অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

টিকটক

টিকটক (TikTok) বা ডয়ইন (抖音; pinyin: Dǒuyīn; অৰ্থ: 'কম্পিত শব্দ') iOS আৰু এণ্ড্ৰইডত উপলদ্ধ এটা মিডিয়া এপ যিটো ছুটি ভিডিঅ' প্ৰকাশ আৰু প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই এপটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক ৩-১৫ ছেকেণ্ডৰ ছুটি সংগীতৰ আৰু ৩-৬০ ছেকেণ্ডৰ লুপিং ভিডিঅ' প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰে।

হালনাগাদ: ২৬ মে’ ২০২৬ ১,১৯৪ শব্দ · ৭ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

টিকটক (TikTok) বা ডয়ইন (抖音; pinyin: Dǒuyīn; অৰ্থ: 'কম্পিত শব্দ') iOS আৰু এণ্ড্ৰইডত উপলদ্ধ এটা মিডিয়া এপ যিটো ছুটি ভিডিঅ' প্ৰকাশ আৰু প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই এপটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক ৩-১৫ ছেকেণ্ডৰ ছুটি সংগীতৰ১২ আৰু ৩-৬০ ছেকেণ্ডৰ লুপিং ভিডিঅ' প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰে। টিকটক এছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰ এক আগশাৰীৰ ছুটি ভিডিঅ' প্ৰকাশ কৰাৰ প্লেটৰ্ফম।৩

ByteDance-ৰ স্বতাধিকাৰত নিয়ন্তিত এই এপটো ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত চীনত ডয়ইন নামেৰে মুকলি কৰা হৈছিল৪৫৬ আৰু প্ৰায় এবছৰ পিছত আন্তঃৰাষ্ট্ৰীয় বজাৰত টিকটক নামেৰে মুকলি কৰা হৈছিল। ২০১৮ চনত, এই এপটোৱে ৰ্সবাধিক জনপ্ৰিয়তা লাভ কৰে আৰু ২০১৮ চনৰ অক্টোৱৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক ডাউনলোড কৰা এপ হিচাপে পৰিগণিত হয়।৭৮ ২০১৮ চনৰ তথ্য অনুযায়ী, এই এপটো ১৫০ তকৈ অধিক বজাৰত আৰু ৭৫টা ভাষাত উপলদ্ধ। ২০১৮ চনত এই এপটোৰ সমগ্ৰ বিশ্বত ৫০০ মিলিয়নতকৈও বেছি ব্যৱহাৰকাৰী আছিল।৯

ইতিহাস

বিকাশ

ডয়ইন ByteDance-ৰ দ্বাৰা চীনত ২০১৬ চনৰ ছেপেম্বৰ মাহত মুকলি কৰা হৈছিল। ১০ ডয়ইন মাত্ৰ ২০০ দিনত বিকাশ কৰা হৈছিল আৰু মাত্ৰ এবছৰৰ ভিতৰতেই ই প্ৰায় ১০০ মিলিয়ন ব্যবহাৰকাৰী পাবলৈ সক্ষম হৈছিল যাৰ ভিতৰত প্ৰায় প্ৰতিদিনেই ১ বিলিয়নতকৈ অধিক ভিডিঅ উপভোগ কৰা হৈছিল। ১১১২ চীনত এই এপটোৰ নাম ডয়ইন ৰাখি উক্ত এপটোক টিকটক নামেৰে নামকৰণ কৰি ২০১৭ চনৰ ছেপ্তেম্বৰ মাহত অন্য দেশসমূহত মুকলি কৰা হৈছিল। ১৩ ২০১৮ চনৰ ২৩ জানুৱাৰিত টিকটক এপ থাইলেণ্ড আৰু অনান্য বহু দেশৰ এপ ষ্টোৰত #১ নংবিনামূলীয়া মোবাইল এপ হৈছিল। ১৪

