অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰামদেৱ

স্বামী ৰামদেৱ হ'ল এজন ভাৰতীয় যোগ গুৰু যাক অধিকাংশ লোকে ৰামদেৱ হিচাপে জানে। যোগাসন আৰু প্ৰাণায়ামৰ ক্ষেত্ৰত তেখেতৰ অৱদান উল্লেখনীয়। ৰামদেৱে নিজে ঠায়ে ঠায়ে গৈ যোগ শিবিৰৰ আয়োজন কৰে য'ত প্ৰায় সকলো সম্প্ৰদায়ৰ মানুহ একগোট হয়।

হালনাগাদ: ১১ জুন ২০২০ ৫৩৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

স্বামী ৰামদেৱ হ'ল এজন ভাৰতীয় যোগ গুৰু যাক অধিকাংশ লোকে ৰামদেৱ হিচাপে জানে। যোগাসন আৰু প্ৰাণায়ামৰ ক্ষেত্ৰত তেখেতৰ অৱদান উল্লেখনীয়। ৰামদেৱে নিজে ঠায়ে ঠায়ে গৈ যোগ শিবিৰৰ আয়োজন কৰে য'ত প্ৰায় সকলো সম্প্ৰদায়ৰ মানুহ একগোট হয়। দেশ-বিদেশৰ কৌটি কৌটি লোকক প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰামদেৱে যোগশিক্ষা প্ৰদান কৰিছে। ভাৰতৰ পৰা ভ্ৰষ্টাচাৰ আঁতৰাবলৈও তেখেতে অভিযান আৰম্ভ কৰিছে।

জীৱনী

ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ মহেন্দ্ৰগড় জিলাৰ অন্তৰ্গত সৈয়দপুৰ নামৰ এখন গাঁঁৱত ১৯৬৫ চনৰ ২৬ ডিচেম্বৰত ৰামদেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ৰামনিৱাস যাদৱ আৰু মাতৃৰ নাম আছিল গুলাবো দেৱী। ৰামদেৱৰ প্ৰকৃত নাম হ'ল ৰামকৃষ্ণ যাদৱ। সমীপৱৰ্তী গাঁও শহজাদপুৰৰ চৰকাৰী বিদ্যালয়ত অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি ৰামদেৱে খানপুৰ গাঁৱৰ এখন গুৰুকুলত আচাৰ্য প্ৰদ্যুম্ন তথা যোগাচাৰ্য বলদেৱৰ পৰা সংস্কৃত ভাষা তথা যোগ শিক্ষা লাভ কৰে। যোগগুৰু বাবা ৰামদেৱে যুৱাস্থাতে সন্যাস ল'বলৈ সংকল্পবদ্ধ হয় আৰু ৰামকৃষ্ণ, বাবা ৰামদেৱৰ ৰূপত লোকপ্ৰিয় হৈ পৰে।

সাৰ্বজনিক জীৱনত প্ৰৱেশ

বাবা ৰামদেৱে ১৯৯৫ চনত দিব্য যোগ মন্দিৰ ট্ৰাষ্টৰ স্থাপনা কৰে। ২০০৩ চনত আস্থা টিভি চেনেলটোৱে প্ৰত্যেক পুৱা ৰামদেৱৰ যোগৰ কাৰ্যক্ৰম সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে যাৰ ফলত বহুতো সমৰ্থক তেওঁৰ সৈতে জড়িত হয়। যোগক জনে-জনে পঠিওৱাবলৈ ৰামদেৱে মহত্ত্বপূৰ্ণ ভূমিকা আগবঢ়ায়, ভাৰত আৰু বিদেশত তেওঁৰ যোগশিবিৰত সাধাৰণ মানুহে অংশগ্ৰহণ কৰাৰ উপৰিও ডাঙৰ ডাঙৰ মানুহেও তেওঁৰ শিবিৰত অংশগ্ৰহণ কৰিছে। বাবা ৰামদেৱৰ পৰা যোগশিক্ষা গ্ৰহণ কৰাৰ ভিতৰত অভিনেতা অমিতাভ বচ্চন আৰু অভিনেত্ৰী শিল্পা ছেট্টীৰ নাম উল্লেখনীয়। বাবা ৰামদেৱে প্ৰথমবাৰৰ বাবে দেৱবন্দ (উত্তৰ প্ৰদেশ)ত মুছলমান সমুদায়ক সম্বোদ্ধন কৰিছিল।

পতঞ্জলি যোগপীঠ

যোগ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু আয়ুৰ্বেদক প্ৰচাৰ কৰিবলৈ ৰামদেৱে পজঞ্জলি যোগপীঠ স্থাপন কৰিছিল। যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ, নেপাল, কানাডা আৰু মৰিছাছটো পতঞ্জলি যোগপীঠৰ দুটাকৈ শাখা আছে। এটা হ'ল পতঞ্জলি যোগপীঠ-এক আৰু আনটো হ'ল পতঞ্জলি যোগপীঠ-দুই। পতঞ্জলি আয়ুৰ্বেদে ২০১৫-১৬ চনত ৫০০০ কৌটিৰ ব্যৱসায় কৰে।

