ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী
১৯ প্ৰবন্ধ
-
ভীমসেন যোশী
ভীমসেন যোশী ; জন্ম ৪ ফেব্ৰুৱাৰী ১৯২২ - মৃত্যু ২৪ জানুৱাৰী ২০১১) এগৰাকী এজন বিশ্ববিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ মূলত শাস্ত্ৰীয় সংগীতৰ খেয়াল গায়ক হিচাপে বেছি পৰিচিত। ইয়াৰ উপৰি তেওঁ ভজন, থুমৰি, দাদৰাৰ দৰে শাস্ত্ৰীয় সংগীতৰ অন্যান্য ধাৰাতো জনাজাত আছিল।
-
বেগম আখটাৰ
আখটাৰীবাঈ ফৈজাবাদী জনপ্ৰিয়ভাবে বেগম আখটাৰ (Begum Akhtar, ১০ জানুৱাৰী ১৯১৪ – ৩০ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী। তেওঁক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ গজল, দাদৰা আৰু থুমৰি ধাৰাৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে গণ্য কৰা হয়। তেওঁক 'মল্লিকা-এ-গজল' বুলি অভিহিত কৰা হয়।
-
জোহৰাবাই অম্বালেৱালী
জোহৰাবাই অম্বালেৱালী ( Zohrabai Ambalewali; ১৯১৮-২১ ফেব্ৰুৱাৰী ১৯৯০) ১৯৩০ আৰু ১৯৪০ৰ দশকৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী তথা হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী আছিল।
-
শুভা মুদগল
শুভা মুদগল (Shubha Mudgal, জন্ম: ১ জানুৱাৰী ১৯৫৯) হৈছে ভাৰতীয় ধ্ৰুপদী সংগীতৰ এগৰাকী শিল্পী। তেখেতে খায়াল, থুমৰী, দাদৰা আৰু ভাৰতীয় পপ পৰিৱেশন কৰে। ২০০০ চনত তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছে।
-
আলামেলু মণি
আলামেলু মণি ( Alamelu Mani; জন্ম ৪ অক্টোবৰ ১৯৩৪) মুম্বাইৰ এগৰাকী কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ শিল্পী আৰু সংগীত শিক্ষক। ২০১৮ চনত কৰ্ণাটকী সংগীত শাখাত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ১৯৩৪ চনৰ ৪ অক্টোবৰত মহাৰাষ্ট্ৰৰ মুম্বাইত আলামেলু মণিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বৰধন এজন হাৰমনিয়াম বজোৱা লোক আছিল।
-
আৰতি অংকলীকৰ-টিকেকৰ
আৰতি অংকলীকৰ-টিকেকৰ (Arati Ankalikar-Tikekar, জন্ম: ২৭ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ লগত জড়িত আৰতিয়ে বেছিভাগ মাৰাঠী, কোংকণী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত নেপথ্য কণ্ঠশিল্পী হিচাপে জড়িত।
-
নচিকেতা চক্ৰৱৰ্তী
নচিকেতা চক্ৰৱৰ্তী (Nachiketa Chakraborty) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সংগীতকাৰ, সুৰকাৰ, গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী, যাক চমুকৈ নচিকেতা নামেৰে জনা যায়। নচিকেতা আধুনিক বাংলা গীতৰ বাবে জনাজাত। তেওঁ ১৯৯০ ৰ দশকৰ আৰম্ভণিতে তেওঁৰ প্ৰথম এলবাম “এই বেশ ভালো আছি” মুক্তিৰ পাছত জনপ্ৰিয়তা অৰ্জন কৰে।
-
বসুন্ধৰা কোমকলী
বসুন্ধৰা কোমকলী ( Vasundhara Komkali; ১৯৩১–২০১৫) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আৰু গোৱালিয়ৰ ঘৰানাৰ অন্যতম প্ৰতিপাদক আছিল, যিটো হিন্দুস্তানী সংগীতৰ এটা পুৰণি খয়াল পৰম্পৰা। তেওঁ জনপ্ৰিয়ভাৱে বসুন্ধৰা তাঈ নামেৰে পৰিচিত। তেওঁ প্ৰখ্যাত সংগীতজ্ঞ কুমাৰ গন্ধৰ্বৰ পত্নী।
-
বিন্দু মালিনী
বিন্দুমালিনী নাৰায়ণস্বামী বা চমুকৈ বিন্দু মালিনী (Bindhu Malini, ২০ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু গ্ৰাফিক ডিজাইনাৰ। ২০১৮ চনত তেওঁ কানাড়া ছবি 'নাথিচাৰামী'ত তেওঁৰ 'মাৱাভি মনৱে' গীতৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
সাৱনী ৰবীন্দ্ৰ