মোবাইল ৰিচাৰ্ছ ৰ্ফাম ছেন্সৰ টাবাৰৰ তথ্য অনুয়ায়ী চীন দেশক বাদ দি টিকটক আমেৰিকা যুক্তৰাষ্টৰ ৮০ মিলিয়ন বাৰতকৈও বেছি আৰু সমগ্ৰ বিশ্বত ৮০০ মিলিয়ন বাৰতকৈও বেছি ডাউনলোড কৰা হৈছিল।১৫ জিমি ফেলন আৰু টনী হাৱকৰ দৰে তাৰকাই উক্ত এপটোত ২০১৮ চনৰ নৱেম্বৰ মাহত যোগদান কৰিছিল।১৬১৭

Musical.ly ৰ সৈতে একত্ৰীকৰণ

২০১৭ চনৰ ৯ নবেম্বৰত, টিকটকৰ অভিভাৱক কোম্পানী ByteDance, ৰ দ্বাৰা $১ বিলিয়ন ডলাৰত musical.ly ক ক্ৰয় কৰা হৈছিল, ই Shanghai ৰ এটা ৰ্ষ্টাটআপ আছিল।১৮১৯ আমেৰিকা যুক্তৰাষ্টৰ যুৱ প্ৰজন্মৰ মাজত নিজৰ জনপ্ৰিয়তা বৃদ্বি কৰিবলৈ টিকটক ২০১৮ চনৰ ২ আগষ্টত musical.ly ৰ সৈতে একত্ৰিত হৈছিল যাতে দুয়োটা একলগ হৈ "টিকটক" নামেৰে এটা জনপ্ৰিয় ভিডিঅ সম্প্ৰদায় গঢ়াত সফল হয়।১৯২০২১

অনান্য দেশসমূহত সম্প্ৰসাৰণ

২০১৮ চনলৈকে টিকটক ১৫০খন দেশৰ বজাৰত আৰু ৭৫টা ভাষাত উপলদ্ধ হৈছে।২২২৩ ২০১৮ চনৰ প্ৰথম ভাগলৈ এপলৰ এপ ষ্টোৰত ইয়াক ১০৪ মিলিয়ন বাৰ ডাউনলোড কৰা হৈছিল,, CNBC ক San Francisco ৰ Sensor Tower য়ে দিয়া তথ্য অনুসৰি ই Facebook, YouTube আৰু Instagram ক পিছ পেলাই সেই সময়ত বিশ্বৰ সৰ্বাধিক ডাউনলোড কৰা iOS এপত পৰিগণিত হৈছিল।২৪২৫

ডইয়ন

টিকটকৰ পৰা পৃথকভাৱে, ডইয়ন ইয়াৰ বিকাশকৰ ৱেৱছাইটৰ পৰা উপলদ্ধ আৰু ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত মুকলি কৰাৰ পৰাই ই নিজৰ একেই নাম ৰ্বতাই ৰাখিছে।২৬ ডয়ইনৰ বজাৰ দখলৰ বাবে কৰা বিভিন্ন ধৰণৰ প্ৰচাৰ আৰু চীনা তাৰকাসমূহৰ সৈতে কৰা বিভিন্ন প্ৰচাৰ ইয়াৰ জনপ্ৰিয়তাৰ এক মুখ্য কাৰণ। উদাহৰণস্বৰূপে, ২০১৮ চনত গালা বসন্ত উৎসৱৰ সময়ত কৰা প্ৰচাৰৰ ফলস্বৰূপেই ইয়াৰ ৱ্যৱহাৰকাৰীৰ সংখ্যা দৈনিক ৭০ মিলিয়নলৈ বৃদ্ধি পাইছিল।২৭ ২০১৮ চনৰ ফেব্ৰৱাৰি মাহত, ডয়ইনয়ে Modern Sky ৰ সৈতে গানসমূহ ৰাজস্বকৃত কৰিবলৈ সংযুক্ত হৈছিল।২৮