স্বামী ৰামদেৱৰ মুখ্য কাৰ্য

ত স্থিত পতঞ্জলি যোগপীঠ ট্ৰাষ্ট]]

২০০৬ চনত স্বামী ৰামদেৱে মহৰ্ষি দয়ানন্দ গ্ৰাম হৰিদ্বাৰত পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ উপৰিও অত্যাধুনিক ঔষধি নিৰ্মাণ ইউনিট পতঞ্জলি আয়ুৰ্বেদ লিমিটেড নামেৰে দুটা সেৱা প্ৰকল্প স্থাপন কৰে। এই সেৱা প্ৰকল্পৰ মাধ্যমেৰে স্বামী ৰামদেৱে যোগ, প্ৰাণায়াম, আধ্যাত্মিকতা আদিৰ লগে লগে বৈদিক শিক্ষা তথা আয়ুৰ্বেদৰ প্ৰচাৰ প্ৰসাৰ কৰিছে। তেওঁৰ প্ৰবচন বিভিন্ন দূৰদৰ্শন চেনেল, যেনে আস্থা টিভি, আস্থা ইণ্টাৰনেশ্যনেল, জী নেটৱৰ্ক, চাহাৰা ওৱান তথা ইণ্ডিয়া টিভিত প্ৰচাৰিত হয়। ভাৰতত ভ্ৰষ্টাচাৰ আৰু ইটালী আৰু ছুইজাৰলেণ্ডৰ বেংকত জমা থকা প্ৰায় ৪০০ লাখ কৌটি টকাৰ "ক'লা টকা"ক স্বদেশলৈ ঘূৰাই অনাৰ দাবী কৰি বাবা ৰামদেৱে গোটেই ভাৰতত একলাখ কিলোমিটাৰৰ যাত্ৰা কৰিছিল। ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বাবা ৰামদেৱে অনবৰত যুদ্ধ চলাই ৰাখিছিল আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো তেখেতে মুখ্য ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰিও স্বামী ৰামদেৱে স্বচ্ছ ভাৰত অভিযানত ভাগ লয়।

ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অনশন

বাবা ৰামদেৱে যেতিয়া ২০১১ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে ৰামলীলা মৈদানত জনসভাৰ আয়োজন কৰিছিল, সেই জনসভাত স্বামী অগ্নিৱেশৰ লগে-লগে আন্না হাজাৰেও উপস্থিত হৈছিল। ইয়াৰ পাছত দিল্লীৰ জন্তৰ মন্তৰত ২০১১ চনৰ ৫ এপ্ৰিলত আন্না হাজাৰে সত্যাগ্ৰহৰ লগতে আমৰণ অনশনৰ ঘোষণা কৰিছিল য'ত এক দিনৰ কাৰণে বাবা ৰামদেৱো উপস্থিত হৈছিল। বাবা ৰামদেৱে ২০১১ চনৰ ৪ জুনত দিল্লীৰ ৰামলীলা মৈদানত পুৱা ৭ বজাত অনশনৰ লগতে সত্যাগ্ৰহ আৰম্ভ কৰিছিল।

যোগ শিবিৰসমূহৰ আয়োজন

বাবা ৰামদেৱে সময়ে সময়ে যোগ শিবিৰৰ আয়োজন কৰি থাকে। নিজৰ যোগ শিবিৰৰ মাধ্যমেৰে বাবা ৰামদেৱে ভাৰতীয় সংস্কৃতি আৰু যোগৰ মাহাত্ম্যক বিশ্বৰ দৰবাৰত স্থাপন কৰিবলৈ কাম কৰি আছে। বাবা ৰামদেৱৰ এটা সংকল্প আছে যে গোটেই ভাৰতবৰ্ষ সুস্থ হওক আৰু সেইমৰ্মে বাবা ৰামদেৱে সেনা জোৱান সকলকো যোগ শিকাবলৈ আৰম্ভ কৰিছে।

সন্মান

  • বেৰহামপুৰ বিশ্ববিদ্যালয়ে বাবা ৰামদেৱক ডক্টৰেট উপাধি প্ৰদান কৰে।
  • ২০১১ চনত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল কে.শংকৰ নাৰায়ণে বাবা ৰামদেৱক চন্দ্ৰশেখৰানন্দ সৰস্বতী এৱাৰ্ড প্ৰদান কৰে।

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামদেৱ” প্ৰবন্ধৰ সংশোধন ২৩৭৩৪৫ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।