৱিষ্যত', 'গুৱাহাটী ১৯৫০', 'গুৱাহাটী,১৯৫৯', 'অসমীয়া নাৰীৰ সৌন্দৰ্য','সুন্দৰ হৃদয়ৰ মানুহবোৰ' আৰু 'সাধুকথা'। ১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
- আত্ম দীপো ভৱ
- কিতাপ পঢ়াৰ আনন্দ
- অন্তহীন প্ৰেৰণা
- উচ্চাকাংক্ষা
- মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ
- অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (মাৰ্চ,২০১৪). ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ Sahitya Akademi Official website
- ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা” প্ৰবন্ধৰ সংশোধন ২৭৮৪৮৫ (২৩ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।