নিং বাইজুৰা বিণ্টি শ্বেখ হামজাহ ডাল্টন (আগতে নিং বাইজুৰা বিণ্টি শ্বেখ হামজাহ; জন্ম: ২৮ জুন ১৯৭৫), তেওঁৰ মঞ্চ নাম নিং বাইজুৰা নামেৰেই অধিক পৰিচিত। তেওঁ এগৰাকী মালয়েছিয়াৰ পপ আৰু আৰ এণ্ড বি গায়িকা তথা অভিনেত্ৰী।১ তেওঁ মালয়, ইংৰাজী, জাপানীজ, ইটালিয়ান, ফৰাচী, মেণ্ডেৰিন আৰু কেণ্টোনিজ ভাষাত গীত গায়।
প্ৰাৰম্ভিক জীৱন
তেওঁৰ জন্ম মালয়েছিয়াৰ কাজাঙত হৈছিল। তেওঁৰ পূৰ্বপুৰুষসকল আছিল আৰব, মালয়, ওলন্দাজ, ভাৰতীয়, চীনা আৰু জাভানীজ মূলৰ।২৩ নিঙে তেওঁৰ এই অনন্য নামটো এটা দুৰ্ঘটনাৰ ফলত লাভ কৰিছিল: জন্মৰ কিছুসময়ৰ পাছতেই তেওঁ 'য়েলো ফিভাৰ'ত (মালয় ভাষাত demam kuning) আক্ৰান্ত হৈছিল। ইয়াৰ বাবেই তেওঁৰ পিতৃয়ে তেওঁক 'নিং' (মালয় শব্দ 'কুনিং'ৰ চুটি ৰূপ, যাৰ অৰ্থ হালধীয়া) নামটো দিছিল।৪৫ তেওঁ কনভেণ্ট কাজাং চেকেণ্ডাৰী স্কুলৰ এগৰাকী প্ৰাক্তন ছাত্ৰী।২
কেৰিয়াৰ
নিঙে৬ ১৯৯২ চনত বাণিজ্যিক জগতত খোজ পেলায় আৰু চনী, বিএমজি, এএমএছ ৰেকৰ্ডছ জাপান আৰু ৱাৰ্নাৰ মিউজিক গ্ৰুপ আদিকে ধৰি বিভিন্ন আন্তৰ্জাতিক লেবেলৰ অধীনত এগৰাকী ৰেকৰ্ডিং শিল্পী হিচাপে পৰিগণিত হয়। ২০০৮ চনৰ ছেপ্টেম্বৰ মাহৰপৰা তেওঁ নিজৰ সংগীত লেবেল 'হেপেনিংছ ৰেকৰ্ডছ'ৰ বাবে পপ, চোল আৰু আৰ এণ্ড বি ধাৰাৰ গীত ৰেকৰ্ডিং কৰি আহিছে। তেওঁৰ ডিস্ক’গ্ৰাফীত দহটা পূৰ্ণাংগ ষ্টুডিঅ’ এলবাম (যাৰ ভিতৰত তিনিটা সম্পূৰ্ণ ইংৰাজী এলবাম) আৰু বহুতো সংকলিত গীত অন্তৰ্ভুক্ত আছে।
ব্যক্তিগত জীৱন
বাইজুৰা ওমৰ শ্বৰীফ ক্ৰিষ্টোফাৰ লেটন ডাল্টনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ডাল্টন এজন ইংৰাজ ব্যক্তি আৰু তেওঁৰ পূৰ্বৰ বিবাহৰ দুটা সন্তান আছে। ২০০৮ চনৰ ৩১ জানুৱাৰীত কুৱালালামপুৰৰ বাংসাৰত থকা চাইদিনা আবু বকৰ আছ-চিদ্দিক মছজিদত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।৭ তেওঁলোকৰ এটা সন্তান আছে।
তথ্যসূত্ৰ
- ↑ True, Chris. Biography: Ning Baizura. Allmusic
- ↑ Cynthia Ng. (18 February 2014). Daripada Mona Fandey kepada Ning Baizura dan Safee Sali, apa persamaan mereka?. Astro Awani
- ↑ Budiey. (14 June 2007). Biodata Pelakon Filem DIVA. Budiey.com
- ↑ G. Shanti. (25 October 1994). How Ning Baizura got her name!. The Malay Mail
- ↑ www.angelfire.com/nh/baizura/child.html
- ↑ Ning Baizura: Discourse - a chat with Satilah. www.mir.current.my
- ↑ Gambar Majlis Persandingan Ning Baizura dan Omar, Retrieved 3 February 2008
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিং বাইজুৰা” প্ৰবন্ধৰ সংশোধন ৫৯৬১৩৭ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।