এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৮৮৮ - বেলজিয়ামৰ স্পাত প্ৰথম আধুনিক সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
- ১৮৯৩ - নিউজিলেণ্ড সকলো মহিলাক ভোটাধিকাৰ প্ৰদান কৰা বিশ্বৰ প্ৰথমখন দেশ হয়। ১
- ১৯৬০ - সিন্ধু পানী চুক্তি (Indus Waters Treaty) ভাৰত আৰু পাকিস্থানৰ মাজত স্বাক্ষৰিত হৈছিল।
- ১৯৮৩ - ভাৰতৰ প্ৰথম যোগাযোগ উপগ্ৰহ এপ'ল (APPLE) দুবছৰৰ পিছত বন্ধ হৈ যায়।
- ১৯৮৫ - মেক্সিকোত ৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। প্ৰায় ৫০০০ৰ পৰা ৪৫০০০ মানুহ নিহত হৈছিল বুলি ধাৰণা কৰা হয়। চৰকাৰী সূত্ৰমতে ৫০০০ বুলি কোৱা হৈছিল।
- ২০০০ - কৰ্ণম মালেশ্বৰীে (Karnam Malleswari) অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত অলিম্পিক খেলত তেওঁ ৬৯ কেজি শাখাৰ ভাৰোত্তলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিগণিত হয়।
জন্ম
- ৮৬ - এণ্টনিয়াছ পিয়াছ (Antoninus Pius), ৰোমৰ পঞ্চদশ সম্ৰাট।
- ১৭৪৯ - জ্য়াঁ বেপষ্টিটে জোছেফ ডেলামব্ৰে (Jean Baptiste Joseph Delambre), ফৰাচী গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ।
- ১৯১১ - ৱিলিয়াম গ'ল্ডিং (William Golding), ন'বেল জয়ী ইংৰাজী ভাষাৰ ঔপন্যাসিক।
- ১৯৩০ - ইন্দ্ৰাণী ৰহমান, ভাৰতনাট্যম, কুচিপুড়ি, কথাকলি আৰু ওদিছিৰ এগৰাকী ভাৰতীয় নৃত্যশিল্পী।
- ১৯৫৮ - লাকী আলী, ভাৰতীয় গায়ক।
- ১৯৬৫ - সুনীতা উইলিয়ামছ, মহাকাশত সৰ্বাধিক সময় কটোৱা মহিলা মহাকাশচাৰী।
- ১৯৭৯ - ৰবি শৰ্মা, অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা।
মৃত্যু
- ১৮৪৩ - গেছপাৰ্ড-গুস্তাভ ডি কৰিঅ'লিছ (Gaspard-Gustave de Coriolis), ফৰাচী গণিতজ্ঞ, অভিযন্তা আৰু বিজ্ঞানী। কৰিঅ'লিছ বলৰ (Coriolis force) আৱিষ্কাৰক।
- ১৮৮১ - জেমছ গাৰ্ফীল্ড (James Garfield), আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ১৯৩৫ - কনষ্টেণ্টিন চিঅ'লকভস্কি (Konstantin Tsiolkovsky), ৰাছিয়াৰ ৰকেট বিজ্ঞানী।
- ১৯৩৬ - বিষ্ণু নাৰায়ণ ভাতখাণ্ডে, ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা।
- ২০০৪ - দময়ন্তী যোশী, কথক নৃত্য শৈলীৰ এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।
- ২০১৭ - জেক লাম'টা বা দা ৰেগিং বুল (Jake LaMotta), আমেৰিকাৰ বক্সিং খেলুৱৈ।
- ২০২১ - নিলয় দত্ত, অসমৰ এগৰাকী বিশিষ্ট আইনজীৱী, মানৱধিকাৰ কৰ্মী,জাতীয়তাবাদী, আন্তৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰ, ক্ৰীড়া সংগঠক। তেওঁৰ জন্ম হৈছিল গুৱাহাটী।
- ২০২৫ চন - জুবিন গাৰ্গ, অসমৰ হাৰ্টথ্ৰৱ, ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা।২৩
দিৱস
- সশস্ত্ৰ বাহিনী দিৱস (চিলি)।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Women and the vote. New Zealand History
- ↑ (19 September 2025). Zubeen Garg, ‘Ya Ali’ singer from film Gangster, dies in scuba diving accident in Singapore. The Tribune
- ↑ (19 September 2025). Indian singer Zubeen Garg dies after tragic scuba dive in Singapore. Prothom Alo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৬৭২৬০ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।