মাকেদ’নিয়াৰ ৩য় আলেক্সান্দ্ৰ’ছ (Ἀλέξανδρος,; Alexander,; ২০/২১ জুলাই ৩৫৬ খ্ৰী.পূ. – ১০/১১ জুন ৩২৩ খ্ৰী.পূ.), যিজনক বেছিকৈ মহান আলেক্সান্দ্ৰ’ছ নামেৰে জনা যায়, আছিল ইতিহাসৰ আটাইতকৈ বিখ্যাত বীৰসকলৰ ভিতৰত অন্যতম। প্ৰাচীন গ্ৰীক ৰাজ্য মেচিডনৰ ৰজা। পিতাকৰ নাম ফিলিপ। খ্ৰীঃপূঃ ৩৩৫ চনত ফিলিপৰ মৃত্যুৰ পিছত আলেকজেণ্ডাৰ মেচিডনৰ সিংহাসনত আৰোহণ কৰে। দাৰ্শনিক এৰিষ্টটল আছিল তেওঁৰ গৃহ শিক্ষক। ২০ বছৰ বয়সতে সিংহাসনত আৰোহণ কৰি তেওঁ বিশ্ব-বিজয় অভিযানত বাহিৰ হয়। আলেকজেণ্ডাৰ বিশ্ব বিজয় অভিযানত ওলাই আহি ইজিপ্ত জয় কৰাৰ পিছত খ্ৰীঃপূঃ ৩৩২ চনত তাত নিজৰ নামেৰে এখন নতুন নগৰ আলেকজেড্ৰিয়া স্থাপন কৰে।১ এই নগৰখন প্ৰাচীন গ্ৰীক আৰু ইহুদী সংস্কৃতিৰ প্ৰধান কেন্দ্ৰ হৈ উঠে। পাৰস্য আৰু আফগানিস্তান জয় কৰাৰ পিছত তেওঁ ভাৰতত প্ৰবেশ কৰি পঞ্জাব জয় কৰে। তেওঁৰ লক্ষ্য আছিল গাঙ্গেয় উপত্যকা। কিন্তু তেওঁৰ সৈন্যসকলে বিদ্ৰোহ কৰাত তেওঁ ভাৰত বিজয়ৰ অভিযান অসমাপ্ত ৰাখি স্বদেশলৈ ঘূৰি যাবলৈ বাধ্য হয়। স্বদেশ গৈ পোৱাৰ আগতে তেওঁৰ আধাবাটতে মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ বৰগোহাঞি, হোমেন. (এপ্ৰিল, ২০০২). প্ৰজ্ঞাৰ সাধনা. ভাৰতী বুক ষ্টল. পৃ. ৬১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেকজেণ্ডাৰ” প্ৰবন্ধৰ সংশোধন ৬১৩৪২২ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।