ইতিহাসৰ আজিৰ দিনত
৭ জুলাই
ঘটনাৱলী
- ১৭৬৩মীৰজাফৰে পুনৰ বংগৰ নবাব হিচাপে গাদী দখল কৰে।
- ১৮৯৬ভাৰতলৈ প্ৰথম চিনেমাৰ আগমণ ঘটে। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰদৰ্শিত হয় প্ৰথম চিনেমা।
- ১৯০৫লৰ্ড কাৰ্জনে বংগ বিভাজন কথা ঘোষণা কৰে।
- ১৯৯৬ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ হয়।
- ২০০৭ছাহজাহানৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মিত তাজমহলে বিশ্বৰ সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে।
- ২০০৮জাপানত জি-৮ সন্মিলন আৰম্ভ হৈছিল।
- ২০১১ইৰাকত ৯০০জন লোকৰ গণকবৰ উদ্ধাৰ কৰা হয়।
- ২০১১পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়য়ে পশ্চিমবংগৰ নাম সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
- ২০১২কেন্দ্ৰীয় চৰকাৰে অসমত ‘‘মন' ৰে'ল সেৱা’’ প্ৰৱৰ্তন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।
- ২০১৩এগৰাকী ভাৰতীয় ৰাজনীতিবিদ ৰঞ্জিৎ শেখৰ মুছাহাৰীদেৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যকাল সামৰে।
- ২০২১অসম চৰকাৰে দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি ২৮ জুলাই ‘দেশভক্তি দিৱস’ আৰু গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ৫ আগষ্ট ‘কৰ্মচাৰী দিৱস’ হিচাপে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে।
- ২০২১অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে যে সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সমাপ্ত কৰা হ’ব।
জন্ম
- ১৯৩৪কেদাৰনাথ সিং, ভাৰতীয় কবি।
- ১৯৩৫প্ৰভাত শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক।
- ১৯৪৭জ্ঞানেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ দেৱ, নেপালৰ ৰজা।
- ১৯৫৮বিন্নী য়াংগা, ভাৰতীয় সমাজ কৰ্মী।
- ১৯৬৬কল্পনা দাশ, ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী।
- ১৯৭৩কৈলাস খেৰ, বলিউডৰ গায়ক।
- ১৯৮১মহেন্দ্ৰ সিং ধোনি, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, মিড্ল-অৰ্ডাৰ বেট্ছমেন আৰু উইকেটৰক্ষক।
- ১৯৮৫শ্বেতা ত্ৰিপাঠী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৩০৭প্ৰথম এডৱাৰ্ড, ইংলেণ্ডৰ ৰজা।
- ১৯৩০ছাৰ আৰ্থাৰ কনান ডয়াল, ইংৰাজ ৰহস্য ঔপন্যাসিক।
- ১৯৯০লালডেংগা, মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষনেতা।
- ২০১৪আল্ফ্ৰেড' ডি ষ্টিফান', আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক।
- ২০২১ট্ৰেজেদী কিং দিলীপ কুমাৰ (মহম্মদ ইউচুফ খান), পদ্মভূষণ (১৯৯১), দাদাচাহেব ফাল্কে বঁটা (১৯৯৪) আৰু পদ্মবিভূষণ (২০১৫) আদিৰে বিভূষিত বলিউডৰ অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