বৈশিষ্ট্যসমূহ

টিকটকৰ মোবাইল এপটোৱে ৱ্যৱহাৰকাৰীসকলক পৃষ্ঠভূমিত পৰিচালিত গানসমূহৰ সৈতে চুটি ভিডিঅ’ প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰে। যিবোৰ পিছত এপটোৰ সৈতে সংযুক্ত এটা ফিল্টাৰৰ সৈতে স্পীড আপ বা স্পীড ডাউন কৰি পৰিবেশন কৰিব পৰা যায়। .২৯ এই এপটোত এটা গানৰ ভিডিঅ’ বনাবলৈ ৱ্যৱহাৰকাৰীসকলে এপটোত উপলব্ধ বিভিন্ন গানৰ সংমিশ্ৰণৰ পৰা যিকোনো এটা বাছি লৈ ফিল্টাৰৰ সৈতে ১৫ ছেকেণ্ডৰ বাবে ভিডিঅটোৰ স্পীড নিয়ন্ত্ৰণ কৰি ইয়াক টিকটক আৰু অনান্য ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত আপলোড কৰিব পাৰে।

এই এপটোৰ "ৰিয়েক্ট" বৈশিষ্ট্যই যিকোনো এটা ভিডিঅ’ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সুবিধা দিয়ে, এই সুবিধাটো এপটোৰ তলত অৱস্থিত। . ইয়াৰ "duet" বৈশিষ্ট্যই যিকোনো এটা ভিডিঅ’ৰ সৈতে অন্য এটা ভিডিঅ সংযুক্ত কৰাৰ সুবিধা প্ৰদান কৰে।

ইয়াত ৱ্যৱহাৰকাৰীসকলৰ একাউণ্টসমূহ ব্যক্তিগতভাৱে গোপনীয় বা "private" কৰাৰ সুবিধাৰে সংযুক্ত। এই এপটোৰ ৱ্যৱহাৰকাৰীসকলে তেওঁলোকৰ পোষ্টত কৰা কমেণ্ট, মেছেজ আৰু ৰিয়েক্টসমূহ কোনে কৰিব তাক নিয়ন্ত্ৰণ কৰিব পাৰে। .

কৃত্ৰিম বুদ্ধিমত্তা

টিকটকৰ দ্বাৰা ইয়াৰ ৱ্যৱহাৰকাৰীসকলৰ আগ্ৰহ আৰু পছন্দক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি বিশ্লেষণ কৰা হয় আৰু প্ৰত্যেকজন ৱ্যৱহাৰকাৰীক নিজৰ পছন্দৰ বিষয়বস্ত প্ৰৰ্দশন কৰা হয়।৩০৩১

স্বীকৃতি

২০১৮ চনৰ জুন মাহত, টিকটক বিশ্বজুৰি ৫০০ মিলিয়ন সক্ৰিয় ৱ্যৱহাৰৰ্কতা আৰু চীনত প্ৰতিদিনে ১৫০ মিলিয়ন সক্ৰিয় ৱ্যৱহাৰৰ্কতাৰ সৈতে এক মাইলৰ খূঁটি পুতিবলৈ সক্ষম হৈছিল।৩২ ২০১৮ চনৰ প্ৰথম ভাগত এপলৰ এপ ষ্টোৰত ১০৪ মিলিয়ন ডাউনলোডেৰে ই বিশ্বৰ ৰ্সবাধিক ডাউনলোড কৰা এপ হিচাপে পৰিগণিত হৈছিল,, যাৰ দ্বাৰা ই একে সময়তে PUBG Mobile, YouTube, WhatsApp আৰু Instagram ৰ ডাউনলোড কৰা ৰেৰ্কড ভংগ কৰিছিল।২৪

এই এপটোৱে আৰম্ভণিৰে পৰাই বহ্ন ভাইৰেল ট্ৰেণ্ড আৰু ইণ্টাৰনেট চেলিব্ৰিটীৰ জন্ম দিছিল,বিভিন্ন ধৰণৰ জনপ্ৰিয় গান আৰু ভিডিঅৰ দ্বাৰা ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল। ৩৩৩৪৩৫৩৬৩৭৩৮

