অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৬ জুলাই

ঘটনাৱলী

  • ১৮৮৫ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
  • ১৯৪৪নেতাজী সুভাষ চন্দ্ৰ বসুই প্ৰথমবাৰৰ বাবে মোহনদাস কৰমচান্দ গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন কৰে।
  • ১৯৪৮নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল। উল্লেখযোগ্য যে এইখনেই আছিল আকাশবাণীযোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
  • ১৯৫৯ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল।
  • ১৯৭৫৫০০ বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ লাভ কৰে।
  • ২০১৩যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।

জন্ম

  • ১৯০৭ফ্ৰিডা কাল', মেক্সিকোৰ চিত্ৰ শিল্পী। (মৃঃ ১৩/০৭/১৯৫৪)
  • ১৯২৬মহিম বৰা, 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা।
  • ১৯৩৫১৪তম দালাই লামা গিৱালৱা ৰিনপচি। (ইংঃ Gyalwa Rinpoche)
  • ১৯৪৬জৰ্জ ডব্লিউ বুশ্ব, ৪৩তম আমেৰিকান ৰাষ্ট্ৰপতি।
  • ১৯৪৬ছিলভেষ্টাৰ ষ্টেলন, হলিউডৰ অভিনেতা, ৰেম্ব' আৰু ৰকী বোলছবিৰ বাবে বিশ্ব বিখ্য়াত।
  • ১৯৪৭অতুল তামুলী, অসমীয়া শিশু সাহিত্যিক, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ সমালোচক।
  • ১৯৫৫শীলা শ্ৰী প্ৰকাশ, ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট।
  • ১৯৬৪নৰ্তকী নটৰাজ, ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী।
  • ১৯৭৪গৌৰী শিন্দে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
  • ১৯৯৮সুমিত আন্তিল, ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ।

মৃত্যু

  • ১৮৫৪গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী, ওম সূত্ৰৰ আৱিষ্কাৰক।
  • ১৮৯৩গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
  • ১৯৩৫টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
  • ১৯৫৪কৰ্ণেলিয়া সৰাবজী, ভাৰতীয় বিদুষী মহিলা আছিল।
  • ১৯৬২ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)
  • ২০০২ধীৰুভাই আম্বাণী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)
  • ২০০৫ক্লড চাইমন, ফৰাচী ঔপন্যাসিক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