ইতিহাসৰ আজিৰ দিনত
৮ জুলাই
ঘটনাৱলী
- ১৮৮৯বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীল জাৰ্নেল’ প্ৰকাশিত হয়।
- ১৯৫৪বিশ্বৰ সৰ্বববৃহৎ কৃত্ৰিম বান্ধ তথা পঞ্জাবৰ ভাংক্ৰা নাংগল জলবিদ্যুৎ প্ৰকল্প তৎকালীন ভাৱে মুকলি হয়।
- ১৯৯০সৌৰশক্তিৰে চালিত প্ৰথমখন বিমান ‘‘ছানছিকাৰ’’এ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল। বিমানখন নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্ণিয়াত আৰু ইয়াৰ ওজন আছিল ৩ কুইণ্টল ৮০কিঃগ্ৰাঃ।
- ২০০৩ছুডানত সংঘটিত এক ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰায় ১১৬জন যাত্ৰী নিহত হয়।
- ২০০৪কেন্দ্ৰত পুনৰ ইউপিএ চৰকাৰে ক্ষমতা লাভ কৰাৰ পিছত প্ৰথমবাৰ কেন্দ্ৰীয় সাধাৰণ বাজেট উত্থাপন কৰে।
- ২০১১পাকিস্তানী তালিবাণীক নিষিদ্ধ ঘোষণা কৰিলে কানাডাই।
- ২০১২ইণ্ডিয়ান মুজাহিদীনক ইংলেণ্ডে নিষিদ্ধ ঘোষণা কৰে।
- ২০১২অসমৰ ভয়াবহ বানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অসমলৈ ২২৮৩.১৪ কোটি টকা বান সাহায্য প্ৰদান কৰে।
জন্ম
- ১৮৯৪কপিটজাৰ, পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী ৰাছিয়ান বিজ্ঞানী।
- ১৯২৭চন্দ্ৰপ্ৰসাদ শইকীয়া, অসমীয়া সাহিত্যিক, সাংবাদিক, শিক্ষাবিদ, আমাৰ মাজত মহাৰথী ৰূপে পৰিচিত। তেখেতৰ জন্ম হৈছিল শিৱসাগৰৰ আমগুৰি মৌজাৰ জালুকগাঁৱত।
- ১৯২৮ৰসেশ্বৰ শইকীয়া বৰবায়ন, সত্ৰীয়া নৃত্যশিল্পী।
- ১৯৬৬ৰেৱতী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৭২সৌৰভ গাংগুলী (সৌৰভ গাংগুলী), ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক, ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক।
মৃত্যু
- ১৬৯৫খ্ৰীষ্টিয়ান হাইজেন্স, নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ। হাইজেন্সে ১৬৫৭ চনত প্ৰথম পেণ্ডুলাম ঘড়ী সাজি উলিয়ায়।
- ১৮২২শ্বেলী, ৰোমাণ্টিক কবি।
- ১৯০৬গোপালেৰ মা, শ্ৰীৰামকৃষ্ণ পৰমহংসৰ ভক্ত।
- ১৯৮২সৰলা বেন, ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী।
- ২০০৬ঈশান বৰুৱা, বিশিষ্ট অভিনেতা শিল্পী তথা আবৃত্তিকাৰ।
- ২০০৭চন্দ্ৰ শেখৰ, ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। এখেত ভাৰতৰ নৱম গৰাকী প্ৰধানমন্ত্ৰী আছিল। ১০ নৱেম্বৰ ১৯৯০ তাৰিখৰ পৰা ২১ জুন ১৯৯১ তাৰিখলৈ তেখেতে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিবাহ কৰিছিল।
- ২০১৬নুৰুল হক, অসমীয়া প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক।
- ২০২০জগদীপ, ভাৰতীয় অভিনেতা।
- ২০২২শ্বিঞ্জ’ আবে, জাপানৰ ৰাজনীতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