গোপনীয়তা,চাইবাৰ নিৰ্যাতন আৰু আসক্তিৰ শংকাসমূহ

এই এপটোৱে ৱ্যৱহাৰকাৰীসকলক ভিডিঅৰ মাধ্যমেৰে সংযোগ কৰাৰ সুবিধা দিয়ে যিসকলে অন্য ৱ্যৱহাৰকাৰীসকলৰ বিষয়ে প্ৰায়ে একো নাজানে, সেয়েহে ইয়াক Chatroulette সৈতে তুলনা কৰা হৈছিল। .৩৯ বিশ্বৰ বিভিন্ন দেশৰ সাংবাদিকসকলে এই এপটোৰ দ্বাৰা বৃহৎ পৰিমাণত হোৱা গোপনীয়তা ভংগৰ নীতিক লৈ প্ৰশ্ন কৰিছিল আৰু ইয়াৰ দ্বাৰা হোৱা শিশুৰ যৌন নগ্নতাক লৈও শংকাবোধ কৰিছিল৩৯৪০৪১

বহুতো ৱ্যৱহাৰকাৰীয়ে টিকটকত হোৱা চাইবাৰ নিৰ্যাতনৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল৪২যাৰ ভিতৰত ভাষা আৰু গোষ্ঠীক লৈ কৰা অশোভনীয় মন্তব্যসমূহ অন্যতম।

৪৩৪৪৪৫

এই এপটো একপ্ৰকাৰ নিচাজাতীয় হোৱা বাবে ইয়াৰ ৱ্যৱহাৰকাৰীসকলৰ ইয়াক বন্ধ কৰাটো কঠিন হৈ পৰে। ৪৬ ২০১৮ চনৰ এপ্ৰিল মাহত, ডয়ইনত আসক্তি হ্ৰাস কৰিব পৰা এটা বৈশিষ্ট্য যোগ কৰা হৈছিল।৪৬ এই বৈশিষ্ট্যৰ দ্বাৰা প্ৰতি ৯০ মিনিটৰ পিছত ব্যৱহাৰকাৰীসকলক এটা বিৰতি লবৰ বাবে উৎসাহ দিয়া হৈছিল।৪৬ ২০১৮ চনৰ শেষৰ ফালে, এই বৈশিষ্ট্যটো টিকটকত সন্নিৱিষ্ট কৰা হৈছিল।

ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি

২০১৯ চনৰ জানুৱাৰী মাহত, আমেৰিকাৰ Peterson Institute for International Economics ৰ এক বিশেষজ্ঞ দলৰ দ্বাৰা চলোৱা এক অনুসদ্ধানত "টিকটক"ক "Huawei-sized problem" আৰু পশ্চিমৰ দেশসমূহৰ বাবে এক ভাবুকি আখ্যা দিয়া হৈছিল।৪৭৪৮৪৯ পশ্চিমীয়া দেশসমূহৰ ৱ্যৱহাৰকাৰীসকল আৰু নিৰাপত্তা বাহিনীৰ মাজত ইয়াৰ জনপ্ৰিয়তা আৰু ইয়াৰ স্থান, আলোকচিত্ৰ আৰু অনান্য

তথ্য আহৰণ কৰিব পৰা ক্ষমতাই উক্ত তথ্যসমূহ চীনা নিৰাপত্তা বাহিনীক প্ৰদান কৰাৰ আশংকা প্ৰকাশ কৰা হৈছিল।৪৮৪৯ উক্ত সংস্থাটোৰ দ্বাৰা আনকি টিকটকক জনসাধাৰণৰ নিজৰ মতামতক সলনি কৰিবৰ বাবেও ৱ্যৱহাৰ কৰাৰ আশ্কা প্ৰকাশ কৰা হৈছিল।৪৮৪৯

