নিকোলিনা কামেনোভা দোব্ৰেভা (বুলগেৰিয়ান: Николина Каменова Добрева; জন্ম ৯ জানুৱাৰী ১৯৮৯), পেছাগতভাৱে নীনা দোব্ৰেভ নামে পৰিচিত, এগৰাকী কানাডীয়ান অভিনেত্ৰী। তেওঁ দ্য চিডব্লিউ চেনেলৰ অতিপ্ৰাকৃত ধাৰাবাহিক নাটক দ্য ভেম্পায়াৰ ডায়েৰীজ (২০০৯–২০১৫) ত এলেনা গিলবাৰ্ট আৰু কেথেৰিন পিয়াৰ্চ চৰিত্ৰ দুটা অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
চোফিয়াত জন্মগ্ৰহণ কৰা দোব্ৰেভ টৰণ্টোত ডাঙৰ-দীঘল হৈছিল। তেওঁ চলচ্চিত্ৰত সৰু সৰু চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয় জীৱন আৰম্ভ কৰে। পাছলৈ তেওঁ নাটকীয় ধাৰাবাহিক ডিগ্ৰাছি: দ্য নেক্স্ট জেনেৰেশ্বন (২০০৬–২০০৯)-ত মিয়া জোনছ চৰিত্ৰত অভিনয় কৰি প্ৰথমবাৰৰ বাবে জনপ্ৰিয়তা লাভ কৰে। তাৰ পাছত দ্য ভেম্পায়াৰ ডায়েৰীজ ধাৰাবাহিকত অভিনয় কৰি তেওঁ ব্যাপক খ্যাতি অৰ্জন কৰে।
তেওঁ অভিনয় কৰা উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে— দ্য পাৰ্কছ অৱ বিং এ ৱালফ্লাৱাৰ (২০১২), লেট্ছ বি কপ্ছ (২০১৪), দ্য ফাইনেল গাৰ্লছ (২০১৫) আৰু ফ্লেটলাইনাৰ্ছ (২০১৭)। তেওঁৰ সৰ্বাধিক ব্যৱসায়িক সফলতা লাভ কৰা চলচ্চিত্ৰ হৈছে XXX: ৰিটাৰ্ন অৱ জেণ্ডাৰ কেজ (২০১৭)। ইয়াৰ উপৰিও তেওঁ ডগ ডেজ (২০১৮), দেন কেম ইউ (২০১৮) আৰু লাভ হাৰ্ড (২০২১) আদি ৰোমান্টিক কমেডি চলচ্চিত্ৰত অভিনয় কৰিছে। ২০১৯ চনত তেওঁ টেলিভিছন ছিটকম ফেমত মুখ্য চৰিত্ৰত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
নিকোলিনা কামেনোভা দোব্ৰেভাৰ জন্ম ৯ জানুৱাৰী ১৯৮৯ তাৰিখে বুলগেৰিয়াৰ চোফিয়া চহৰত হৈছিল। তেওঁৰ পিতৃ কামেন দোব্ৰেভ এজন কম্পিউটাৰ বিশেষজ্ঞ আৰু মাতৃ মিখায়েলা দোব্ৰেভা (ৰাদেভা) এগৰাকী শিল্পী।১২ তেওঁৰ এজন ডাঙৰ ভায়েক আছে।৩৪ তেওঁ দুবছৰীয়া হোৱা সময়ত পৰিয়ালটোৱে কানাডালৈ প্ৰব্ৰজন কৰে আৰু তেওঁ স্কাৰব’ৰো, টৰণ্টোত ডাঙৰ-দীঘল হয়।৫ দহ বছৰ বয়সত তেওঁ মাতৃৰ সৈতে দুবছৰৰ বাবে পুনৰ বুলগেৰিয়ালৈ যায়।৬
দোব্ৰেভে ভ্ৰাডেনবাৰ্গ জুনিয়ৰ পাব্লিক স্কুল আৰু জে. বি. টাইৰেল ছিনিয়ৰ পাব্লিক স্কুলত পঢ়া-শুনা কৰে। এই সময়ছোৱাত তেওঁ বেলেট আৰু জাজ নৃত্য শিকিছিল আৰু ৰিদমিক জিমনাষ্টিকছত প্ৰতিযোগিতাত অংশ লৈছিল।৪ তেওঁ টৰণ্টোৰ আৰ্মষ্ট্ৰং এক্টিং ষ্টুডিঅ'ত অভিনয়ৰ ক্লাছ লৈছিল।৭ তাৰ পিছত তেওঁ স্কাৰব’ৰোৰ ৱেক্সফৰ্ড কলেজিয়েট স্কুল ফৰ দ্য আৰ্টছৰ কলা পাঠ্যক্ৰমত অধ্যয়ন কৰে আৰু স্নাতক বছৰলৈকে তাতেই পঢ়ে।৮
দোব্ৰেভে টৰণ্টোৰ ৰায়ৰচন ইউনিভাৰ্ছিটি (বৰ্তমান টৰন্টো মেট্ৰ'পলিটান ইউনিভাৰ্চিটি)ত সমাজবিজ্ঞান বিষয়ত উচ্চ শিক্ষা আৰম্ভ কৰে, যদিও অভিনয় জীৱনৰ পিছত লাগি থকাৰ বাবে তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে।৯১০
তথ্যসূত্ৰ
- ↑ Raycheva, Maria. (July 22, 2017). Михаела Добрев: Когато видях деца да спят пред хотела й, разбрах, че Нина е световна звезда. 24 Chasa
- ↑ (January 9, 2020). UPI Almanac for Thursday, Jan. 9, 2020. United Press International
- ↑ Ryan, Andrew. (September 22, 2009). From DeGrassi to the dark side. The Globe and Mail
- ↑ Calhoun, Crissy. (2010). Love You To Death: The Unofficial Companion to The Vampire Diaries. Ecw Pr. ISBN 978-1-55022-978-3
- ↑ Kahn, Howie. (May 11, 2015). What's Next for Nina Dobrev?. Self
- ↑ Hudson, Kate; Hudson, Oliver. (February 24, 2022). Nina and Alex Dobrev. Sibling Revelry with Kate Hudson and Oliver Hudson. Spotify
- ↑ Mancuso, Christina. (October 6, 2014). Performing Dance Arts Partners with Armstrong Acting Studios. Broadway World
- ↑ Alumni. Wexford Collegiate School for the Arts
- ↑ Lewis, Jessica. (November 5, 2008). Degrassi Gets Schooled. The Eyeopener
- ↑ Goldfield Rodrigues, Brittany. (January 26, 2015). Top five actors you didn't know went to Ryerson. The Ryerson. Ryerson School of Journalism
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীনা দোব্ৰেভ” প্ৰবন্ধৰ সংশোধন ৬৩১১১৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।