সাৱনী ৰবীন্দ্ৰ ঘাংগুৰ্দে ধন্দে চমুকৈ সাৱনী ৰবীন্দ্ৰ (Savani Ravindra, জন্ম ২২ জুলাই ১৯৮৯), এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ মাৰাঠী সংগীত উদ্যোগৰ লগত জড়িত। মাৰাঠীৰ লগতে তেওঁ কোংকণী আৰু তামিল ভাষাৰ গীততো কণ্ঠদান কৰিছে।
-
হীৰাবাই বৰোদেকৰ
হীৰাবাই বৰোদেকৰ ( Hirabai Barodekar; ১৯০৫–১৯৮৯) এগাৰীক ভাৰতীয় কিৰানা ঘৰানাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত কণ্ঠশিল্পী। তেওঁ ওস্তাদ আব্দুল ৱাহিদ খানৰ শিষ্যা আছিল। কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সংগীত নাটক একাডেমী বঁটা আৰু পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল।
-
ৰাজকুমাৰী ডুবে
ৰাজকুমাৰী ডুবে ( Rajkumari Dubey; ১৯২৪-২০০০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। ৰাজকুমাৰী নামেৰে প্ৰখ্যাত, হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত কণ্ঠশিল্পীগৰাকীৰ সঙ্গীত জীৱনৰ দৈৰ্ঘ্য প্ৰায় চাৰি দশক যদিও ১৯৩০ আৰু ১৯৪০ৰ দশক দুটা তেওঁৰ বাবে উজ্জ্বলতৰ সময়।
-
উত্তৰা উন্নিকৃষ্ণন
উত্তৰা উন্নিকৃষ্ণন (Uthara Unnikrishnan, জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ এ এল বিজয়ৰ দ্বাৰা পৰিচালিত এক পাৰিবাৰিক ২০১৪ চনৰ তামিল ছবি 'শৈৱম'ৰ "আঝাগু" (সৌন্দৰ্য) গীতত কণ্ঠদানৰ বাবে ২০১৫ চনৰ ৬২ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা…
-
কলাপিনী কোমকলী
কলাপিনী কোমকলী ( Kalapini Komkali ) মধ্যপ্ৰদেশৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী কলাপিনী কোমকলি। ২০২৩ চনত হিন্দুস্তানী কণ্ঠত সংগীত নাটক অকাডেমি বঁটা লাভ কৰে।
-
মালবিকা কানন
মালবিকা কানন ( Malabika Kanan; ২৭ ডিচেম্বৰ ১৯৩০ – ১৭ ফেব্ৰুৱাৰী ২০০৯) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী। কাননে ১৯৯৫ চনত আই টি কে সংগীত গৱেষণা একাডেমী বঁটা আৰু ১৯৯৯-২০০০ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
-
শান্তি হীৰানন্দ
শান্তি হীৰানন্দ ( Shanti Hiranand; ১৯৩২ – ১০ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, শাস্ত্ৰীয় সংগীতজ্ঞ আৰু লেখিকা। এগৰাকী গজল গায়িকা হিচাপে থকা প্ৰতিভাৰ বাবে তেওঁ পৰিচিত। প্ৰসিদ্ধ গজল গায়িকা বেগম আখতাৰৰ জীৱনীমূলক গ্ৰন্থ ‘বেগম আখতাৰঃ দ্য ষ্টোৰী অফ মাই আম্মী’ গ্ৰন্থৰ লেখিকা।
-
সুমিত্ৰা গুহ
বিদুষী সুমিত্ৰা গুহ (জন্ম:সুমিত্ৰা ৰাজু; Vidushi Sumitra Guha ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী, কৰ্ণাটকী আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত থকা তেওঁৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত। ভাৰত চৰকাৰে ২০১০ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী আৰু ২০২০ চনত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰে।
-
সৰস্বতী ৰানে
সৰস্বতী ৰানে ( Saraswati Rane; ৪ অক্টোবৰ, ১৯১৩ - ১০ অক্টোবৰ, ২০০৬) হিন্দুস্তানী শাস্ত্ৰীয় ধাৰাৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ কিৰানা ঘৰাৰ প্ৰতিষ্ঠাপক ওস্তাদ আব্দুল কৰিম খানৰ কন্যা। তেওঁৰ পৰিয়ালৰ দীঘলীয়া আৰু মহান সংগীতৰ পৰম্পৰা আছিল।
-
ৰছিদ খান (সংগীতজ্ঞ)
ৰছিদ খান (Rashid Khan; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। তেওঁ ৰামপুৰ-সহস্বান ঘৰানাৰ অন্তৰ্গত আছিল আৰু এই ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়ত হুছেইন খানৰ আজু নাতি আছিল। তেওঁৰ সোমা খানৰ সৈতে বিবাহ সম্পন্ন হৈছিল।