চেন্সৰশ্বিপ

Peppa Pig ৰ লগত জড়িত ভিডিঅ আৰু হেছটেগসমূহ ডয়ইনত চেন্সৰ কৰা হৈছিল, কিয়নো চীনৰ চৰকাৰে ইয়াক সামাজিক সুস্থতা ভংগ কৰাৰ অভিযোগ আনিছিল। .৫০৫১

২০১৮ চনৰ ৩ জুলাইত, ইণ্ডোনেছিয়াত টিকটক নিষিদ্ধ কৰা হৈছিল, ইণ্ডোনেছিয়াত উক্ত এপটোৰ বিৰুদ্ধে ৰ্পণগ্ৰাফী আৰু ৰ্ধমীয় অনূভূতিত আঘাত হনাৰ অভিযোগ গ্ৰহণ কৰা হৈছিল। "৫২৫৩৫৪৫৫৫৬ তাৰ পিছতেই, টিকটকৰ ফালৰ পৰা ২০টা বিষয়ত চেন্সৰ কৰি পুনৰ জাৰি কৰাৰ অনুৰোধ কৰা হৈছিল ফলত ২০১৮ চনৰ ১১ জুলাইত উক্ত নিষেধাজ্ঞা উঠাই লোৱা হৈছিল।৫২

২০১৮ চনৰ নৱেম্বৰ মাহত বাংলাদেশী চৰকাৰে টিকটকৰ ইণ্টাৰনেট সেৱা বাতিল কৰিছিল।৫৭

২০১৮ চনতেই, চীনৰ চৰকাৰৰ দ্বাৰা মহিলাই সন্তান প্ৰসৱ কৰাৰ ভিডিঅ প্ৰকাশ কৰাক লৈ টিকটক কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰা হৈছিল।৫৬

ট্ৰেণ্ডসমূহ

টিকটকত বিভিন্ন ধৰণৰ ট্ৰেণ্ডসমূহ অন্তৰ্ভুক্ত,ইয়াৰ ভিতৰত lip-synced গানসমূহ,কমেডি আৰু Duets অন্তৰ্ভুক্ত,যাৰ দ্বাৰা এটা ভিডিঅৰ কাষত অন্য এটা ভিডিঅ উপস্থাপন কৰা হয়।

টিকটকত সৰ্বাধিক অনুসৰণ কৰা একাউণ্টসমূহ

এই সাৰণিখনত টিকটকত সৰ্বাধিক অনুসৰণ কৰা ১০টা একাউণ্টৰ নাম উল্লেখ আছে যিটো আগত musical.ly ৰ সৈতে সংযুক্ত আছিল। এই সাৰণিখনত টিকটকৰ আনুষ্ঠানিক একাউণ্টসমূহ উল্লেখ নাই।

+ সৰ্বাধিক জনপ্ৰিয় টিকটক ৱ্যৱহাৰকাৰী (৩ মে,২০১৯ অনুয়ায়ী)RankUserIDFollowers (millions)Country
1Lisa and Lena৫৮@lisaandlena32.7
2Loren Gray৫৯@lorengray30.5
3Baby Ariel৬০@babyariel29.3
4Kristen Hancher৬১@kristenhancher22.3
5Jacob Sartorius৬২@jacobsartorius20.4
6Flighthouse৬৩@flighthouse17.9
7GIL CROES৬৪@glimhercroes17.9
8Cameron Dallas৬৫@camerondallas17.9
9Faisal Shaikh৬৬@mr_faisu_0717.6
10Jojo Siwa৬৭@itsjojosiwa17.4

সৰ্বাধিক জনপ্ৰিয় Douyin ৱ্যৱহাৰকাৰী

এই সাৰণিখনত ডয়ইন ৱ্যৱহাৰকাৰী সৰ্বাধিক অনুসৰণ কৰা ১০টা একাউণ্টৰ উল্লেখ আছে যিটো টিকটকৰ চীনা সংস্কৰণ।৬৮

