উত্তৰ প্ৰদেশৰ ব্যক্তি
১৯ প্ৰবন্ধ
-
চৌধুৰী চৰণ সিং
চৌধুৰী চৰণ সিং (Chaudhary Charan Singh, ২৩ ডিচেম্বৰ ১৯০২ – ২৯ মে' ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
অনুৰাগ কাশ্যপ
অনুৰাগ কাশ্যপ (Anurag Kashyap) (জন্ম ১০ ছেপ্টেম্বৰ ১৯৭২) হিন্দী চিনেমাজগতৰ এজন পৰিচিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। তেওঁ চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ফৰাচী চৰকাৰে ২০১৩ চনত তেওঁক নাইট অৱ দ্য অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছ হিচাপে নিৰ্বাচিত কৰে।
-
ৰাজু শ্ৰীবাস্তৱ
সত্য প্ৰকাশ শ্ৰীবাস্তৱ (Satya Prakash Srivastav) (২৫ ডিচেম্বৰ ১৯৬৩ – ২১ ছেপ্টেম্বৰ ২০২২), পেছাগতভাৱে ৰাজু শ্ৰীবাস্তৱ নামেৰে পৰিচিত। তেওঁক প্ৰায়ে গজোধৰ নামেৰে মতা হয়। তেওঁ এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু ৰাজনীতিবিদ।
-
প্ৰীতি পাল
প্ৰীতি পাল (Preethi Pal, জন্ম ২২ ছেপ্টেম্বৰ ২০০০) এগৰাকী ভাৰতীয় পেৰা এথলীট। তেওঁ মহিলাৰ ১০০ মিটাৰ ইভেণ্টত টি৩৫ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
অজিত সিং যাদৱ
অজিত সিং যাদৱ (Ajeet Singh Yadav; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় পেৰা-এথলীট। তেওঁ পুৰুষৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাৰ এফ-৪৬ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাৰ এফ৪৬ শাখাত ৰূপৰ পদক লাভ কৰে।
-
উমা নেহৰু
উমা নেহৰু (Uma Nehru; ৮ মাৰ্চ ১৮৮৪ – ২৮ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ৰাজনীতিবিদ।
-
কানন গীল
কানন সিং গিল (Kanan Gill) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, অভিনেতা, লেখক আৰু ইউটিউবাৰ। পাঞ্চ লাইন বাংগালুৰু প্ৰতিযোগিতাত তেওঁ জয়লাভ কৰে। তেওঁ ইউটিউব চিৰিজ প্ৰেটেন্সিয়াছ মুভি ৰিভিউ ৰ বাবে পৰিচিত য'ত তেওঁ সহযোগী ষ্টেণ্ড আপ কমেডিয়ান বিশ্ব কল্যাণ ৰথৰ সৈতে বলিউডৰ ছবিৰ পৰ্যালোচনা কৰে।
-
চিমৰন শৰ্মা
চিমৰন শৰ্মা (Simran Sharma; জন্ম: ৯ নৱেম্বৰ ১৯৯৯) এগৰাকী ভাৰতীয় দৃষ্টিশক্তিহীন পেৰা-এথলীট। তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে। এই প্ৰতিযোগিতাত তেওঁ মহিলাৰ ২০০ মিটাৰ টি ১২ শাখাৰ ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
মেধা শংকৰ
মেধা শংকৰ (Medha Shankr; জন্ম: ১ আগষ্ট ১৯৯৭)
-
অনুপ্ৰিয়া পেটেল
অনুপ্ৰিয়া সিং পেটেল (Anupriya Patel, জন্ম ২৮ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী। তেওঁ ২০১৬ চনৰ পৰা আপনা দল (সোনেলাল) দলৰ সভানেত্ৰী আৰু ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ৪ জুনলৈকে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী।
-
অৰ্চনা গৌতম
অৰ্চনা গৌতম (ইংৰাজী: Archana Gautam; জন্ম: ১৯৯৪ বা ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। গৌতমক ২০১৪ চনত মিছ উত্তৰ প্ৰদেশ হিচাপে মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ ২০১৮ চনত মিছ কচম’ছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
