অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিকোল আলমান

নিকোল আলমান (ইংৰাজী: Nicole Allmann; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী চুইছ অভিনেত্ৰী, কৌতুক অভিনেতা, মডেল আৰু লেখিকা। ২০০৪ চনৰ চুটি ছবি ফেলিচিয়াত তেওঁ প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ২৯ এপ্ৰিল ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

নিকোল আলমান (ইংৰাজী ভাষা: Nicole Allmann; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী চুইছ অভিনেত্ৰী, কৌতুক অভিনেতা, মডেল আৰু লেখিকা। ২০০৪ চনৰ চুটি ছবি ফেলিচিয়াত তেওঁ প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিছিল।১

প্ৰাৰম্ভিক জীৱন

আলমানৰ জন্ম হৈছিল চুইজাৰলেণ্ডৰ বাৰ্নত। আলমানৰ ককায়েক দুজন চিকিৎসক। তেওঁ জীৱনৰ কিছুসময় জাৰ্মানীত কটাইছিল আৰু ১৮ বছৰ বয়সত জাৰ্মান ৰাষ্ট্ৰীয় ফ্গাৰ স্কেটিং দলৰ সদস্য আছিল।

শিক্ষা

আলমানে জাৰ্মানীৰ ওবাৰ্ছডৰ্ফৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল আৰু তাৰ পিছত মিউনিখৰ এল.এম.ইউ.-ৰ ল স্কুলত আইন অধ্যয়ন কৰিছিল। পিছলৈ আলমানে জুৰিখৰ অভিনয় বিদ্যালয়ৰপৰা অভিনয়ৰ প্ৰমাণ-পত্ৰ লাভ কৰে।

কৰ্মজীৱন

জুৰ্গ ইবেৰ ৰোমাণ্টিক কমেডী হেণ্ডিমেনত (২০০৫) আলমানে প্ৰথম চলচ্চিত্ৰ চৰিত্ৰত অভিনয় কৰিছিল, য’ত মাৰ্কো ৰিমা, ডিজে বুবু আৰু ডায়েটমাৰ শ্বয়েনহাৰেও অভিনয় কৰিছিল।২ তেওঁৰ কেৰিয়াৰে কেইখনমান টিভি ধাৰাবাহিক আৰু চলচ্চিত্ৰৰ জৰিয়তে এক গম্ভীৰ মোৰ লৈছিল, যাৰ আৰম্ভণি হৈছিল ৫ ষ্টাৰ কেৰ্লে ইনক্লুচিভ (২০০৫) আৰু এ.আৰ.ডি.-ৰ ভাৰবোটেন লিবে (ফৰবিডেন লাভ) ধাৰাবাহিকত মেৰিনা ফেলিক্সৰ চৰিত্ৰৰ জৰিয়তে।৩৪ ২০০৮ চনত আলমানে প্ৰ'৭-ৰ টিভি ধাৰাবাহিক উনশ্বুলডিগত ক্ৰীষ্টিনা এলেক্সৰ চৰিত্ৰত অভিনয় কৰিছিল।৫

ৱৰ্ল্ডটপ৭ (WorldTop7) ব্ৰেণ্ডৰ অধীনত আলমানে এখন ৱেবছাইট আৰু আইফোন এপ্প মুকলি কৰিছিল য’ত শ্ৰেষ্ঠ বুটিক হোটেল, ৰেষ্টুৰেণ্ট, নাইট ক্লাব আৰু গ'ল্ফ কোৰ্চৰ তথ্য প্ৰকাশ কৰা হয়।৬ এই ভ্ৰমণ নিৰ্দেশিকাখনত বিশ্বৰ ২০০তকৈও অধিক চহৰ আৰু অঞ্চলৰ শ্ৰেষ্ঠ আৰু ব্যতিক্ৰমী স্থানসমূহ তালিকাভুক্ত কৰা হৈছে। আলমানে আন্তঃৰাষ্ট্ৰীয় তাৰকা, টিভি কাৰ্যবাহী আৰু অভিনেতাৰ এটা গোটৰ নেতৃত্ব দিছে যিয়ে গুণগত মান আৰু স্বতন্ত্ৰতাৰ বাবে প্ৰতিখন চহৰৰ ৭খনকৈ বিশেষ স্থান নিৰ্বাচন কৰিছে।

চলচ্চিত্ৰপঞ্জী

চিনেমা

  • ২০০৪: ফেলিচিয়া (Felizia)
  • ২০০৫: হেণ্ডিমেন (Handyman)

টিভি চিনেমা আৰু ধাৰাবাহিক

  • ২০০৫: ৫ ষ্টাৰ কেৰ্লে ইনক্লুচিভ (5 Sterne Kerle inklusive)
  • ২০০৫: পাল পাঞ্জাৰ – ডি উনগ্লুবলিচেন গেছিচটেন (Paul Panzer – Die unglaublichen Geschichten)
  • ২০০৭: বিছ ইন ডি স্পিটজেন (Bis in die Spitzen)
  • ২০০৭–২০০৮: ভাৰবোটেন লিবে (Verbotene Liebe)
  • ২০০৮: উনশ্বুলডিগ (Unschuldig)

তথ্যসূত্ৰ

  1. ↑ Felizia. IMDb.com
  2. ↑ Handyman. IMDb.com
  3. ↑ 5 Sterne Kerle inklusive. Kino.de
  4. ↑ Verbotene Liebe on Das Erste (ARD). DasErste.de
  5. ↑ Unschuldig. IMDb.com
  6. ↑ WorldTop7 – Boutique Hotels, Restaurants, Nightclubs & Golf Courses

সম্পৰ্কিত শ্ৰেণী

ছুইজাৰলেণ্ডৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকোল আলমান” প্ৰবন্ধৰ সংশোধন ৬০৩৪২৯ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।