+ Top Douyin users (last updated 15 October 2018)RankUserIDFollowers (millions)Country or region
1Chen He (陈赫)@19143344550.7
2Dilraba Dilmurat (迪丽热巴)@27411038046.7
3Liu Erdou (会说话的刘二豆)@erdou43.9
4Yi Chan (一禅小和尚)@yichan666642.1
5Angelababy (杨颖)@228.22837.8
6He Jiong (何炅)@he.jiong31.8
7Feng Timo (冯提莫)@Fengtimo121928.7
8Hei Lian V (黑脸V)@14565108126.0
9Guan Xiaotong (关晓彤)@guanxiaotong25.6
10Yang Yang (杨洋)@YANGYANG.9920.4

আইনী সমস্যাসমূহ

ইণ্ডোনেছিয়ান নিষেধাজ্ঞা

২০১৮ চনৰ ৩ জুলাইত ইণ্ডোনেছিয়াই পৰ্ণগ্ৰাফী আৰু ৰ্ধমীয় অনূভূতিত আঘাত হনাৰ ৰাজহ্নৱা অভিযোগৰ পৰিপ্ৰেক্ষিতত অস্থায়ীৰূপে নিষেধ কৰিছিল। প্ৰায় এসপ্তাহ পিছত এপটোৱে নেতিবাচক বিষয় দূৰ,বয়সৰ সীমা,অতিৰিক্ত নিৰাপত্তা আৰু আনুষ্ঠানিক ৱেৱছাইট এটা দেশখনত খোলাৰ পিছত এই নিষেধাজ্ঞা আঁতৰোৱা হৈছিল।

ভাৰতৰ নিষেধাজ্ঞা

২০১৯ চনৰ ৩ এপ্ৰিল তাৰিখে, পৰ্ণগ্ৰাফীক উৎসাহ যোগোৱা বাবে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ভাৰত চৰকাৰক এই এপটো নিষেধ কৰাৰ ৰ্নিদেশ দিছিল। ন্যায়ালয়ৰ মতে কিশোৰ সকলক বিশেষকৈ যৌন সৰবৰাহকাৰী চক্ৰই লক্ষ্য কৰি লৈছিল। ইয়াৰ লগতে ন্যায়ালয়ৰ দ্বাৰা সংবাদ মাধ্যমকো উক্ত এপটোৰ পৰা কোনো ভিডিঅ প্ৰৰ্দশন নকৰাৰ ৰ্নিদেশ দিছিল। . তথাপিও টিকটকৰ মুখপাত্ৰৰ মতে তেওঁলোকে স্থানীয় আইন উলংঘা কৰা নাছিল। .৬৯ ১৭ এপ্ৰিলত, গুগল আৰু এপলৰ ফালৰ পৰা টিকটক গুগল প্লে আৰু এপ ষ্টোৰৰ পৰা আঁতৰাই দিয়া হৈছিল।৭০ এই ঘটনাৰ পিছত টিকটকৰ পৰা ৬ মিলিয়ন আপত্তিজনক ভিডিঅ আঁতৰোৱা হৈছিল। .৭১ উক্ত শুনানিটো ২২ এপ্ৰিল তাৰিখে পুনৰ গ্ৰহণ কৰা হৈছিল।৭২৭৩