প্ৰিয়া সৰোজ
প্ৰিয়া সৰোজ (Priya Saroj; জন্ম: ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ সমাজবাদী পাৰ্টিৰ এগৰাকী সদস্যা। ২০২৪ চনৰ লোকসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী কনিষ্ঠতম প্ৰাৰ্থী। তেওঁ তিনিবাৰৰ সাংসদ আৰু উত্তৰ প্ৰদেশৰ বৰ্তমানৰ বিধায়ক তুফানী সৰোজৰ কন্যা।
-
প্ৰেমানন্দ গোবিন্দ শৰণ
প্ৰেমানন্দ গোবিন্দ শৰণ (জন্ম: অনিৰুদ্ধ কুমাৰ পাণ্ডে, ১৯৬৯), এগৰাকী ভাৰতীয় হিন্দু আধ্যাত্মিক গুৰু, সাধক আৰু দাৰ্শনিক। তেওঁৰ অনুগামীসকলৰ মাজত তেওঁ প্ৰেমানন্দ জী মহাৰাজ নামেৰে জনাজাত। তেওঁ ৰাধাবল্লভ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।
-
বিদ্যাৱতী চতুৰ্বেদী
বিদ্যাৱতী চতুৰ্বেদী (Vidyawati Chaturvedi, ১৯২৬–২০০৯) মধ্যপ্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷ ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ অবিভক্ত মধ্যপ্ৰদেশ বিধানসভাৰ লাউণ্ডি বিধানসভা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিছিল।
-
মঞ্জু ৰাণী চৌহান
মঞ্জু ৰাণী চৌহান (Manju Rani Chauhan, জন্ম ২৯ আগষ্ট ১৯৬৬) এলাহাবাদ উচ্চ ন্যায়ালয়, উত্তৰ প্ৰদেশ, ভাৰতৰ অতিৰিক্ত ন্যায়াধীশ। ২০১৯ চনত তেওঁ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল, কিয়নো তেওঁ কেইবাটাও বহুলভাৱে প্ৰচাৰিত গোচৰৰ ন্যায়াধীশ আছিল, য'ত তেওঁ বিজেপি ৰাজনীতিবিদ চিন্ময়ানন্দৰ বিৰুদ্ধে ধৰ্ষণ, আৰু…
-
মেঘনা সিং
মেঘনা সিং (জন্ম ১৮ জুন ১৯৯৪) হৈছে এখন ভাৰতীয় মহিলা ক্ৰিকেটাৰ, যিয়ে ৰে'ইলৱেৰ হৈ খেল কৰে। আগষ্ট ২০২১-ত, তেওঁ প্ৰথমবাৰৰ বাবে ভাৰত মহিলা ক্ৰিকেট দলত স্থান লাভ কৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধৰ শৃংখলাত, য'ত তেওঁ টেষ্ট দলতো স্থান লাভ কৰে।
-
শান্তি দেৱী
শান্তি দেৱী (Shanti Devi (জন্ম ১৯৩৭)) উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰাক্তন ৰাজনীতিবিদ। তেওঁ দুবাৰকৈ সম্ভালক লোকসভাত প্ৰতিনিধিত্ব কৰাৰ লগতে উত্তৰ প্ৰদেশৰ বিধায়িনী দলৰ দুয়োখন সদনৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।
-
সাৱিত্ৰী নিগম
সাবিত্ৰী নিগম (Savitri Nigam, ১৯১৯-১৯৮৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সংসদৰ সদস্য আছিল। তেওঁ ৰাজ্য সভা আৰু লোকসভা-দুয়োখনতে প্ৰতিনিধিত্ব কৰিছিল। তেওঁ উত্তৰ প্ৰদেশ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল।
-
ৰছিদ খান (সংগীতজ্ঞ)
ৰছিদ খান (Rashid Khan; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। তেওঁ ৰামপুৰ-সহস্বান ঘৰানাৰ অন্তৰ্গত আছিল আৰু এই ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়ত হুছেইন খানৰ আজু নাতি আছিল। তেওঁৰ সোমা খানৰ সৈতে বিবাহ সম্পন্ন হৈছিল।