ভাৰতত নিষেধাজ্ঞা প্ৰত্যাহাৰ

২০১৯ চনৰ ২৫ এপ্ৰিল তাৰিখে তামিলনাডুৰ এখন ন্যায়ালয়ে গুগল প্লে আৰু এপ ষ্টোৰৰ পৰা এই এপটো ডাউনলোড কৰাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত ইয়াৰ ওপৰত ভাৰতত কোনোধৰণৰ নিষেধাজ্ঞা নাই। আৰম্ভণিতে, এই এপটোৰ দ্বাৰা শিশুসকলক ব্যৱহাৰ কৰি আৰু যৌনগন্ধী বিষয়েৰে এক অসুস্থ সংস্কৃতি গঢি তোলাৰ অভিযোগ অনা হৈছিল। ইয়াৰ পিছত টিকটকৰ স্বতাধিকাৰ বাইটডান্সৰ ফালৰ পৰা জনোৱা এক আনুষ্ঠানিক অনুৰোধৰ পিছত উক্ত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছিল।৭৪৭৫ ভাৰতৰ নিষেধাজ্ঞাই সম্ভাব্য ১৫ মিলিয়ন ৱ্যৱহাৰৰ্কতাৰ হেৰুওৱাৰ সন্মুখীন কৰাইছিল। .৭৬

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Top 10 TikTok (Musical.ly) App Tips and Tricks
  2. ↑ TikTok - Apps on Google Play
  3. ↑ TikTok is fast becoming the most popular app in the world
  4. ↑ Is Douyin the Right Social Video Platform for Luxury Brands? · Jing Daily
  5. ↑ How Douyin became the most popular app in the world · TechNode
  6. ↑ Tik Tok, a Global Music Video Platform and Social Network, Launches in Indonesia
  7. ↑ Tik Tok, a Global Music Video Platform and Social Network, Launches in Indonesia
  8. ↑ How Douyin became China's top short-video App in 500 days – WalktheChat
  9. ↑ TikTok surges past 6M downloads in the US as celebrities join the app
  10. ↑ (11 March 2018). Is Douyin the Right Social Video Platform for Luxury Brands? · Jing Daily
  11. ↑ Graziani, Thomas. (30 July 2018). How Douyin became China's top short-video App in 500 days
  12. ↑ (15 June 2018). 8 Lessons from the rise of Douyin (Tik Tok) · TechNode
  13. ↑ Tik Tok, a Global Music Video Platform and Social Network, Launches in Indonesia
  14. ↑ Tik Tok, Global Short Video Community launched in Thailand with the latest AI feature, GAGA Dance Machine The very first short video app with a new function based on AI technology
  15. ↑ Yurieff, Kaya. (21 November 2018). TikTok is the latest social network sensation
  16. ↑ Alexander, Julia. (15 November 2018). TikTok surges past 6M downloads in the US as celebrities join the app
  17. ↑ Spangler, Todd. (20 November 2018). TikTok App Nears 80 Million U.S. Downloads After Phasing Out Musical.ly, Lands Jimmy Fallon as Fan
  18. ↑ Social-Media App Musical.ly Is Acquired for as Much as $1 Billion
  19. ↑ Social video app Musical.ly acquired for up to $1 billion. Business Insider
  20. ↑ Musical.ly Is Going Away: Users to Be Shifted to Bytedance’s TikTok Video App
  21. ↑ Musical.ly App To Be Shut Down, Users Will Be Migrated to TikTok
  22. ↑ Chinese video sharing app boost 500 monthly active users
  23. ↑ Why China's Viral Video App Douyin is No Good for Luxury · Jing Daily
  24. ↑ The biggest trend in Chinese social media is dying, and another has already taken its place
  25. ↑ TikTok surpassed Facebook, Instagram, Snapchat & YouTube in downloads last month
  26. ↑ 【抖音短视频】记录美好生活-Douyin.com
  27. ↑ Tik Tok-The #1 App in China (THE NEXT SNAPCHAT!)
  28. ↑ Douyin launches partnership with Modern Sky to monetize music
  29. ↑ (3 March 2019)
  30. ↑ Tech in Asia - Connecting Asia's startup ecosystem
  31. ↑ How cutting-edge AI is making China’s TikTok the talk of town
  32. ↑ (2019-01-10). TikTok Revenue and Usage Statistics (2019)
  33. ↑ J-pop song finds new life in China, a decade on
  34. ↑ How Does Tik Tok Outperform Tencent’s Super App WeChat and Become One of China’s Most Popular Apps? (Part 1)
  35. ↑ Viral 'Karma's a Bitch' Meme Takes Chinese Video App by Storm
  36. ↑ (6 April 2018). Enhancing that 'chin on a hand' thingy
  37. ↑ Tik Tok, a Global Music Video Platform and Social Network, Launches in Indonesia
  38. ↑ Wannabe stars fuel video fad - SHINE
  39. ↑ Les dangers de Tik Tok pour vos enfants et comment s'en prémunir
  40. ↑ Tik Tok app raises concerns for young users
  41. ↑ Tik Tok, currently the world’s most popular iPhone app, under fire over lack of privacy settings - Tech News - The Star Online
  42. ↑ TikTok, the App Super Popular With Kids, Has a Nudes Problem
  43. ↑ TikTok Creators Say They Are Being Bullied And The Company Isn't Helping
  44. ↑ Clock is ticking: Experts urge caution as popularity of TikTok surges
  45. ↑ What is TikTok and is it safe?
  46. ↑ (19 May 2018). Lip syncing, finger dancing – Hong Kong kids go crazy for Tik Tok
  47. ↑ (11 January 2019). The Growing Popularity of Chinese Social Media Outside China Poses New Risks in the West
  48. ↑ Report warns of security concerns amid sudden..
  49. ↑ (14 January 2019). User Data from Popular Video-Sharing App TikTok Can Be Transferred to China, Security Expert Warns
  50. ↑ Haas, Benjamin. (1 May 2018). Peppa Pig, subversive symbol of the counterculture, falls foul of Chinese censors
  51. ↑ Novak, Matt. China Bans Peppa Pig Videos on Social Media for Being Associated With Gangster Culture
  52. ↑ hermesauto. (11 July 2018). Indonesia overturns ban on Chinese video app Tik Tok
  53. ↑ (5 July 2018). Chinese video app Tik Tok to set up Indonesia censor team to..
  54. ↑ Welle (www.dw.com), Deutsche. Indonesia blocks 'pornographic' Tik Tok app - DW - 05.07.2018
  55. ↑ Spence, Philip. ByteDance Can’t Outrun Beijing’s Shadow
  56. ↑ TikTok parent ByteDance sues Chinese news site that exposed fake news problem
  57. ↑ Welle (www.dw.com), Deutsche. Bangladesh 'anti-porn war' bans blogs and Google books - DW - 25.02.2019
  58. ↑ Lisa and Lena - TikTok
  59. ↑ Loren Gray - TikTok
  60. ↑ BabyAriel - TikTok
  61. ↑ Kristen Hancher - TikTok
  62. ↑ Jacob Sartorius - TikTok
  63. ↑ Flighthouse - TikTok
  64. ↑ GIL CROES - TikTok
  65. ↑ Cameron Dallas - TikTok
  66. ↑ Faisal Shaikh (Mr.Faisu) - TikTok
  67. ↑ JoJo Siwa - TikTok
  68. ↑ Techweb. 2018抖音粉丝排行榜一览 抖音粉丝最多的是谁
  69. ↑ 'It Encourages Pornography': Madras High Court Asks Government to Ban Video App TikTok. News18
  70. ↑ Apple, Google Block TikTok in India After Court Order
  71. ↑ TikTok no longer available on Google and Apple stores
  72. ↑ A timeline of how things went downhill for TikTok in India
  73. ↑ Tiktok: India bans video sharing app
  74. ↑ TikTok ban lifted in India but it has lost at least 2 million users
  75. ↑ TikTok Ban in India Lifted by Madras High Court
  76. ↑ (2019-05-03). India's TikTok Ban Might Have Cost the App 15 Million New Users. Beebom

সম্পৰ্কিত শ্ৰেণী

ছফ্টৱেৰচচিয়েল নেটৱৰ্ক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিকটক” প্ৰবন্ধৰ সংশোধন ৬০৮৭৬৩ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।